পুনৰ বন্ধ হল এখন ৰ – পেক্সঃ অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ল এম ভি ৰাণী : কনিষ্ঠ অভিযন্তাৰ তৎপৰতাত আজি পুৱা ফেৰীৰ সমস্যা সমাধান
নিয়মীয়া বাৰ্তা, ৫ মেঃ পুনৰ অনিৰ্দিষ্ট দিনলৈ বন্ধ হ’ল আফলামুখ নিমাতী পাৰঘাটত চলাচল কৰা এম ভি ৰাণী নামৰ ৰ পেক্স জাহাজ খন । জাহাজ খনৰ এটা ইঞ্জিনৰ পপেলাৰ চিষ্টেম বিকল হৈ পৰাত আজি পুৱা আঠ বজাত যাত্ৰা কৰিব লগা জাহাজ খনৰ যাতায়ত বন্ধ হৈ পৰে । পুৱা জাহাজ খনত যাব লগা আঠ খন গাড়ী, পঞ্চাশ খনৰো অধিক মটৰ চাইকেল আৰু প্ৰায় এশ আশী গৰাকী যাত্ৰীয়ে অনলাইন টিকট কৰি সময়মতে পাৰঘাটত উপস্থিত হৈছিল। কিন্তু জাহাজ বন্ধ ৰাখিব লাগে হোৱা পৰিস্থিতিত বিভাগীয় পবিত্ৰ হাজৰিকা নামৰ কনিষ্ঠ অভিযন্ত্রা গৰাকীয়ে অতি তৎপৰতাৰে অন্য দুখন ফেৰীৰ জৰিয়তে যাত্ৰী সকলক সুকলমে যোৰহাটলৈ যাব পৰা ব্যৱস্থা কৰি দিয়াত যাত্ৰী সকল কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহল বুলি জানিব পৰা গৈছে । বিগত সময়ত জাহাজ বিকল হলে পাৰঘটত হোৱা যাত্ৰীৰ হাৰাশাস্তি ৰ বিপৰীতে আজিৰ বিভাগীয় কনিষ্ঠ অভিযন্তা গৰাকীয়ে তৎপৰতাক শলাগ লৈছে যাত্ৰী সকলে । আজি পুৱা এম ভি পদ্মা আৰু এছ বি চেনিমাই নামৰ দুখন ফেৰীৰে বন্ধ হোৱা জাহাজ খনৰ যাত্ৰীৰ সমস্যা দূৰ কৰে যদিও বিকল জাহাজ খনৰ মেৰামতিৰ বাবে অসমৰ কৰ্মচাৰীৰ দ্বাৰা সম্ভৱ নোহোৱাত অসমৰ বাহিৰৰ পৰা কৰ্মচাৰী আনিব লাগিব বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত অনিৰ্দিষ্ট হৈ পৰা জাহাজ খন পুনৰ ফুলদানিহে হবনেকি বুলি ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হৈছে ? যিহেতু বিগত সময়ত এনেদৰে জাহাজ বেয়া হোৱাৰ পাছত মেৰামতিৰ নামত মাহৰ পাছত মাহ নিমাটি ঘাটত ফুলদানী হৈ পৰি ৰৈছিল বিকল জাহাজ । সম্প্ৰতি নিমাটি আফলামুখৰ মাজত এখন জাহাজ চলাচল কৰিব যদিও ব্যস্ত পাৰঘটোত গুটিয়া নাৱেই ৰাইজৰ শেষ ভৰসা হৈ পৰিব । বিকল জাহাজ শীঘ্ৰে মেৰামতি কৰাৰ লগতে জাহাজ খন চলাচল নকৰা পৰ্যন্ত পৰ্যাপ্ত ফেৰীৰ সুবিধা প্ৰদান কৰিবলৈও ৰাইজে দাবী জনাইছে । আনহাতে জানিব পৰা মতে ভাল হৈ থকা একমাত্ৰ ৰ-পেস্ক জাহাজ খন পুৱা আঠ বজাত নিমাটিৰ পৰা আহি দহ বজাতহে আফলামুখৰ পৰা নিমাটিলৈ যাব । এনে হলে পুৱাৰ ভাগত হোৱা যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যাপ্ত ফেৰী চলাচলৰ ব্যৱস্থা কৰিব লাগিব বুলি সচেতন মহলে মন্তব্য কৰিছে ৷ ইফালে কমলাবাৰী আৰু অফলামুখ ফেৰি ঘাটত ৭ জনকৈ অভিযন্তা আছে যদিও এই আটাইকেইজনৰ ভিতৰত অফলামুখৰ ফেৰিৰ সমস্যা সমাধানত কনিষ্ঠ অভিযন্তা প্ৰবিত্ৰ হাজৰিকা মেনেজ মাস্তাৰ হৈ পৰাৰ বাবেই মাজুলী জিলা উপায়ুক্তৰো এক মাত্ৰ আস্থাভাজন অভিযন্তা হৈ পৰা বুলি জলপৰিবহণ বিভাগৰ এক বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড