নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ ছুইজাৰলেণ্ডৰ ডাভোছ চহৰত অনুষ্ঠিত বিশ্ব অর্থনৈতিক ফ’ৰামৰ সন্মিলনত অংশগ্রহণ কৰি আমেৰিকাৰ জনহিতৈষী ধনকুবেৰ জর্জ ছ’ৰোছে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক ক্ষুৰধাৰ সমালোচনা কৰিছে ৷ ভাৰতত মোদীৰ আমোলত ৰাষ্ট্রীয়তাবাদে চৰম হতাশা কঢ়িয়াই অনা বুলি উল্লেখ কৰিছে মার্কিন বিলিয়নেয়াৰগৰাকীয়ে ৷ ছ’ৰোছৰ মতে গণতান্ত্রিকভাৱে নির্বাচিত নৰেন্দ্র মোদীয়ে ভাৰতত সৃষ্টি কৰি আছে হিন্দু ৰাষ্ট্রীয়তাবাদ ৷ অর্থাৎ হিন্দু ৰাষ্ট্রীয়তাবাদী দেশ হিচাপে গঢ়িবলৈ আগবাঢ়িছে মোদী৷ ইফালে কাশ্মীৰত দণ্ডমূলক ব্যৱস্থা গ্রহণ কৰি মুছলমান লোকসকলৰ জীৱনলৈ আশংকা নমাই অনা বুলিও মন্তব্য কৰিছে ছ’ৰোছে ৷ মার্কিন ধনকুবেৰগৰাকীৰ মতে মোদীয়ে কেইবানিযুত মুছলমান লোকৰ নাগৰিকত্ব হৰণ কৰিবলৈ উঠিপৰি লাগিছে ৷ অর্থাৎ মুছলমান লোকসকলৰ নাগৰিকত্বলৈ ভাৰতত মোদীৰ আমোলত ভাবুকি আহি পৰা বুলিও উল্লেখ কৰিছে নেতাগৰাকীয়ে ৷ বিভিন্ন কল্যাণমূলক আঁচনিত শ শ নিযুত ডলাৰ বিনিয়োগ কৰা ছ’ৰোছে আমেৰিকাৰ ট্রাম্প চৰকাৰকো কঠোৰ সমালোচনা কৰিছে৷ ট্রাম্পক এগৰাকী নার্চিছিষ্ট আখ্যা দিছে নেতাগৰাকীয়ে ৷