নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া ফিনবিৰ’ত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৩ মেঃ সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলৰ পৰা বিগত দিনকেইটাত আলফা স্বাধীনত বিভিন্ন প্ৰান্তৰ যুৱকে যোগদান কৰাৰ বাতৰিয়ে তোলপাৰ লগাই থকাৰ সময়তে এইবাৰ বৃহৎ পৰিমাণাৰ মাৰণাস্ত্ৰ উদ্ধাৰ হৈছে অসম-অৰুণাচল প্ৰদেশৰ সীমামুৰীয়া ফিনবিৰ’ত। উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলসমূহত ভাৰতীয় সেনাৰ লগতে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে অব্যাহত ৰাখিছে উগ্ৰপন্থী বিৰোধী তীব্ৰ অভিযান। যোৱা দুদিন ধৰি মাৰ্ঘেৰিটা মহকুমা লেখাপানীস্থিত ভাৰতীয় সেনা আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ এটা দলে যৌথ ভাবে অৰুণাচল প্ৰদেশৰ মানমৌ আৰক্ষী থানাৰ অন্তৰ্গত ফিনবিৰ’ৰ গভীৰ অৰণ্যত সেনাৰ এক বিশেষ সূত্ৰ পম খেদি উগ্ৰপন্থী বিৰোধী অভিযান চলায়। এই অভিযানত কালত ফিনবিৰ’ অৰণ্যৰ পৰা বৃহত পৰিমাণৰ অস্ত্র-শস্ত্রৰ লগতে বহু পৰিমাণৰ বিস্ফোৰক সমগ্রী উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা অস্ত্র-শস্ত্র সমূহৰ ভিতৰত আছে এটা এ কে ৫৬ ৰাইফল, চাৰি জাঁ‌ই সজীৱ গুলি, দুটা চিংগেল শ্বট গান, এটা পিষ্টল, এটা মেগজিন, ৩ জাঁ‌ই সজীৱ গুলি, ৪৫০ গ্রাম বিস্ফোৰক সমগ্রী, লগতে ৪০ গ্রাম নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰে। অভিযান কালত এন এচ চি এন (কেৱাই এ)ৰ চাৰজেন্ট কৰ্ণেল মাকাম হাচেঙৰ উপস্থিতিত বহু চোৰাংচোৱা তথ্য লাভ কৰিছিল আৰু এই তথ্য লাভৰ পাছত ফিনবিৰ’ৰ গভীৰ অৰণ্য মাজত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ লগতে বিস্ফোৰক সমগ্রী। উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ সেনাই অৰুনাচল প্ৰদেশৰ মানমৌ আৰক্ষীক গতাই দিয়ে। ভাৰতীয় সেনা আৰু অৰুণাচল আৰক্ষীয়ে বৰ্তমানেও উক্ত অঞ্চলত উগ্ৰপন্থী বিৰোধী অভিযান অব্যাহত ৰাখিছে।
প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like