নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া ছুটি ছবি ‘নাৰী আৰু অসহায়’ এ লাভ কৰিলে সন্মান

নিয়মীয়া বাৰ্তা, চামগুৰি, ১৭ মেঃ চাউথ ইণ্ডিয়ান ফিল্ম ফেচটিভেল এৱাৰ্ড ২০২২ত নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত ৰান্ধনীচুকৰ নিবাসী চন্দন দাধৰাৰ পৰিচালনাত নিৰ্মাণ হোৱা নাৰী (The Women)এ লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰেষ্ঠ অসমীয়া চুটি ছবিৰ সন্মান৷ অনলাইনযোগে অনুষ্ঠিত হোৱা চুটি ছবি প্ৰতিযোগিতাত দেশৰ ৪০৭২ খন বিভিন্ন ভাষাৰ ছবিয়ে ভাগ লৈছিল বুলি জানিবলৈ দিয়ে পৰিচালক চন্দন দাধৰাই৷ চন্দন দাধৰাৰ পৰিচালনাত নিৰ্মাণ হোৱা “নাৰী” নামৰ চুটি ছবিখনে শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ খিতাপ লাভ কৰাৰ লগতে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে বুলি চুটি ছবিখনৰ পৰিচালক চন্দন দাধৰাই জানিবলৈ দিয়ে। নাৰীৰ প্ৰযোজনাত আছে ৰাম ৰায়। ছবিখনৰ পৰিকল্পনা বাবী কুমাৰ গোস্বামীৰ আৰু কাহিনী সুনীতা শৰ্মাৰ৷ আনহাতে, অনলাইনযোগে অনুষ্ঠিত হোৱা চুটি ছবি প্ৰতিযোগিতাত চন্দন দাধৰাৰ পৰিচালনাত নিৰ্মাণ হোৱা আন এখন চুটি ছবি “অসহায়” (Helpless) এ মহোৎসৱটিত সন্মান বুটলিবলৈ সক্ষম হৈছে বুলি চন্দন দাধৰাই জানিবলৈ দিয়ে। “অসহায়“ নামৰ চুটি ছবি খনে লাভ কৰিছে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা ৷ অসহায় নামৰ চুটি ছবি খনৰ পৰিকল্পনা নমিতা বৰা আৰু প্ৰৱাহন কাশ্যপৰ৷ কাহিনী মুকুল বৰাৰ আছিল বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে চন্দন দাধৰাই বিগত দিনত বহুকেইখন চুটি ছবি পৰিচালনা কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷
You might also like