দেৱ প্ৰডাকচন চুটি ছবি ‘দ্য ৰং ৰোড….Truth of Lifeলৈ বিশেষ সন্মান
নিয়মীয়া বার্তা, ২৭ মেঃ তিনিজন উদ্যমী যুৱক ক্ৰমে কাজল দেৱ , ৰাজ কুমাৰ আৰ্য আৰু ৰাজ খাওন্দৰ প্ৰচেষ্টাত গঢ়ি উঠা দেৱ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ‘দ্য ৰং ৰোড …Truth of Life’ নামৰ চুটি ছবিখনে কেইবাটাও বঁটা পাবলৈ সক্ষম হৈছে।চলিত মাহৰ দুই মে’ত কলকাতাৰ শৰত সদনত অনুষ্ঠিত দ্বিতীয় গ্ৰেট ইণ্ডিয়া ফিল্ম ফেষ্টিভেলত জুৰিৰ বিশেষ বঁটা লাভ কৰে। ইয়াৰ পূৰ্বেও চুটি ছবিখনে ইণ্ডিয়ান ফিল্মমেকাৰ ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ কাহিনী, ইণ্ডি চিনে ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ কাহিনী, শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰিছে। আনহাতে মুম্বাই ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ অফিচিয়েল চিলেকচনত থকা ছবিখন গুৱাহাটীত অনুষ্ঠিত চতুৰ্দশ গুৱাহাটী ফিল্ম ফেষ্টিভেলতো প্ৰদৰ্শিত হৈছিল। চুটি ছবি ‘দ্য ৰং ৰোড …Truth of Life’ৰ অভিনয়ত আছে পাৰ্থপ্ৰতিম বৰুৱা। দৃশ্যগ্ৰহনত বেদ বৰা। প্ৰযোজনা কৰিছে কাজল দেৱ আৰু ৰাজ কুমাৰ আৰ্যই। কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা নয়নী বৰগোহাঁইৰ। উল্লেখ্য মাৰাঠী চুটি ছবি ‘হে দেবা’ ৰ চিত্ৰনাট্যৰ বাবেও পৰিচালিকা নয়নী বৰগোহাঁয়ে মুম্বাই ফিল্ম ফেষ্টিভেলত সন্মানিত হৈছিল। দেৱ প্ৰডাকচনৰ বেনাৰত নিৰ্মীয়মাণ অৱস্থাত থকা কেইখনমান ছবি হৈছে ‘ইউ টাৰ্ণ…লেটচ ষ্টাৰ্ট এগেইন’, ‘অক্টাপাছ’ আৰু নাম স্থিৰ নোহোৱা দুখন তথ্যচিত্ৰ।
প্ৰেৰক পুলকজ্যোতি বৰা