ফ্রেন্স অ’পেনত চতুর্দশ খিতাপ অর্জন স্পেনিছ তাৰকা নাডালৰ
নিয়মীয়া বাৰ্তা,৬ জুনঃ ৰাফেল নাডালক কিয় ক্লে–ক’টৰ সম্রাট বুলি কোৱা হয়, সেই কথা পুনৰ প্রমাণ কৰিলে ফ্রেন্স অ’পেনৰ খিতাপ যুঁজত৷ স্পেনিছ তাৰকাগৰাকীয়ে আজি অনুষ্ঠিত প্রতিযোগিতাখনৰ ফাইনেলত অতি সহজে বিপক্ষ খেলুৱৈ কেছপাৰ ৰুডক পৰাভূত কৰি চতুর্দশবাৰৰ বাবে চেম্পিয়নৰ সন্মান অর্জন কৰে৷
একপক্ষীয় ফাইনেলত মহাতাৰকাগৰাকীয়ে ৰুডক ৬–৩, ৬–৩, ৬–০ ছেটৰ পোনপটীয়া ব্যৱধানত পৰাজিত কৰি ৰোলাঁ গাৰোত শেষ হাঁহি মাৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে কেইসপ্তাহমান পূর্বেই বাঁওভৰিৰ আঘাতৰ বাবে কাতৰ হৈ পৰিছিল নাডাল৷ কিন্তু আঘাতেও যেন কিংবদন্তিসকলৰ ওচৰত বশ্যতা স্বীকাৰ কৰি লয়৷ ৩৬ বছৰীয়া নাডালে নৰৱে’ৰ ২৩ বছৰীয়া তাৰকাগৰাকীক পৰাজিত কৰি খিতাপ জয় কৰাৰ লগতে গ্রেণ্ডশ্লামৰ সংখ্যা ২২লৈ বৃদ্ধি কৰি অভিলেখ সৃষ্টি কৰিলে৷
মেচখনত প্রথম দুটা ছেটত সামান্য যুঁজ দিলেও তৃতীয়টো ছেটত নাডালৰ সন্মুখত অসহায় আত্মসমর্পণ কৰে ৰুডে৷ ফলত তেওঁৰ প্রিয় ক’টত নজিৰ গঢ়ি জীৱনৰ ২২সংখ্যক গ্রেণ্ডশ্লাম ট্রফী আঁজুৰি আনে নাডালে৷ কেৱল ইয়াতেই শেষ নহয়৷ চেম্পিয়ন হৈ একাধিক অভিলেখৰ গৰাকী হ’ল তেওঁ৷ আটাইতকৈ বয়স্ক টেনিছ তাৰকা হিচাপে ক্লে–ক’টত খিতাপ জয়ৰ অভিলেখ এতিয়া নাডালৰ দখলত৷ ২০০৫ চনত ১৯ বছৰ বয়সত প্রথমবাৰ পেৰিছত খিতাপ দখল কৰিছিল স্পেনিছ তাৰকাগৰাকীয়ে৷
ইয়াৰ পিছত এটা এটাকৈ অর্জন কৰিলে ১৪টা খিতাপ৷ বিশ্বৰ কোনো মহিলা অথবা পুৰুষ টেনিছ খেলুৱৈয়ে পেৰিছৰ এই ক’টত ১৪টা খিতাপ জয় কৰিব পৰা নাই৷ ৰ’জাৰ ফেডেৰাৰ, ন’ভাক জক’ভিচক অতিক্রম কৰি এতিয়া টেনিছ বিশ্বৰ অবিসম্বাদী সম্রাট ৰাফেল নাডাল৷ উল্লেখ্য যে দুদিন পূর্বে জন্মদিন আছিল নাডালৰ৷ আজি নিজেই নিজক জন্মদিনৰ শ্রেষ্ঠ উপহাৰটো প্রদান কৰিলে স্পেইনৰ টেনিছ তাৰকাগৰাকীয়ে৷