বাসুগাঁৱত সাগ্নিক সাহিত্য-সাংস্কৃতিক সংস্থাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তী উদযাপন
নিয়মীয়া বাৰ্তা, ৯ মে : সমগ্ৰ দেশৰ লগতে আজি অসমৰ বিভিন্ন প্ৰান্তত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬২ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হৈছে ।চিৰাঙৰ বাসুগাঁও চহৰতো আজি সাগ্নিক সাহিত্য আৰু সাংস্কৃতিক সংস্থাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬২ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয় । পুৱা সাগ্নিক কাৰ্যালয় প্ৰাঙ্গণত ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সাগ্নিক সাহিত্য আৰু সাংস্কৃতিক সংস্থাৰ উপদেষ্টা প্ৰদীপ দত্ত আৰু বন্তি প্ৰজ্বলন কৰে আন এগৰাকী উপদেষ্টা তথা বাসুগাঁও নেতাজী সুভাষ বিদ্যানিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধক্ষ্য স্বপন কুমাৰ বিশ্বাস । তাৰ পিছত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু সমাজৰ বিভিন্ন বৰ্গৰ লোকৰ উপস্থিতিত এক সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই সমগ্ৰ বাসুগাঁও চহৰ পৰিভ্ৰমণ কৰি বাসুগাঁও কালীবাড়ী প্ৰাঙ্গণত সামৰণি পেলায় । তাৰ পিছত বাসুগাঁও কালীবাড়ী প্ৰাঙ্গণত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ।অনুষ্ঠানটিত কবিতা পাঠ কৰে সুভাষ লোধ ৰায়, বাপ্পী দে, সাধন চক্ৰৱৰ্তীৰ উপৰি ৰবীন্দ্ৰ সংগীত পৰিবেশন কৰে মৃদুল দাস, গৌতম সাহা, পিযুজ বৰ্মন, বেণু চেৰ্টাজী আদিয়ে । তবলাত সংগত কৰে বিশিষ্ট তবলা বাদক তথা শিক্ষক প্ৰদ্যোৎ গোস্বামী আৰু বিভাস দাস । আজিৰ সাংস্কৃতিক অনুষ্ঠানত স্থানীয় শিল্পী সকলে ৰবীন্দ্ৰ কবিতা আবৃত্তি, ৰবীন্দ্ৰ সংগীত পৰিবেশন কৰি উপস্থিত দৰ্শকসকলক মন মুহিবলৈ সক্ষম হয় ।কাৰ্যসূচী সফল ভাৱে ৰূপায়ণ হোৱাত সন্তোষ প্ৰকাশ কৰে সাগ্নিক সাহিত্য, সাংস্কৃতিক সংস্থাৰ সভাপতি প্ৰবীৰ বৰ্মনে ।
প্ৰেৰক ভৃগু মুনি ৰায়