নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ককা–আইতাৰ গীত–নৃত্যৰে জীপাল দৰঙৰ বিহুতলীঃ চপাই আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ প্রশংসনীয় পদক্ষেপ

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ জ্যেষ্ঠজনক সন্মান জনাই বিহুৰ পৰম্পৰা নৱপ্রজন্মৰ সন্মুখত দাঙি ধৰা হয় দৰঙৰ চপাইত৷ লক্ষণীয় যে দৰঙৰ চপাই যুৱ কল্যাণ কেন্দ্রৰ উদ্যোগত অনুষ্ঠিত চপাই আঞ্চলিক ৰঙালী বিহু উদ্যাপন সমিতিয়ে আজি অঞ্চলটোৰ তিনি কুৰিৰো অধিক ৭০ বছৰ ঊর্ধ্বৰ ককা–আইতাক বিহুতলীলৈ আদৰি আনি চৰণ ধুৱাই সম্ভাষণ জনায়৷ ভকতপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক লক্ষীকান্ত শর্মা, দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি অন্তিৰাম ডেকা আৰু সমাজসেৱী গণেশ দত্তই আঁত ধৰা এই ব্যতিক্রমী অনুষ্ঠানত নিজৰ দেহৰ বেমাৰ–আজাৰ, মনৰ দুখ–বেদনা ক্ষণিকৰ বাবে পাহৰি ককা–আইতাসকল আনন্দত হৈ পৰে আত্মবিভোৰ৷ শৰৎ চন্দ্র শর্মাই এটি গীত পৰিৱেশন কৰি শুভ উদ্বোধন কৰা এই অনুষ্ঠানত পাহেশ্বৰী বৰুৱাৰ দলে আইনাম, থানেশ্বৰী ডেকাই শিশু ওমলা গীত আৰু বিয়াগীত, নির্মল চন্দ্র ডেকা আৰু অন্তিৰাম ডেকাই খুলীয়া ভাউৰীয়াৰ বচন, শোভন চন্দ্র ডেকাই জতায়ুৰ অভিনয়, ভাবীৰাম ডেকা দলে চিয়াগীত, দেৱযানী ডেকাই ঘোষা, মাকন ডেকাই বিহুগীত, পতিৰাম ডেকাই দেহ বিচাৰৰ গীত, শশীপ্রভা বৰুৱাই আইনাম, বিপিন ডেকাই ভাউৰীয়াৰ বহুৱা গীত পৰিবেশন কৰাৰ লগতে লম্বু ডেকা, বিপিন ডেকাই ঢ়েপা ঢুলীয়াৰ সম্পর্কত আৰু জীৱন চন্দ্র ডেকাই চপাই বিহুৰ ইতিহাস সম্পর্কত চমু বক্তব্য প্রদান কৰে৷ নগাঁৱৰ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ বিজয় কুমাৰ শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থকা এই অনুষ্ঠানত নৱপ্রজন্মৰ শিল্পী ৰাজীৱ কুমাৰ নাথ, খঞ্জন ডেকাৰ সহযোগত ককা–আইতাসকলে কঁকাল ঘূৰাই ঘূৰাই বিহু নৃত্য পৰিৱেশন কৰি প্রমাণ দিলে ৰঙালী বিহু বুলিলে বয়সে নিৰন্তৰ হাৰ মানে৷

প্ৰেৰক দিগন্ত কুমাৰ শৰ্মা

You might also like