নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ঘোষণা কৰা হ’ল মেট্রিক–হাইমাদ্রাছা পৰীক্ষাৰ ফলাফল

নিয়মীয়া বাৰ্তা, ৭ জুনঃ ক’ভিড পৰিস্থিতিৰ পাছত অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্রাছা পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়৷ অনলাইনযোগে পুৱা ১০ বজাত এই ফলাফল ঘোষণা কৰা হয়৷ ইতিমধ্যে অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)এ ঘোষণা কৰা অনুসৰি আজি ১৪টা ৱেবছাইট আৰু এটা ম’বাইল এপত উপলব্ধ হৈছে পৰীক্ষাৰ ফলাফল৷ পৰীক্ষার্থীয়ে নিজৰ ৰোল, নম্বৰটো বহুৱাই নির্দিষ্ট স্থানত ক্লিক কৰিলেই লাভ কৰিব ফলাফল৷ আনহাতে, ডাউনলোড কৰি লাভ কৰিব পাৰিব মার্কশ্বীট আৰু উত্তীর্ণৰ প্রমাণ–পত্র৷

ইপিনে এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম দহটা স্থান দখল কৰিবলৈ সক্ষম হৈছে মুঠ ৫৫ গৰাকী শিক্ষাৰ্থীয়ে ৷ স্থান প্ৰাপকসকলৰ ভিতৰত প্ৰথম তিনিটা স্থানপ্ৰাপ্তসকল হ’ল ক্ৰমে,

প্ৰথম স্থান: ৰক্তোৎপল শইকীয়া, লখিমপুৰ

দ্বিতীয় স্থান: ভূয়সী মেধি, নলবাৰী

তৃতীয় স্থান: মৃদুপৱন কলিতা, পশ্চিম কাৰ্বি আংলং

তৃতীয় স্থান: লাবীব মুজিব, ডিব্ৰুগড়

তৃতীয় স্থান: পাৰ্থ প্ৰতীম দাস, লখিমপুৰ

উল্লেখ্য যে এইবাৰ হাইস্কুল–হাইমাদ্রাছা পৰীক্ষাত ৪,৩১,১৩২গৰাকী পৰীক্ষার্থী অৱতীর্ণ হৈছিল৷ আনহাতে, ছেবাই এটা ম’বাইল এপো এইবাৰ মুকলি কৰিছে৷ ম’বাইলৰ প্লেষ্ট’ৰত গৈ SEBA Results, 2022 এই এপটো ডাউনলোড কৰি শিক্ষার্থীয়ে ৰোল নং সন্নিৱিষ্ট কৰিলেই মার্কশ্বীটখন ডাউনলোড কৰিব পাৰিব৷ ইয়াৰ উপৰি প্রতিখন বিদ্যালয়ত ছেবাই ফলাফলৰ পি ডি এফ ফাইল একোটা প্রেৰণ কৰিছে৷ এই পি ডি এফ ফাইলত প্রতিখন স্কুলৰ মেট্রিকৰ ফলাফলৰ লগতে শিক্ষার্থীৰ মার্কশ্বীটসমূহো উপলব্ধ হ’ব৷ একাদশ শ্রেণীত নামভর্তিৰ ক্ষেত্রত শিক্ষার্থীয়ে নিজৰ মার্কশ্বীট ডাউনলোড কৰি সংশ্লিষ্ট কর্তৃপক্ষৰ আগত দেখুৱালে ইয়াক গ্রাহ্য কৰা হ’ব বুলি ছেবা কর্তৃপক্ষই উল্লেখ কৰিছে৷ ছাত্র–ছাত্রীয়ে মার্কশ্বীটৰ লগতে মেট্রিক উত্তীর্ণৰ প্রমাণ–পত্রও ডিজিটেল মাধ্যমেৰে লাভ কৰিব৷

উল্লেখ্য যে অন্তিমবাৰৰ বাবে মেট্রিক পৰীক্ষাৰ প্রথম শীর্ষ ১০টা স্থান এইবাৰ ঘোষণা কৰা হ’ল৷ ইফালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে প্রকাশ কৰা মতে, মেট্রিকৰ ফলাফল ঘোষণাৰ পাছতেই অর্থাৎ আজিৰ পৰাই উচ্চতৰ মাধ্যমিকৰ প্রথম বর্ষত নামভর্তিৰ বাবে ‘দর্পণ’ নামৰ প’র্টেল মুকলি কৰা হ’ব৷ মেট্রিকত উত্তীর্ণ ছাত্র–ছাত্রীসকলে এই ‘দর্পণ’ প’র্টেলৰ জৰিয়তে যিখন শিক্ষানুষ্ঠানত নামভর্তি কৰিব বিচাৰে, তাৰ বাবে আবেদন কৰিব পাৰিব৷ ৭ জুনৰ পৰা ১৮ জুনলৈ নামভর্তিৰ বাবে এই প’র্টেল খোলা থাকিব৷ www.darpan.ahsecoline.in, www.ahsec.assam.gov.in এই ৱেবছাইটৰ জৰিয়তে শিক্ষার্থীয়ে নামভর্তিৰ আবেদন কৰিব পাৰিব৷

You might also like