নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ ৭ মাহ পূর্বেই ব্রাজিল–আর্জেণ্টিনাৰ শীতল যুদ্ধ আৰম্ভ

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ সাত মাহ পিছত কাটাৰত অনুষ্ঠিত হ’ব বিশ্বকাপ ফুটবল প্রতিযোগিতা৷ ফুটবলৰ এই মহাৰণত মুখামুখি হ’ব বিশ্বৰ অন্যতম শ্রেষ্ঠ দেশ ব্রাজিল আৰু আর্জেণ্টিনা৷ এই মেচখনৰ বাবে অধীৰ আগ্রহেৰে অপেক্ষা কৰিছে সমগ্র ফুটবল বিশ্বই৷ কিন্তু খেলপথাৰত নমাৰ পূর্বেই খেলপথাৰৰ বাহিৰত আৰম্ভ হৈছে দুয়োখন দেশৰ শীতল যুদ্ধ৷ ব্রাজিলৰ বিৰুদ্ধে বিশ্বকাপৰ যোগ্যতা অর্জন পর্বৰ বাতিল হৈ যোৱা মেচ খেলিবলৈ অসন্মত হৈছে আর্জেণ্টিনা৷ ফিফাই জনোৱা মতে, লেটিন আমেৰিকাৰ এই দেশ দুখন মুখামুখি হ’ব অহা ২২ ছেপ্ঢেম্বৰত৷ কিন্তু সেই মেচ খেলিবলৈ ৰাজি নহয় লি’নেল মেছিৰ দেশ৷ উল্লেখ্য যে ব্রাজিলৰ বিৰুদ্ধে যোগ্যতা অর্জনৰ মেচত নামিছিল আর্জেণ্টিনা৷

২০২১ চনত অনুষ্ঠিত সেই মেচখন পাঁচ মিনিটৰ ভিতৰতে বাতিল কৰি দিয়া হৈছিল৷ ব্রাজিলৰ স্বাস্থ্যকর্মীসকলে অভিযোগ কৰিছিল যে আর্জেণ্টিনাৰ ফুটবলাৰসকলে ক’ভিড সম্পর্কীয় যথাযথ তথ্য দিয়া নাছিল৷ সেইবাবে খেল আৰম্ভ হোৱাৰ পাঁচ মিনিট পিছতে খেলপথাৰ এৰিবলৈ বাধ্য হৈছিল মেছিৰ দল৷ আর্জেণ্টিনাৰ সংবাদ মাধ্যমত দেশখনৰ ফুটবল সংস্থাৰ এগৰাকী উপদেষ্টা আণ্ড্রেছ উৰিখে কয়– ‘আমি ভাবোঁ যে মেচখন পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত সঠিক হোৱা নাই৷ কিয়নো আর্জেণ্টিনাৰ বাবে মেচখন বাতিল হোৱা নাছিল৷ আমি নিজৰ স্থানত ঠিকেই আছিলোঁ৷ সেইবাবে আমি এই সিদ্ধান্তৰ বাবে ক্রীড়া আদালতৰ ওচৰ চাপিম৷’ উল্লেখ্য যে সীমান্তত ভুল তথ্য দিয়াৰ অভিযোগ উত্থাপন হৈছিল আর্জেণ্টিনাৰ ফুটবলাৰৰ বিৰুদ্ধে৷ তেওঁলোকে ব্রাজিলত উপস্থিত হোৱাৰ দুসপ্তাহ পূর্বে ইংলেণ্ড, দক্ষিণ আফ্রিকা অথবা ভাৰতত আছিল নেকি, সেয়া জনোৱা নাছিল বুলি অভিযোগ উঠিছিল৷ অৱশ্যে দুয়োটা দলে ইতিমধ্যে বিশ্বকাপলৈ যোগ্যতা অর্জন কৰিছে৷ সেইবাবে এই মেচখনৰ ফলাফলক লৈ দেশ দুখন আগ্রহী নহয়৷

You might also like