২০২১–২২ বিত্তীয় বর্ষত অসম শক্তি বিতৰণ কোম্পানীৰ ৩০০ কোটি টকাৰ লাভ
বিগত বর্ষৰ জুলাই মাহত সর্বাধিক ৰাজহ সংগ্রহ ৬৮২.২৫ কোটি টকা
নিয়মীয়া বাৰ্তা, ৭ জুনঃ প্রতিটো বর্ষতে লোকচানৰ সন্মুখীন হৈ অহা অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, চমুকৈ এ পি ডি চি এলে অৱশেষত লাভৰ মুখ দেখিছে৷ শক্তি বিভাগৰ অন্যতম মূল ৰাজহ সংগ্রহকাৰী প্রতিষ্ঠান হিচাপে চিহ্ণিত হৈ অহা এ পি ডি চি এলৰ ব্যর্থতাই চৰকাৰক সমস্যাত পেলোৱাই নহয়, শক্তি বিতৰণৰ ক্ষেত্রতো এক অনিশ্চয়তাৰ দিশলৈ ঠেলি দিছিল৷ কিন্তু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিশেষ তৎপৰতা আৰু কৌশলী পদক্ষেপৰ পাছতে অৱশেষত লোকচানৰ সন্মুখীন হৈ অহা এ পি ডি চি এলে লাভদায়ক কোম্পানী ৰূপে প্রতিষ্ঠিত হ’বলৈ ধৰিছে৷
২০২০–২১ বিত্তীয় বর্ষত এ পি ডি চি এলে লোকচানৰ সন্মুখীন হৈছিল ২৯২ কোটি টকাৰ৷ কিন্তু ২০২১–২২ বিত্তীয় বর্ষত এ পি ডি চি এলে ৩০০ কোটি টকাৰ লাভৰ মুখ দেখিছে৷ এ পি ডি চি এলৰ এক সূত্রই প্রকাশ কৰা অনুসৰি বিদ্যুতৰ বিল সময় মতে প্রস্তুত কৰাৰ ক্ষেত্রত প্রতিষ্ঠানটোৱে ৮ শতাংশ দক্ষতা বৃদ্ধি কৰাৰ ফলত ৰাজহ সংগ্রহ বৃদ্ধি পাইছে৷ ২০২১ চনৰ জুন মাহৰ পৰা চলিত বর্ষৰ মার্চ মাহলৈকে এ পি ডি চি এলে গ্রহণ কৰা কৌশলী পদক্ষেপৰ ফলতে লাভৰ সন্মুখীন হোৱাই নহয়, এই সময়ছোৱাত বিগত দীর্ঘদিন ধৰি বিদ্যুতৰ বিল আদায় নিদিয়া ৰাজ্য চৰকাৰৰ ৯টা বিভাগৰ পৰা ১৬২.২৮ কোটি টকা সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷
সেয়াই নহয়, এই সময়ছোৱাত এ পি ডি চি এলে সংগ্রহ কৰা মুঠ ৰাজহৰ পৰিমাণ হৈছে ৬,০৫৪ কোটি টকা৷ আনকি এই সময়ছোৱাত বকেয়া হিচাপে থকা ৫১৯ কোটি টকাও সংগ্রহ কৰিবলৈ সক্ষম হৈছে কোম্পানীটোৱে৷ অর্থাৎ ৰাজহ সংগ্রহৰ এই দক্ষতা ১০৮ শতাংশলৈ বৃদ্ধি কৰা হৈছে৷ অৱশ্যে প্রতিকূল বতৰৰ বাবে চলিত বর্ষৰ এপ্রিল মাহত ৰাজহ সংগ্রহৰ লক্ষ্যৰ পৰা কিছু পিছুৱাই আহিব লগা হৈছে এ পি ডি চি এল৷ এপ্রিল মাহত ৰাজহ সংগ্রহৰ লক্ষ্য আছিল ৫০১ কোটি টকা৷ তাৰ বিপৰীতে কোম্পানীটোৱে সংগ্রহ কৰিছে ৪৪৩.৪৯ কোটি টকা৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি ২০২১ চনৰ এপ্রিল মাহত ৰাজহ সংগ্রহ হৈছিল ৪৬৩.৫৫ কোটি টকা৷
ইফালে বিগত বর্ষৰ জুলাই মাহত এ পি ডি চি এলে সর্বাধিক বিদ্যুৎ বিল সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ ২০২১–২২ বর্ষৰ জুলাই মাহত এ পি ডি চি এলৰ ৰাজহ সংগ্রহৰ পৰিমাণ আছিল ৬৮২.২৫ কোটি টকা৷ কোম্পানীৰ ৰাজহ সংগ্রহৰ দক্ষতা এই সময়ছোৱাত ১২৭ শতাংশলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ চলিত বর্ষত এ পি ডি চি এলে ৰাজহ সংগ্রহৰ নির্ধাৰিত লক্ষ্য অতিক্রম কৰিবলৈ সক্ষম হৈছে৷ সেই অনুসৰি জানুৱাৰী মাহত ৪৪১.৭৮ কোটি টকা, ফেব্রুৱাৰী মাহত ৪৬২.৫৮ কোটি টকা আৰু মার্চ মাহত ৫১৮.২৮ কোটি টকাৰ ৰাজহ সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷