তাঁতশালত শংকৰদেৱৰ গুণমালাৰ পিছত এইবাৰ গ্ৰন্থ প্ৰকাশ মাইকন ডেকাৰ
নিয়মীয়া বাৰ্তা, ১৭ মে’: আশীৰ উৰ্দ্ধৰ এগৰাকী অশীতপৰ মহিলা মাইকন ডেকা।জীৱনৰ আশীতা বসন্ত পাৰ কৰা এই মহিলা গৰাকী কামৰূপ জিলাৰ বেজেৰাৰ সমীপৰ শালমাৰা গাঁৱৰ প্ৰয়াত মহেন্দ্ৰ ডেকাৰ পত্নী মাইকন ডেকাই ৰুগীয়া দেহাৰে তাঁতশালত দেখুৱাই গৈছে কিছুমান ব্যতিক্ৰমী পন্থা।যাকলৈ আনন্দিত তেখেতৰ পৰিয়াল আৰু গাওঁবাসী।শাৰীৰিক অসুস্থতাৰ মাজতো পৰিয়ালৰ সহযোগত মাইকন ডেকাই তাঁত শালত সপোন ৰচনা কৰা তথ্য সৰ্বজন বিদিত।মহাপুৰুষ শংকৰদেৱৰ একান্ত অনুগামী মাইকন ডেকা তেখেতৰ কৰ্মৰ স্বীকৃতি চিহ স্বৰূপে অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনত সম্বৰ্দ্ধিত হোৱাৰ লগতে বিভিন্ন ঠাইত সমাদৰ লাভ কৰিছে।আজিৰ পৰা তিনি বছৰ আগতে তাঁত শালত মহাপুৰুষ শংকৰদেৱৰ গুনমালা খন বৈ সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰাৰ মাত্ৰ তিনি মাহৰ পিছত মাইকন ডেকাই গীতাৰ মংগলাচৰণ বৈ উলিয়াই তাঁতশালত। মহান প্ৰতিভাৰ ব্যক্তিত্বৰ অধিকাৰী মাইকন ডেকাই এইবাৰ গ্ৰন্থ প্ৰকাশ কৰিলে দিহা নামৰ হাতপুথি নাম পুষ্পাঞ্জলী।শালমাৰাৰ জনাৰ্দন নামঘৰত মাইকন ডেকাৰ দিহা নামৰ হাতপুথি নাম পুষ্পাঞ্জলী উন্মোচন কৰে পূব কামৰূপ সাহিত্য সভাৰ সভাপতি গনেশ ডেকাই। সমাজকৰ্মী খগেন ডেকাই আতঁধৰা গ্ৰন্থ উন্মোচনী সভাত পূব কামৰূপ সাহিত্য সভাৰ সম্পাদক ৰাতুল ডেকা,দৈনিক অসমৰ সাংবাদিক পুলক চমুৱা,বৃন্দাবন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী নমিতা ডেকা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰফুল্ল ডেকা, শৰাইঘাট নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জ্যোতিষ তালুকদাৰ ,শালমাৰাৰ যুৱ সমাজ সংগঠক বনজিৎ ডেকা আৰু গ্ৰন্থ খনৰ প্ৰকাশক যতীন ডেকা উপস্থিত থাকে।সভাৰ আৰম্ভণিতে মাইকন ডেকাই গ্ৰন্থ প্ৰকাশৰ বাবে অনুপ্ৰাণিত কৰাকে ভিতৰ কৰি মনৰ ইচ্ছা শক্তিৰ সবিশেষ অবগত কৰে উপস্থিত ৰাইজৰ আগত । উল্লেখ্য যে মাইকন ডেকাৰ দিহা নামৰ হাতপুথি নাম পুষ্পাঞ্জলী গ্ৰন্থ খনত মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মায়ো শুভেচ্ছা বাণী প্ৰেৰণ কৰিছে ।