নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰাগাৰ নে স্পা? বন্দী সিদ্ধুৰ খাদ্যৰ তালিকা শুনিব নেকি?

বিশেষ বাৰ্তা, ২৬ মেঃ এবছৰৰ কাৰাদণ্ড খাটি থকা কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধুক বিশেষ খাদ্য গ্ৰহণ কৰিবলৈ আদালতে অনুমতি দিছে। এই খাদ্য তালিকাখন প্ৰকাশ হোৱাৰ পাছতে সকলোৰে মনত এটাই প্ৰশ্ন হৈছে যে এইখন কাৰাগাৰৰ খাদ্য তালিকা নে স্পাত উপলব্ধ খাদ্যৰ মেন্যু? তেওঁৰ স্বাস্থ্যজনিত অৱস্থাক বিবেচনা কৰি এনে খাদ্যৰ পৰামৰ্শ দিয়া হৈছে। ক্ৰিকেটাৰৰ পৰা ৰাজনীতিক হোৱা সিদ্ধুৰ দিনটো আৰম্ভ হৈছে ৰোজমেৰী চাহ, বগা পেঠাৰ ৰস বা নাৰিকলৰ পানীৰে। ব্ৰেকফাষ্টত তেওঁক দিব লাগে লেক্টজবিহীন গাখীৰ একাপ; এচামুচ ফ্লেক্স, ছানফ্লাৱাৰ, তৰমুজ জাতীয় ফল বা চিয়া বীজ; পাঁচ-ছয়টা আমণ্ড, এটা আখৰোট, আৰু দুটা পেকান বাদাম।
বিস্তৃত খাদ্য তালিকাখনঃ

পুৱাঃ এগিলাচ বুটমাহ বা পানীলাউ বা তিঁয়হ বা মৌছমী বা তুলসী আৰু পদিনা পাত বা আমলা বা সতেজ হালধী বা গাজৰ বা এলোভেৰাৰ ৰস।

নতুবা এটা ফল- তৰমুজ, তৰমুজ জাতীয় আন ফল, কিৱি, ষ্ট্ৰবেৰী, মধুৰী, আপেল বা কাঠ আপেল।

অংকুৰিত ক’লা চানা (২৫ গ্ৰাম) লগতে সেউজীয়া দাইল (২৫গ্ৰাম) লগতে তিঁয়হ/বিলাহী/আধা টুকুৰ নেমু/এভোকেডো।

দুপৰীয়াৰ আহাৰতঃ ৩০ গ্ৰাম জোৱাৰ , ৱাটাৰ-চেষ্টনাট আৰু ৰাগি আটা সমান পৰিমাণত দি তৈয়াৰ কৰা এখন ৰুটি।

ঋতু অনুসৰি সেউজীয়া শাক-পাচলিৰ তৰকাৰী আৰু তিঁয়হ বা পানীলাউৰ ৰাইটা এবাটি বা গঁজালি ওলোৱা বুটমাহৰ ৰাইটা।

তিয়ঁহ, বিলাহী, লেটুছ পাত আৰু হাফ লেমনৰ সেউজীয়া চালাড এবাটি আৰু এগিলাচ লচ্চি।

সন্ধিয়াঃ কম চৰ্বিযুক্ত গাখীৰ আৰু চেনি নোহোৱাকৈ ১০০ মিলিলিটাৰ চাহ একাপ, আৰু হাফ লেমনৰ সৈতে ২৫ গ্ৰাম পনীৰৰ টুকুৰা।

ৰাতিৰ আহাৰঃ মিশ্ৰিত শাক-পাচলি আৰু দাইলৰ চূপ/ক’লা বুটৰ চূপ এবাটি।

শোৱাৰ সময়তঃ একাপ কেমোমিল চাহ আৰু এচামুচ চাইলিয়াম আধা গিলাচ গৰম পানীৰ সৈতে।

You might also like