লাহৰীঘাটত গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত লুইতৰ পাৰত ৰাইজৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ২৬ মে: মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কাঠনিত আজি গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত লুইতৰ পাৰত ৰাইজে প্ৰতিবাদ সাৱ্যস্ত কৰে ।ইয়াৰ লগতে পাৰঘাট বন্ধ কৰাৰ দাবী স্থানীয় ৰাইজৰ ।কাঠনি অঞ্চলত যোৱা কিছুদিন ধৰি অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া। এই বিধ্বংসী গৰাখহনীয়া প্ৰতিৰোধত জলসম্পদ বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি প্ৰতিবাদতত নামে নৈপৰীয়া ৰাইজ ।ইফালে চৰ চাপৰিৰ পৰা আহ যাহ কৰা ইঞ্জিন চালিত নাৱৰে অঞ্চলটোলৈ কঢ়িয়াইছে বিপদ।প্ৰতি বৃহস্পতিবাৰ আৰু ৰবিবাৰে পাৰঘাটত প্ৰায় শতাধিক ইঞ্জিন চালিত নাও চলাচল কৰে।ফলত অঞ্চলটোত ব্যাপক হাৰত বৃদ্ধি পাইছে গৰাখহনীয়া।ইফালে অঞ্চলটোত চলাচল কৰি থকা ইঞ্জিন চালিত নাও সমূহ বন্ধ কৰিবলৈ স্থানীয় ৰাইজে প্ৰশাসনক দাবী জনাইছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে।ফলত বৃহস্পতিবাৰে কাঠনিৰ নৈপৰীয়া ৰাইজ প্ৰশাসনৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ ।জলসম্পদ বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ।প্ৰতিবাদকাৰীৰ দাবী গৰাখহনীয়া প্ৰতিৰোধৰ লগতে ইঞ্জিন চালিত নাও সমূহৰ ঘাট স্নানান্তৰ কৰক ।
প্ৰেৰক আবুল কালাম