নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনগাঁৱত লোকপিয়ল সঞ্চালকালয়ৰ কাৰ্যালয় ভৱন উদ্বোধন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰঃ উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৯ মেঃ ভাৰতৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্তৰ অধীনস্থ অসমৰ লোকপিয়ল সঞ্চালকালয়,  আমিনগাঁৱত নৱনিৰ্মিত কাৰ্যালয় ভৱনটো আজি  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে। এই একেটা অনুষ্ঠানতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নতুনকৈ সংশোধন কৰা ভাৰতৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্ত কাৰ্যালয়ৰ ৱেবছাইটটো উন্মোচন কৰে। ইয়াৰ লগতে তেখেতে এখন ভাষা ভূচিত্ৰাৱলী (লেংগুৱেজ এটলাচ) উন্মোচন কৰাৰ উপৰি ইয়াৰ ই-বুকো উন্মোচন কৰে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে এছ এছ বিৰ শোণিতপুৰ জিলাৰ শালনীবাৰী আৰু মঙলদৈত নৱনিৰ্মিত ভৱনো ভাৰ্চুৱেলী শুভ উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ভৱন উদ্বোধনৰ জৰিয়তে এক মহৎ কাৰ্য কৰা হল বুলি কয়। অসমৰ দৰে জনগাঁথনিৰ এক সংবেদনশীল ৰাজ্যৰ বাবে লোকপিয়ল ভৱন উদ্বোধন এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলিও তেওঁ কয়। দেশৰ বাবে উপযুক্ত পৰিকল্পনা, বিভিন্ন শিতানৰ বাজেট ব্যৱস্থাপনা ইত্যাদিৰ দিশত সঠিক লোকপিয়ল একান্ত জৰুৰী বুলি উল্লেখ কৰি আগন্তুক লোকপিয়ল ই-লোকপিয়ল (ডিজিটেল) হোৱাৰ উপৰি ই একেবাৰে নিৰ্ভূল হব বুলিও তেওঁ কয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোক ৰাজ্যবাসীৰ বাবে এক গৌৰৱৰ দিন বুলি কয়। ৰাজ্যখনৰ প্ৰায় ৩ .৫ কোটি জনসাধাৰণৰ তথ্য আহৰণৰ বাবে এক সু-শৃংখলিত আন্তঃগাঁথনিৰ প্ৰয়োজন বুলি উল্লেখ কৰি নৱনিৰ্মিত লোকপিয়ল ভৱনৰ অত্যাধুনিক তথা ডিজিটেল আন্তঃগাথনিয়ে এই দিশত বিশেষ সুবিধা প্ৰদান কৰিব বুলিও তেওঁ দোহাৰে। ভাৰতৰ মহাপঞ্জীয়ক তথা লোকপিয়ল আয়ুক্ত ড০ বিবেক যোশীয়ে আদৰণী ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত এচ এচ বিৰ মহানিৰ্দেশক সঞ্জয় আৰোৰায়ো বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাৰ লগতে অন্যান্য গণ্য-মান্য ব্যাক্তিসকল উপস্থিত থাকে।
প্ৰেৰক মুনীন ডেকা

You might also like