কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্রী ড০ শর্মাৰ ভাৰত–বাংলাদেশ সীমান্ত পৰিদর্শন
নিয়মীয়া বাৰ্তা, ৯ মেঃ আজি কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে ভাৰত–বাংলাদেশ সীমান্তৰ মানকাচৰত উপস্থিত হৈ সীমান্ত সুৰক্ষা বাহিনীৰ এটা নিৰীক্ষণ চকী পৰিদর্শন কৰে৷ ইয়াৰ উপৰি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে সীমান্ত সুৰক্ষা বাহিনীৰ মানকাচৰত থকা ৪৫ নং বেটেলিয়ানৰ এক সীমান্ত চকী পৰিদর্শন কৰাৰ লগতে বিষয়া–জোৱানসকলৰ সৈতে মত–বিনিময়ো কৰে৷ এই পৰিদর্শনৰ সময়ত সীমান্ত সুৰক্ষা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীক সীমান্ত সুৰক্ষাৰ দিশত এই সীমান্ত চকীটোৱে লৈ অহা পদক্ষেপৰ বিষয়েও অৱগত কৰে৷ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাসো এই পৰিদর্শনৰ সময়ত উপস্থিত থাকে৷ ইয়াৰ পিছতে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ তামুলপুৰত উপস্থিত হৈ সীমান্ত সুৰক্ষা বাহিনীৰ কেন্দ্রীয় পণ্যাগাৰ আৰু গুদামঘৰ নির্মাণৰ ভূমি পূজাত অংশ লোৱাৰ লগতে এই আন্তঃগাঁথনি নির্মাণৰ আধাৰশিলা স্থাপ কৰে৷ মুখ্যমন্ত্রী ডঙ্ম হিমন্ত বিশ্ব শর্মাইও এই কার্যসূচীত ভাগ লয়৷ এই উপলক্ষে অনুষ্ঠিত ৰাজহুৱা সভাত ভাষণ দি মুখ্যমন্ত্রীয়ে সীমান্ত সুৰক্ষা বাহিনীৰ পণ্যাগাৰ আৰু গুদামৰ নির্মাণৰ জৰিয়তে অস্ত্রাগাৰ নির্মাণ আৰু মেৰামতি সম্ভৱ হৈ উঠাৰ লগতে বিটিআৰৰ আর্থিক দিশতো সহায়ক হৈ উঠিব বুলি কয়৷ তেখেতে কয় যে প্রযুক্তিৰ ব্যৱহাৰৰ লগে লগে সীমান্তৰ অনুপ্রৱেশ আৰু ড্রাগছৰ চোৰাং সৰবৰাহ বন্ধ কৰাৰ ক্ষেত্রত সীমান্ত সুৰক্ষা বাহিনীয়ে অবিৰতভাৱে কাম কৰি আহিছে৷ আজি অনুষ্ঠানত উপস্থিত থাকি সকলোকে আশীর্বাদ কৰাৰ বাবে ভাৰত চৰকাৰৰ গৃহ মন্ত্রী অমিত শ্বাহক মুখ্যমন্ত্রীয়ে ধন্যবাদ জ্ঞাপন কৰে৷ নির্বাচনত তামুলপুৰ মহকুমাক এখন পূর্ণাংগ জিলালৈ ৰূপান্তৰিত কৰাৰ প্রতিশ্রুতি পূর্ণ কৰা বুলি ব্যক্ত কৰি মুখ্যমন্ত্রীয়ে তামুলপুৰ বর্তমান এখন পূর্ণাংগ জিলালৈ পৰিণত হৈছে বুলি মন্তব্য কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্রীয়ে তামুলপুৰৰ বিভিন্ন দলঙৰ নির্মাণকার্য পূর্বৰ প্রতিশ্রুতি মতে আৰম্ভ কৰাৰ কথা ঘোষণা কৰে৷ তদুপৰি পাগলাদীয়া নদীৰ ওপৰত দ্বিতীয়খন দলঙো অনতিপলমে নির্মাণ হব বুলি তেওঁ ভাষণত উল্লেখ কৰে৷ বি টি আৰৰ শান্তি চুক্তি মতে আজি প্রধান মন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ সদিচ্ছাত বিভিন্ন উন্নয়নয়মূলক কাম–কাজ ৰূপায়িত হৈ আছে বুলি মুখ্যমন্ত্রীয়ে ভাষণত উল্লেখ কৰে৷ আজিৰ এই অনুষ্ঠানতে ভাৰত চৰকাৰৰ খাদী আৰু গ্রামোদ্যাগ আয়োগৰ দ্বাৰা অর্দ্ধসামৰিক বাহিনীৰ ১০৭ কেণ্টিনৰ বাবে বিক্রী কেন্দ্রৰো শুভাৰম্ভ কৰা হয়৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও আজিৰ এই অনুষ্ঠানত ভাষণ প্রদান কৰে৷ বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে আদৰণী ভাষণ আগবঢ়োৱা এই অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালকপ্রধান পংকজ কুমাৰ সিঙে৷ আজিৰ এই অনুষ্ঠানত মন্ত্রী উর্খাও গৌৰা ব্রহ্ম, অশোক সিংহল, সাংসদ দিলীপ শইকীয়া, ৰণগৌৰা নার্জাৰী, ভাৰত চৰকাৰৰ গৃহ সচিব অজয় কুমাৰ ভাল্লা, অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা, অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত প্রমুখ্যে বিটিআৰৰ সদস্য, ৰাজ্য চৰকাৰৰ শীর্ষ বিষয়া, আৰক্ষী বিষয়া আৰু সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান আৰু স্থানীয় ৰাইজ উপস্থিত থাকে৷ সভাৰ অন্তত সীমান্ত সুৰক্ষা বাহিনীৰ দ্বাৰা প্রদর্শিত এক ফটো গেলেৰী আৰু অস্ত্র–শস্ত্র প্রদর্শনী অনুষ্ঠানত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ সৈতে উপস্থিত থাকে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা।