নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংবাদ মাধ্যমৰ লগতে সাংবাদিকসকলেও স্বাধীনতা পাব লাগিবঃ মৰিয়নি মহাবিদ্যালয়ত বিশ্ব সংবাদ মাধ্যম স্বাধীনতা দিৱস উদযাপন

বিশেষ বাৰ্তা, ৩ মেঃ ‘সংবাদ মাধ্যমৰ স্বাধীনতা মানেই সাংবাদিকসকলৰ স্বাধীনতা নহয় । সংবাদ মাধ্যমৰ স্বাধীনতাৰ লগে লগে সাংবাদিকসকলেও স্বাধীনতা পাব লাগিব ।’ বিশ্ব সংবাদমাধ্যম স্বাধীনতা দিৱস উপলক্ষ্যে আজি মৰিয়নি মহাবিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত এইদৰে কয় মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মঞ্জুলা বৰঠাকুৰে । তেওঁ লগতে সাংবাদিকসকলৰ ত্যাগক সন্মান জনাই কয়- সাংবাদিকসকলৰ ত্যাগ, সততা আৰু সৎ সাহসেই একো একোজন সাংবাদিকক বিশিষ্টৰ শাৰীলৈ লৈ যায় । প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ উদ্ধৃতি দি তেওঁ কয়- সংবাদকৰ্মীসকলে প্ৰতি মুহূৰ্ততে জীৱনটো হাতৰ মুঠিত লৈ থাকিব লগীয়া হয় । আনহাতে, এজন সাংবাদিকে তেওঁৰ লিখনিৰ যোগেদি একো-একোটা অঞ্চলৰ পৰিৱৰ্তন সাধিব পাৰে বুলিও তেওঁ লগতে মন্তব্য কৰে । উল্লেখযোগ্য যে, মৰিয়নি মহাবিদ্যালয়ৰ শিক্ষাতত্ব আৰু অৰ্থনীতি বিভাগৰ যুটীয়া উদ্যোগত আজি বিশ্ব সংবাদমাধ্যম স্বাধীনতা দিৱস উদযাপন কৰা হয় । এই উপলক্ষ্যে মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী অধ্যাপক তথা অৰ্থনীতি বিভাগৰ অধ্যাপক ধ্ৰুৱজ্যোতি নেওগে । অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপিকা অৰূপাঞ্জলি বৰাই আঁ‌ত ধৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষা বিভাগৰ সহকাৰী অধ্যাপিকা পল্লৱী কলিতাই । সভাখনতেই মৰিয়নিৰ জ্যেষ্ঠ সংবাদকৰ্মী, মৰিয়নি ই – মেডিয়া সন্থাৰ সভাপতি চক্ৰসেন গগৈ, সম্পাদক প্ৰাঞ্জল পাওগামৰ লগতে দিব্যজ্যোতি শইকীয়াকো সম্বৰ্ধনা জনোৱা হয় । তিনিও সংবাদকৰ্মীক গামোচা, সম্বৰ্ধনা পত্ৰৰ লগতে একোটিকৈ গছ পুলি উপহাৰ দিয়া হয় । উল্লেখযোগ্য যে, সম্বৰ্ধনা জনোৱা তিনিও গৰাকী সংবাদকৰ্মী মৰিয়নি মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰৰ লগতে আটাইকেইগৰাকী ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল । সম্বৰ্ধনা গ্ৰহণ কৰি জ্যেষ্ঠ সংবাদকৰ্মী তথা ডি ৱাই ৩৬৫ ৰ সাংবাদিক চক্ৰসেন গগৈয়ে নিজে অধ্যয়ন কৰা শিক্ষানুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰাৰ আনন্দ সদায়েই সুকীয়া বুলি উল্লেখ কৰে । তেওঁ সংবাদ মাধ্যমৰ বিভিন্ন দিশৰ সম্পৰ্কেও বক্তব্য প্ৰদান কৰে । তেওঁ যুৱ প্ৰজন্মক সংবাদ সেৱাৰ প্ৰতি আগ্ৰহী হোৱাৰ লগতে নিষ্ঠা আৰু সততাৰে কাম কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । আনহাতে, আন এগৰাকী জ্যেষ্ঠ সংবাদকৰ্মী তথা নিউজ লাইভৰ সাংবাদিক প্ৰাঞ্জল পাওগামে সংবাদকৰ্মী সকলে প্ৰকৃত স্বাধীনতা আজিও লাভ কৰা নাই বুলি উল্লেখ কৰি কয় – একোটা বাতৰি প্ৰতিষ্ঠানৰ মালিকৰ ইচ্ছা – অনিচ্ছাৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰে । বিভিন্ন বিষয়ৰ উদ্ধৃতি দি প্ৰাঞ্জল পাওগামে বাতৰি কাকত অথবা নিউজ চেনেলৰ মালিকৰ হাতোৰাৰ পৰা যিদিনাই সাংবাদিকসকল মুক্ত হ’ব পাৰিব সেইদিনাই প্ৰকৃততে সাংবাদিকসকলে স্বাধীনতা লাভ কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে । সভাখনত দিব্যজ্যোতি শইকীয়ায়ো বক্তব্য প্ৰদান কৰে । তিনিওগৰাকী সংবাদকৰ্মীয়ে ছাত্ৰ ছাত্ৰীৰ বিভিন্ন প্ৰশ্নৰো উত্তৰ দিয়ে । অনুষ্ঠানটোত শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা অৰ্চনা শইকীয়াই স্বৰচিত কবিতা পাঠ কৰাৰ লগতে এটি গীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । আনহাতে, ছাত্ৰী শিল্পা দত্তৰ ৰবীন্দ্ৰ সংগীত আৰু ছাত্ৰ ভাস্কৰ ৰাজকুমাৰৰ গীত পৰিবেশনে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে । সহকাৰী অধ্যাপিকা পল্লৱী কলিতাই শলাগৰ শৰাই আগবঢ়োৱা সভাখনত জ্যেষ্ঠা অধ্যাপিকা মিনতি বৰঠাকুৰ, অধ্যাপক গৌতম দেৱ, বিকাশ দত্ত, ডেভিড হাফলংবাৰ, উদেষ্ণা টাই, কৰুণা কলিতা, কাঞ্চনা দাস, মনালিছা বৰঠাকুৰ, চিন্ময়ী বৰপূজাৰী, মৈত্ৰেয়ী বৰঠাকুৰ, উত্তম মিলি, ৰুবুল শইকীয়া আদিৰ লগতে বহুসংখ্যক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like