বিদ্যালয়ৰ নিয়মীয়া পাঠদান বাহাল ৰাখি মৰিয়নি জাতীয় বিদ্যাপীঠত মাধৱদেৱৰ জন্ম উৎসৱ উদযাপন
বিশেষ বাৰ্তা, ১৭ মেঃ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠান সমূহ বন্ধ থকাৰ বিপৰীতে মৰিয়নি জাতীয় বিদ্যাপীঠে বিদ্যালয় খোলা ৰাখি বিদ্যালয়ত দিৱসটি উদ্যাপন কৰি এক নজিৰ ডাঙি ধৰিছে । আজি বিদ্যাপীঠৰ প্ৰাতঃসভাত মহাপুৰুষ জনাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটি উদ্বোধন কৰে একশৰণ নাম ধৰ্ম সমাজৰ যোৰহাট জিলাৰ উপদেষ্টা, ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষক, ধৰ্মপ্ৰাণ ব্যক্তি নগেন গগৈয়ে । মহাপুৰুষ মাধৱদেৱ বিৰচিত প্ৰাৰ্থনা আৰু “ইতিহাসত আজিৰ দিনটো“ কাৰ্যসূচীৰে বিদ্যাপীঠৰ নৈমিত্তিক প্ৰাতঃসভা সম্পন্ন হোৱাৰ পিছতে বিশিষ্ট অতিথি নগেন গগৈয়ে “অসমীয়া সমাজ গঠন প্ৰক্ৰিয়াত মাধৱদেৱৰ ভূমিকা“ শীৰ্ষক বিষয়ত বক্তব্য প্ৰদান কৰে । মহাপুৰুষ মাধৱদেৱে মহিলাসকলক সদায় আগস্থান দিছিল আৰু তেখেতেই মহিলাক প্ৰথম ‘আই’ বুলি সম্বোধন কৰিছিল বুলি তেওঁ উল্লেখ কৰে । মাধৱদেৱ এগৰাকী শিশু প্ৰেমী আছিল বুলি উল্লেখ কৰি কয় – ‘তেজৰে কমলাপতি’ বৰগীতৰ যোগেদি সমস্ত শিশুসকলক ঈশ্বৰ যেন জ্ঞান কৰিছিল । যাৰ যোগেদি সেই সময়তে শিশুসকলক শ্ৰমিক হিচাপে ব্যৱহাৰ নকৰিবৰ বাবে এক বাৰ্তা প্ৰেৰণ কৰিছিল বুলিও লগতে মন্তব্য কৰে । বিদ্যাপীঠৰ অধ্যক্ষ ৰঞ্জিত গোহাঞিবৰুৱাই আঁত ধৰা অনুষ্ঠানটিত সংগীত শিক্ষয়িত্ৰী দুলুমণি মালাকাৰ আৰু ছাত্ৰী ৰিমঝিম ফুকন আৰু নয়নমণি শইকীয়াই বৰগীত পৰিবেশন কৰে ৷ আনহাতে পঞ্চম শ্ৰেণীৰ ছাত্ৰ সৌৰভ শইকীয়াই মাধৱদেৱৰ বিষয়ে বক্তব্য প্ৰদান কৰে ৷ মৰিয়নি জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ ৰঞ্জিত গোহাঁইবৰুৱাই কয়- কেৱল মাধৱদেৱেই নহয়, অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সম্পৰ্কে আজিৰ যুগৰ ছাত্ৰ ছাত্ৰীক জনোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে । তেওঁলোকৰ জন্ম বা মৃত্যু তিথিত শিক্ষানুষ্ঠান বন্ধ দিয়াতকৈ সেইসকলৰ জীৱনাদৰ্শ, কৰ্মৰাজি আদিৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰাতোহে শিক্ষানুষ্ঠানসমূহৰ কাম হ’ব লাগে । সেয়েহে তেনে মহান ব্যক্তিসকলৰ জন্ম বা মৃত্যু তিথিত ইয়াৰ পূৰ্বেও জাতীয় বিদ্যাপীঠখন বন্ধ ৰখাৰ পৰিৱৰ্তে তেওঁলোকৰ বিভিন্ন দিশৰ সম্পৰ্কে ছাত্ৰ ছাত্ৰীক অৱগত কৰাই অহা হৈছে । আজিৰ এই কাৰ্য্যসূচীও তেনেদৰেই পালন কৰা হয় বুলি তেওঁ উল্লেখ কৰে । অনুষ্ঠানৰ পিছত পুনৰ বিদ্যালয়ৰ নিয়মীয়া পাঠদান বাহাল ৰখা হয় ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া