নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ ” আঁচনিৰ অধীনত নগাঁও জিলাত ৰূপায়ণ হৈ থকা আঁচনিসমূহ আজি পৰিদৰ্শন কৰে টাইৱানৰ প্ৰতিনিধি দলে

বিশেষ বাৰ্তা ২৪ এপ্ৰিল : বিশ্ব বেংকৰ সাহায্যত “অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ ” (এপাৰ্ট) আঁচনিৰ অধীনত নগাঁও জিলাত ৰূপায়ণ হৈ থকা আঁচনিসমূহ আজি পৰিদৰ্শন কৰে বিশ্ব শাক পাচলি কেন্দ্ৰ, টাইৱানৰ এটা প্ৰতিনিধি দলে।টাইৱানৰ জেষ্ঠ উদ্যান শস্যবিদ ড০ পাওলা কাৰডনা আৰু পতংগ বিদ ড০ চোপানা ইয়লে জিলা খনৰ ডাকৰঘাটৰ উদ্যমী কৃষক পলাশ প্ৰকাশ শইকীয়াৰ পথাৰত “আত্মা”ৰ দ্বাৰা ৰূপায়ণ কৰি থকা প্ৰদৰ্শনমূলক ৰঙালাউ খেতি, কাৱৈমাৰীৰ নীলোৎপল গোস্বামীৰ নাৰ্চাৰী, শেনছোৱাৰ মিঠু শৰ্মাৰ নাৰ্চাৰী ও কেঁচুসাৰ উৎপাদন গোট পৰিদৰ্শন কৰাৰ লগতে তেওঁলোকৰ লগত মত বিনিময় কৰে। জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই জিলাখনৰ বিভিন্ন স্থানত বৰ্তমান হৈ থকা শাক পাচলিৰ মাটি কালি, উৎপাদন ও বিপননৰ বিষয়ে দলটোক চমু আভাস দাঙি ধৰে।প্ৰতিনিধি দলটোক সংগ দিয়ে নগাঁৱৰ উদ্যান শস্য সমন্বয়ক পংকজ হাজৰিকা আৰু বিশ্ব শাক পাচলি সমন্বয়ক সুদীপ্ত দাসে। উল্লেখ্য যে এপাৰ্টৰ আচনি কৃষি বিভাগৰ লগতে আন কেবাটাও বিভাগে ৰূপায়ণ কৰি আছে। বিশ্ব শাখ পাচলি কেন্দ্ৰ, টাইৱান,আন্তৰ্জাতিক ধান গবেষণা কেন্দ্ৰ, আন্তৰাষ্ট্ৰীয় আলু কেন্দ্ৰ, পেৰু আদি বহু কেইটা আন্তৰাষ্ট্ৰীয় গৱেষণা প্ৰতিস্থানে এই আচনি সফল ৰূপায়ণৰ বাবে কাৰিকৰী দিহা পৰামৰ্শ দিয়াৰ লগতে ন-ন প্ৰযুক্তিৰ দ্বাৰা অসমৰ কৃষকৰ শস্যৰ উৎপাদন বৃদ্ধি ও অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ পদক্ষেপ গ্ৰহণ কৰিছে।সুষম মাত্ৰাত ৰাসায়নিক সাৰ-কীটনাশক দৰৱ আদি প্ৰয়োগ কৰি উন্নত পদ্ধতিৰে কবি, বেঙেনা, ৰঙালাউ আদিৰ প্ৰদৰ্শনমূলক খেতিৰ দ্বাৰা উপকৃত হোৱাত গুৰুত্ব দি আহিছে।

প্ৰেৰক কনক হাজৰিকা

You might also like