নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতিকূল বতৰকো নেওচি ধুবুৰীত অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীঃ অংশ ললে দুখনকৈ সভাত

নিয়মীয়া বাৰ্তা, ১৯ মেঃ ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত তথা ভাষা -সাহিত্য চ’ৰা অসমীয়া বিভাগ আৰু জিলা সাহিত্য সভাৰ সহযোগত আজি মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত হোৱা অসম সাহিত্য সভাৰ আকাশ অনুষ্ঠান আৰু ভোলানাথ মহাবিদ্যালয়ৰ শাখা সভাৰ স্বীকৃতি প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথিৰ ভাষণ মৃণালিনী দেৱীয়ে নিজৰ ভাষণ প্ৰসংগত কয় যে, ‘‘নাৰী মুক্ত হ’লেহে আমি উন্নতিৰ দিশত আগবাঢ়িব পাৰিম |অসম সাহিত্য সভাই নাৰীক সন্মান জনোৱাৰ উদ্দেশ্যে আকাশ অনুষ্ঠান অনুষ্ঠিত কৰি অহা হৈছে |নাৰীক অৱহেলা কৰি ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ কৰি ৰাখিলে আমি প্ৰগতিৰ দিশত আগবাঢ়িব নোৱাৰিম।’’ চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত আদৰণী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ধ্ৰুৱ চক্ৰৱৰ্তীয়ে | অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড৹ পলী বেজবৰুৱাই আঁত ধৰা অনুষ্ঠানটোত অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ উপেন্দ্ৰজিত শৰ্মাই |ভাষণ প্ৰসংগত ড.শৰ্মাই কয় যে আজিৰ দিনতে ভোলানাথ মহাবিদ্যালয়ৰ বাবে ঐতিহাসিক দিন |আজিৰ সভাতে অসম সাহিত্য সভাৰ উপসভাপতি মৃণালিনী দেৱীয়ে শাখা সভাৰ আনুষ্ঠানিক স্বীকৃতি পত্ৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড.ধ্ৰুৱ চক্ৰৱৰ্তীৰ হাতত অৰ্পণ কৰিব | এয়া মহাবিদ্যালয়খনৰ বাবে বিৰল স্বীকৃতি।’ আজিৰ সেই অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যাপিকাবৃন্দ আৰু ছাত্ৰীসকলে বিয়াগীত, গোৱালপৰীয়া লোকগীত, নৃত্য, বিহু নৃত্য ,গোৱালিনী নৃত্য ,সত্ৰীয়া নৃত্য আদি পৰিবেশনেৰে উপস্থিত সকলোৰে মন মুহে। অন্তত জাতীয় সংগীত পৰিবেশনেৰে আজি সেই সভাখন সামৰণি পৰে | উল্লেখ্য যে, আজি প্ৰতিকূল বতৰকো নেওছি ধুবুৰীত আহি উপস্থিত হোৱা অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে প্ৰথমে ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত যোৱাকালিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা বহাগী উৎসৱ –২০২২’’ শীৰ্ষক এক অনুষ্ঠানৰ এক বিশেষ কাৰ্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সৌজন্যত আয়োজিত হোৱা সেই বহাগী উৎসৱৰ স্মৃতিগ্ৰন্থ ‘গগণা’’ আনুষ্ঠানিক ভাৱে উন্মোচন কৰি দিয়া নিজৰ ভাষণত প্ৰাচীন বিহুৰ শিপাডাল পাহৰি নাযাবলৈ সকলোলৈ আহ্বান জনায়। নিজৰ ভাষণত অসমীয়াৰ তিনিটা বিহুৰ বিষয়ে তেখেতে সাৱলীলতাৰে, সকলোৱে বুজি পোৱাকৈ আগবঢ়োৱা ব্যাখ্যা উপস্থিত সকলোৰে হৃদয় চুই যায়।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like