নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিমান লক্ষ কোটিত টুইটাৰ কিনিলে বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তিজনে, জানেনে

বিশেষ বাৰ্তা, ২৬ এপ্ৰিলঃ মাইক্র’ব্লগিং ছাইট টুইটাৰৰ ১০০ শতাংশ মালিক হ’ল বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি এলোন মাস্ক। ৪৪০০ হাজাৰ কোটি ডলাৰ বা প্রায় ৩ লাখ ৩৭ হাজাৰ কোটি টকাত তেওঁ কিনিলে টুইটাৰ। সোমবাৰে এই সংক্রান্তীয় চুক্তি হৈছে। টুইটাৰৰ প্রতি শ্বেয়াৰৰ দামৰ বাবদ মাস্কে দিছে ৫৪.২০ ডলাৰ বা ৪১৫০.১২ টকাকৈ। কেইসপ্তাহ আগতেই মাস্কে প্রস্তাব দিছিল টুইটাৰ কিনাৰ। তেওঁ কৈছিল টুইটাৰত বিৰাট সম্ভাৱনা আছে। সেই সম্ভাবনা বাস্তৱায়িত কৰিব বিচাৰে তেওঁ। টুইটাৰৰ চিইঅ’ পৰাগ আগৰৱালে কৈছে- টুইটাৰ বোর্ডে বহু ভাবি চিন্তি সংস্থাটো ইলোন মাস্কৰ হাতত বিক্ৰী কৰি দিয়াৰ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত কোম্পানীৰ আর্থিক অৱস্থা ভাল হ’ব। এপ্রিলৰ আৰম্ভণিতে টুইটাৰৰ ৯.২ শতাংশ শ্বেয়াৰ কিনিছিল মাস্কে। তেতিয়া তেওঁ হৈ উঠিছিল কোম্পানীৰ দ্বিতীয় বৃহত্তম অংশীদাৰ।

You might also like