নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফালৈ যোৱাসকলৰ আছে অপৰাধৰ বেকগ্রাউণ্ড

নিয়মীয়া বাৰ্তা, ১৭ মে’: শেহতীয়াকৈ আলফা (স্বাঃ)ত যোগদান বৃদ্ধি পাইছে৷ উজনি অসমৰ লগতে নামনি অসমৰ বিভিন্ন অঞ্চলৰ যুৱক–যুৱতীয়ে আলফা (স্বাঃ)ত যোগদান কৰিছে৷ সামাজিক মাধ্যমৰ জৰিয়তে আলফাত যোগদানৰ বাবে যুৱপ্রজন্মক আকৃষ্ট কৰা হৈছে৷– এই মন্তব্য ভাৰতীয় সেনাৰ ইষ্টার্ন কমাণ্ডাৰ জি অ’ চি ইন চি ৰাণাপ্রতাপ কলিতাৰ৷

এই সর্বোচ্চ পদত অধিষ্ঠিত হোৱাৰ পাছত প্রথমখন সংবাদ মেল সোমবাৰে গুৱাহাটীত সম্বোধন কৰি তেওঁ ৰাজ্যৰ যুৱপ্রজন্মক গণতান্ত্রিক প্রক্রিয়াৰ প্রতি বিশ্বাসী হৈ মূলসুঁতিৰ সৈতে শান্তি আৰু প্রগতিৰ যাত্রাৰ সহযোগী হ’বলৈ আহ্বান জনায়৷ আলফা (স্বাঃ)ত যুৱক–যুৱতীসকলে যোগদান কৰা বিষয়টোত উদ্বেগ প্রকাশ কৰি কলিতাই কয় যে ভাৰত আৰু ম্যানমাৰ সীমান্তৰ ঘন জংঘলৰ বাবে সীমান্ত পাৰ হৈ আলফালৈ যোৱা যুৱক–যুৱতী চিনাক্ত কৰাটো কঠিন৷ ভাৰত–ম্যানমাৰ সীমান্তত ১৬ কিঃমিঃলৈকে কোনো নথিপত্র নোহোৱাকৈ স্থানীয় লোকসকলে অহা–যোৱা কৰিব পাৰে৷ যাৰ বাবে এই অঞ্চলটোত চলাচল কৰা লোকসকলৰ কোন আলফা (স্বাঃ)লৈ গৈছে অথবা কোন স্থানীয় লোক সেয়া চিনাক্ত কৰাটো যথেষ্ট কঠিন৷

আনহাতে, সংবাদ মাধ্যমত সঘনাই আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই সাক্ষাৎকাৰ দিয়া সন্দর্ভত সোধা প্রশ্নৰ উত্তৰত তেওঁ কয় যে কোনটো সঠিক অথবা সর্বশ্রেষ্ঠ সেয়া দর্শকে নিজেই নির্ধাৰণ কৰিব লাগিব৷ অসমবাসীৰ বাবে কোনটো শ্রেষ্ঠ অথবা তেওঁলোকৰ সন্তানৰ বাবে কোনটো শ্রেষ্ঠ সেয়াহে দর্শকে জনা উচিত৷ আনহাতে, ইষ্টার্ন কমাণ্ডৰ অধীনত থকা ভাৰত–চীন আৰু ভাৰত–ম্যানমাৰ সীমান্তত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়– ভাৰত–চীন সীমান্ত এতিয়াও নির্ধাৰণ কৰা হোৱা নাই৷ যাৰ বাবে আমি নিজৰ বুলি ভাবি থকা অঞ্চলসমূহ চীনৰ সেনায়ো নিজৰ বুলি বিবেচনা কৰে৷ সেয়েহে ভাৰত–চীন সীমান্তত সঘনাই ভাৰতীয় সেনা আৰু চীনা সেনাৰ মাজত সংঘাতৰ সৃষ্টি হয়৷ অৰুণাচলৰ পার্শ্বৱর্তী সীমান্ত অঞ্চলত চীনে আন্তঃগাঁথনি যথেষ্ট উন্নত কৰিছে৷ চীনে সীমান্ত অঞ্চলত বিমানবন্দৰ, হেলিপেড, ৰাস্তা আদি নির্মাণ কৰিছে৷ অৱশ্যে এইক্ষেত্রত আমি ভাৰতীয় সেনাও পিছপৰি থকা নাই৷ সীমান্তৱর্তী অঞ্চলটোত ভাৰতীয় সেনাই আন্তঃগাঁথনি উন্নয়নৰ বাবে চেষ্টা চলাই আহিছে৷ বিশেষকৈ এই অঞ্চলটো বহুতো ওখ পাহাৰেৰে আবৃত৷ পাহাৰীয়া অঞ্চলৰ লগতে ঘন জংঘল আৰু বতৰে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্রত যথেষ্ট সমস্যাৰ সৃষ্টি কৰি আহিছে৷ অঞ্চলসমূহলৈ যোগাযোগ ব্যৱস্থা অত্যন্ত প্রত্যাহ্বানৰে ভৰা৷ বাৰিষাৰ সময়ছোৱাত ভূমিস্খলন হোৱাৰ সমান্তৰালকৈ শীতকালত হিমস্খলন হয়৷ সেয়েহে অঞ্চলটোত আন্তঃগাঁথনি উন্নয়নৰ বাবে আমি অতি কম সময় লাভ কৰোঁ৷ তদুপৰি এই দুর্গম অঞ্চলটোত কাম কৰিবলৈ শ্রমিক পোৱাটো যথেষ্ট কষ্টকৰ৷ তৎসত্ত্বেও অঞ্চলটোত আন্তঃগাঁথনি উন্নয়নৰ বাবে সকলোধৰণৰ প্রচেষ্টা গ্রহণ কৰা হৈছে আৰু ২৪ ঘণ্টাই যিকোনো পৰিস্থিতিৰ মুখামুখি হ’বলৈ সেনাবাহিনী সাজু হৈ আছে৷

ইফালে, সম্প্রতি ভাৰত–চীন সীমান্তৰ ডোকলামৰ পৰিস্থিতি সম্পূর্ণ স্বাভাৱিক বুলিও তেওঁ উল্লেখ কৰে৷ আনহাতে, বহু সময়ত অৰুণাচলৰ একাংশ লোকক চীনা সৈন্যই অপহৰণ কৰি নিয়া সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত সেনা বিষয়াগৰাকীয়ে কয় যে এল এ চিৰ একেবাৰে ওচৰত থকা গাঁওসমূহৰ লোকসকলে এতিয়াও চিকাৰ কৰি জীৱন নির্বাহ কৰে৷ সময়ে সময়ে ঘন জংঘলত চিকাৰ কৰিবলৈ গৈ অজ্ঞাতে তেওঁলোক এল এ চি অতিক্রম কৰে৷ ইয়াৰ পাছত চীনা সৈন্যই তেওঁলোকক আটক কৰে৷ অৱশ্যে এনেদৰে সন্ধানহীন হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে পি এল এৰ সৈতে যোগাযোগ স্থাপন কৰা হয়৷ তেওঁলোকে এইক্ষেত্রত ক্ষিপ্রতাৰে সঁহাৰি প্রদান কৰি আটক কৰা লোকসকলক মোকলাই দি আহিছে৷ ভাৰত আৰু চীনৰ মাজত সীমা নির্ধাৰণ হ’লেই এই সমস্যাৰ সমাধান হ’ব বুলি তেওঁ উল্লেখ কৰে৷

সীমান্তৱর্তী অঞ্চলসমূহত ইষ্টার্ন কমাণ্ড যথেষ্ট প্রত্যাহ্বানৰ সন্মুখীন হৈ আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিগত বছৰসমূহত এই প্রত্যাহ্বানসমূহ তেওঁলোকে নির্মূল কৰিবলৈ সক্ষম হৈছে৷ অসম, মণিপুৰ আৰু নাগালেণ্ডৰ পৰা আংশিকভাৱে সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন (আফস্পা) বাতিল প্রসংগত তেওঁ কয় যে অসমসহ উত্তৰ–পূর্বাঞ্চলৰ অঞ্চলসমূহলৈ শীঘ্রে শান্তি ঘূৰি আহিব বুলি আশাবাদী৷ অসম তথা উত্তৰ–পূর্বাঞ্চললৈ শান্তি ঘূৰি অহাৰ লগতে স্বাভাৱিক জীৱন যাত্রাও উভতি আহিব বুলি তেওঁ আশা প্রকাশ কৰে৷

ইতিমধ্যে আফস্পা প্রত্যাহাৰ কৰা অঞ্চলসমূহৰ পৰা সেনা প্রত্যাহাৰ কৰা হৈছে বুলি উল্লেখ কৰি কলিতাই কয় যে উক্ত অঞ্চলসমূহত কেৱল সামৰিক কেম্পসমূহে চলি আছে৷ সংবাদ মেলত তেওঁ প্রকাশ কৰা অনুসৰি ব’ৰ্ডাৰ ৰোডছৰ অধীনত ২৫টা পথ নির্মাণ সম্পূর্ণ হোৱাৰ লগতে আন ৬৫টা নতুন পথৰ নির্মাণকার্য চলি আছে৷ সেইদৰে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণেও সীমান্তৱর্তী অঞ্চলসমূহত ৮৫টা নতুন পথৰ নির্মাণকার্য চলাই আছে৷

বিগত কেইবছৰমানৰ ভিতৰত উত্তৰ–পূবৰ পৰিৱেশ–পৰিস্থিতি সলনি হৈছে বুলি উল্লেখ কৰি ৰাণাপ্রতাপ কলিতাই কয়– সম্প্রতি অসমৰ উজনি প্রান্তৰ কিছু অঞ্চলতহে আলফা সক্রিয় হৈ আছে৷ নাগালেণ্ডৰ প্রায়সমূহ উগ্রবাদী সংগঠনে অস্ত্রবিৰতি ঘোষণা কৰি আলোচনা চলাই আহিছে৷ উত্তৰ–পূর্বাঞ্চলত সংঘটিত উগ্রবাদমূলক কার্যকলাপৰ ৫৬ শতাংশ মণিপুৰত সংঘটিত হৈ আহিছে৷ পৰিস্থিতি উন্নত হ’লে আফস্পা অধিক অঞ্চলৰ পৰা প্রত্যাহাৰ হ’ব৷ আফস্পা প্রত্যাহাৰৰ পাছত আমি কোনো অভিযান নচলাওঁ৷ সীমান্তৰে হোৱা সন্ত্রাসবাদমূলক কার্যকলাপক লৈ আমি যথেষ্ট সক্রিয়৷ জেহাদীৰ বিৰুদ্ধে অসমত আৰক্ষী আৰু অর্ধসামৰিক বাহিনীয়ে অভিযান চলাই আহিছে৷ প্রয়োজন সাপেক্ষে আমি এইক্ষেত্রত সহায় কৰি আহিছোঁ৷ ভাৰত–ম্যানমাৰ সীমান্তৰে ড্রাগ্ছ সৰবৰাহ হোৱাটো উদ্বেগজনক৷

আনহাতে, অসমীয়া যুৱক–যুৱতীসকলক্ ‘কমফ’ট জ’ন’ৰ পৰা ওলাই গৈ কাম কৰিবলৈ শিকিবলৈ তেওঁ আহ্বান জনায়৷ সেনাবাহিনীৰ বিষয়া পর্যায়ত অসমৰ যুৱক–যুৱতীৰ ভর্তি একেবাৰে কম হোৱা প্রসংগত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয়– শেহতীয়া কেইবছৰমানত এইক্ষেত্রত অসমত পৰিৱর্তন আহিছে৷ নতুন নতুন ল’ৰা–ছোৱালী বিভিন্ন ক্ষেত্রত কাম কৰিবলৈ ওলাই আহিছে৷ প্রথমে ৰাজ্যত এখনেই সৈনিক স্কুল আছিল৷ প্রকৃতার্থত গ্রামাঞ্চলসমূহত সেনাবাহিনী বুলি ক’লে কেৱল জোৱানলৈহে জ্ঞান সীমিত৷ দ্বাদশ শ্রেণী অথবা স্নাতকৰ পাছত বিষয়া হিচাপে সেনাবাহিনীত সেৱা কৰাৰ যথেষ্ট সা–সুবিধা আছে, তাৰ বিষয়ে গ্রামাঞ্চলৰ লোকসকল সজাগ নহয়৷ সেয়েহে এই অঞ্চলসমূহত সজাগতা সৃষ্টি কৰিব লাগিব৷ সামাজিক মাধ্যমৰ জৰিয়তে এই বিষয়ে সজাগতা সৃষ্টি কৰিব পৰা যায় যিহেতু আজিকালি সকলো ব্যৱস্থা অনলাইনৰ মাধ্যমেৰে হয়৷ আমি সেনাবাহিনীৰ লোকসকলক স্কুল–কলেজলৈ গৈ সজাগ কৰিবলৈ নির্দেশ দিছোঁ৷ ৰাজ্যত সেনাবাহিনীত যোগদান সন্দর্ভত এখন প্রশিক্ষণ প্রতিষ্ঠান স্থাপন কৰিব পৰা যায় নেকি সেই সন্দর্ভতো আলোচনা কৰা হৈছে৷

You might also like