নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষুব্ধ বন্যার্ত মহিলাই বাট আগচি গাড়ীৰ পৰা নমালে ৰঞ্জিত দাসক

নিয়মীয়া বাৰ্তা, ২৩ মে’: দেওবাৰে পুৱাই সর্থেবাৰীৰ বন্যার্তৰ মাজত উপস্থিত হ’ল মন্ত্রী ৰঞ্জিত কুমাৰ দাস৷ পুৱা ৮ বজাতে সর্থেবাৰীত উপস্থিত হয় বৰপেটা জিলাৰ অভিভাৱক মন্ত্রী ৰঞ্জিত কুমাৰ দাস৷ বুঢ়াদিয়াৰ লগতে টিহু নৈৰ বান পৰিস্থিতি পৰিদর্শন কৰে মন্ত্রী ৰঞ্জিত কুমাৰ দাসে৷ বুঢ়াদিয়াৰ বানত বিধ্বস্ত হৈ পৰা পাৰাহকুছি আৰু কালাতলীৰ বন্যার্তৰ বুজ লয় মন্ত্রীজনে৷ প্রথমতে পাৰাইকুছিত বন্যার্তৰ লগত বহি বান পৰিস্থিতি তথা ক্ষয়–ক্ষতি সম্পর্কত বুজ লোৱাৰ পাছতে বানে গৰকা পাৰাহকুছি পৰিদর্শন কৰাৰ সমান্তৰালকৈ বুঢ়াদিয়াৰ ভগ্ণ মথাউৰিটো পৰিদর্শন কৰে৷ একেদৰে কালাতলীৰো ভগ্ন মথাউৰি পৰিদর্শন কৰি বান অধ্যুষিত পাৰাহকুছিৰ পৰাই  বিভাগীয় বিষয়াক টেলিফোন কৰি মথাউৰি দুটা নির্মাণ কৰাৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়ে আৰু চৰজমিন পর্যালোচনা কৰি প্রতিবেদন দাখিল কৰিবলৈ কয়৷

ইয়াৰ পাছতেই সর্থেবাৰী অভিমুখে ৰাওনা হোৱাৰ সময়তে মন্ত্রী ৰঞ্জিত কুমাৰ দাসক কালাতলী লক্ষ্মী মন্দিৰৰ সন্মুখত বাট আগচি ধৰে কালাতলীৰ বন্যার্ত মহিলাহ৷ মহিলাসকলে জোৰ কৰি বানবিধ্বস্ত কালাতলীৰ পথ পৰিদর্শন কৰিবলৈ মন্ত্রী ৰঞ্জিত কুমাৰ দাসক গাডীৰ পৰা নমাহ লৈ যায়৷ মহিলাসকলৰ দাবীত আহুকলীয়া বানৰ কবলত পৰা কালাতলীৰ বানবিধ্বস্ত পথটো পৰিদর্শন কৰে৷ কালাতলীৰ ৰাহজৰ একমাত্র যাতায়াতৰ ভৰসা বতিয়া–কালাতলী পথৰ অৱস্থা দেখি মন্ত্রী ৰঞ্জিত কুমাৰ দাস আশ্চর্যান্বিত হৈ পৰে৷ এই বিধ্বস্ত পথটো পৰিদর্শন কৰি মন্ত্রী ৰঞ্জিত কুমাৰ দাসে কালাতলীৰ পৰাই বিভাগীয় বিষয়াক এহ পথটো মেৰামতিৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়ে আৰু শীঘ্রেই পথটো মেৰামতিৰ কৰা হ’ব বুলি বন্যার্ত ৰাহজক আশ্বাস দিয়ে৷

ইয়াৰ পাছতেই  সর্থেবাৰী পৌৰসভাত উপস্থিত হৈ পৌৰসভাৰ নৱনির্বাচিত সদস্যসকলৰ লগত আলোচনাত মিলিত হয়৷ সর্থেবাৰী পৌৰসভাৰ তৰফৰ পৰা মন্ত্রী ৰঞ্জিত কুমাৰ দাসক সম্বর্ধনা জ্ঞাপন কৰে৷ আনহাতে,  বতিয়াৰ লগতে নেউলাৰভিঠাৰ বান পৰিস্থিতিৰো বুজ লয় মন্ত্রীজনে৷

ইপিনে সংবাদ মাধ্যমৰ আগত মন্তব্য প্রকাশ কৰি মন্ত্রী দাসে কয় যে কানাহখুন্দাৰ লগতে মৰাপাগলাদিয়াৰ পানী বহন কৰি তীব্র জলস্রোতৰ সৃষ্টি কৰা বুঢ়াদিয়াৰ বানৰ তাণ্ডৱৰ পৰা সর্থেবাৰীৰ ৬০খন গাঁৱৰ ৰাহজক সুৰক্ষিত কৰাৰ স্বার্থত এহবাৰ সবলকৈ মথাউৰি নির্মাণ কৰা হ’ব৷ ইপিনে পাৰাহকুছিৰ খৰিয়াৰজানত নির্মাণ কৰি থকা শ্লুহচ গেটৰ নির্মাণ সম্পূর্ণ নোহোৱা বাবে উদ্বেগ প্রকাশ কৰি এই শ্লুহচ গেট শীঘ্রেহ সম্পূর্ণ কৰা ব্যৱস্থা কৰা হ’ব বুলিও মন্তব্য কৰে৷ ইপিনে বটদ্রৱা থানা আক্রমণ কাণ্ডক এক দুর্ভাগ্যজনক ঘটনা বুলি অভিহিত কৰি এই ঘটনাৰ লগত জডিত থকা কাকো ৰেহাই দিয়া নহ’ব বুলি মন্তব্য কৰে মন্ত্রী ৰঞ্জিত কুমাৰ দাসে৷

You might also like