নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত ৩০ হাজাৰ কোটিৰে হ’ব দেশৰ সর্ববৃহৎ নদীবান্ধ

নিয়মীয়া বাৰ্তা, ২৩ মে’: চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশত নির্মাণ হ’ব দেশৰ সর্ববৃহৎ জলবিদ্যুৎ প্রকল্প৷ ২,৮৮০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম এই বৃহৎ নদীবান্ধটো সন্দর্ভত দেওবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷

দুদিনীয়া ভ্রমণসূচীৰে কালি অৰুণাচল প্রদেশত উপস্থিত হোৱা কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কালি নামচাইত এহেজাৰ কোটি টকীয়া বিভিন্ন উন্নয়নমূলক আঁচনিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত উল্লেখ কৰিলে গেৰুকামুখত নির্মীয়মাণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ প্রসংগও৷ অসমৰ বিভিন্ন দল–সংগঠনে বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি অহাৰ সময়তে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে আৰম্ভণিতে গেৰুকামুখ প্রকল্পত ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হ’ব বুলি উল্লেখ কৰি কয় যে নামনি সোৱণশিৰি প্রকল্পত বিদ্যুৎ উৎপাদন আৰম্ভ হ’ব৷

প্রথমতে প্রকল্পটোত উৎপাদন হ’ব ৫০০ মেগাৱাট বিদ্যুৎ৷ ইয়াৰ পাছত এই প্রকল্পটোৰ জৰিয়তে সম্পূর্ণ দুহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হ’ব৷ অহা ২০২৩ চনৰ ভিতৰত উৎপাদনক্ষম হৈ উঠিব নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প৷ তদুপৰি ৩০,০০০ কোটি টকা ব্যয় সাপেক্ষে ভাৰতৰ সর্ববৃহৎ জলবিদ্যুৎ প্রকল্প ২,৮৮০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম ‘দিবাং প্রকল্প’ৰ কামো আগবঢ়াই থকা হৈছে৷ কেন্দ্রীয় আইন–ন্যায়মন্ত্রী কিৰেণ ৰিজিজু আৰু অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডুসহ বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আয়োজিত সভাখনত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে অৰুণাচল প্রদেশ তথা উত্তৰ–পূর্বাঞ্চলৰ উন্নয়নৰ হকে নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে৷

তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদী সমগ্র উত্তৰ–পূর্বাঞ্চলক দেশৰ মানচিত্রৰ মাজলৈ আনি থিয় কৰাইছে৷ বিগত ৮ বছৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৫০বাৰতকৈও অধিক উত্তৰ–পূর্বাঞ্চল ভ্রমণ কৰিছে আৰু কেন্দ্রীয় চৰকাৰৰ প্রতিজন মন্ত্রীকে কৈছিল– ১৫ দিনৰ ভিতৰত কোনোবা নহয় কোনোবা মন্ত্রীয়ে যাতে উত্তৰ–পূর্বাঞ্চলৰ যিকোনো এখন ৰাজ্য ভ্রমণ কৰে৷ সমগ্র দেশ আৰু বিশ্বই পূর্বতে উত্তৰ–পূর্বাঞ্চলক বিবাদ আৰু সন্ত্রাসবাদৰ বাবে জানিছিল৷ কিন্তু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত বর্তমান নগা উগ্রপন্থী সংগঠনৰ সৈতে আলোচনা চলি আছে৷ বড়োলেণ্ডৰ সমস্যা ইতিমধ্যে সমাধান হৈছে৷ ত্রিপুৰাৰ সকলো উগ্রপন্থী সংগঠনে ত্যাগ কৰিছে অস্ত্র৷ উত্তৰ–পূর্বাঞ্চলত বিগত ২০১৯ চনৰ পৰা ২০২২ চনলৈকে ৯,৬০০ সন্ত্রাসবাদীয়ে অস্ত্র ত্যাগ কৰি মূলসুঁতিলৈ ওভতি আহিছে৷ যি উত্তৰ–পূর্বাঞ্চল এসময়ত সন্ত্রাসবাদ, উগ্রবাদ আৰু বোমা বিস্ফোৰণৰ কাৰণে বাতৰিকাকতৰ শিৰোনাম দখল কৰিছিল, সেই উত্তৰ–পূর্বাঞ্চলক আজি পর্যটন, বিকাশ, আন্তঃগাঁথনি, নৃত্য, সংগীত আদিৰ কাৰণে সমগ্র দেশে জানে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত উত্তৰ–পূর্বাঞ্চলত বিদ্রোহ আৰু সন্ত্রাসবাদৰ ঘটনা ৮৯ শতাংশ হ্রাস পোৱা বুলিও তেওঁ দাবী কৰে৷ কেন্দ্রীয় চৰকাৰে উত্তৰ–পূর্বাঞ্চলৰ কাৰণে ৩ দফীয়া কর্মসূচী প্রস্তুত কৰা বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় যে ইয়াৰে প্রথমটো হ’ল– এই অঞ্চলটোৰ শাখা, নৃত্য, সংগীত, সাংস্কৃতিক বৈচিত্র্য আৰু প্রাকৃতিক সৌন্দর্যক সংৰক্ষিত–সংবর্ধিত কৰি বিশ্বৰ পর্যটকসকলক উত্তৰ–পূর্বাঞ্চল আৰু অৰুণাচল প্রদেশলৈ আকর্ষিত কৰা৷

দ্বিতীয়তে, সমগ্র উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত অব্যাহত থকা বিবাদ নিষ্পত্তি কৰি শান্তি স্থাপন কৰা৷ বিগত ৫০ বছৰ ধৰি অসম আৰু অৰুণাচল প্রদেশৰ মাজত সীমা বিবাদ অব্যাহত আছে৷ মই আজি আশ্বস্ত কৰিব বিচাৰোঁ– শীঘ্রে এই সীমা বিবাদ নিষ্পত্তিৰ দিশে আগবাঢ়িছে৷ তৃতীয়তে, উত্তৰ–পূর্বাঞ্চলক বিকশিত ৰূপত গঢ়ি তোলা হৈছে৷ উল্লেখ্য যে দুদিনীয়া ভ্রমণসূচীৰ অন্তিম দিনা কেন্দ্রীয় গৃহমন্ত্রীজনে সুৰক্ষা স্থিতি আৰু উন্নয়নমূলক বিভিন্ন কাম–কাজ পর্যালোচনাৰ বাবে সংশ্লিষ্ট বিষয়াবর্গৰে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ তদুপৰি তেওঁ সুৰক্ষা কর্মীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে দুপৰীয়াৰ আহাৰো গ্রহণ কৰে৷

You might also like