নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত কৃতিত্বৰ ধাৰা অব্যাহতঃ চাৰিটাকৈ স্থান দখল কৰিলে ডিব্ৰুগড়ে

বিশেষ বাৰ্তা, ৭জুনঃ আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ডিব্ৰুগড় জিলাৰ চাৰিগৰাকী কৃতী ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যখনৰ ভিতৰতে স্থান লাভ কৰি অসমৰ লগতে জিলাখনলৈ গৌৰৱ কৰিয়াই আনিবলৈ সক্ষম হৈছে।ডিব্ৰুগড়ৰ ডনবক্স উচ্চতৰ মাধ্যামিক বিদ্যালয়ৰ ছাত্র লাবিব মুজিবে অসমীয়াত ৯৭ নম্বৰ, ইংৰাজীত ১০০ নম্বৰ, সাধাৰণ গণিতত ৯৮ নম্বৰ, সাধাৰণ বিজ্ঞানত ১০০ নম্বৰ, সমাজ বিজ্ঞানত ১০০ নম্বৰ আৰু ঐচ্ছিক গণিত ১০০ নম্বৰৰে মুঠ ৫৯৫ নম্বৰ সংগ্ৰহৰে ৰাজ্যৰ ভিতৰত তৃতীয় স্থান লাভ কৰে।ডিব্ৰুগড় চহৰৰ ক’ল ৰোডৰ নিবাসী বিশিষ্ট দন্ত চিকিৎসক মুজিব খান আৰু চৰঞ্জিত ক’ৰ খানৰ পুত্ৰ লাবিব খানে দৈনিক ৬/৭ ঘন্টাকৈ নিয়মিত অধ্যয়ন কৰাৰ লগতে খেলৰো অনুশীলন কৰিছিল।আশা কৰা মতেই ফলাফল লাভ কৰা বুলি সদৰী কৰি লক ডাউনৰ সময়ত কিছু অসুবিধাৰ সন্মুখীন হোৱা বুলিও উল্লেখ কৰে।ডিব্ৰুগড় ডনবক্স উচ্চতৰ মাধ্যামিক বিদ্যালয়ৰ কৃতি ছাত্ৰ গৰাকী এগৰাকী ৰাজ্যিক পৰ্যায়ৰ বেডমিন্টন খেলুৱৈ হোৱাৰ লগতে লাবিব মুজিবে পিতৃৰ পদাংক অনুকৰণ কৰি বিজ্ঞান বিভাগত ডিব্ৰুগড়ৰ বিদ্যালয়তে অধ্যয়ন কৰি ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ লক্ষ্য ৰাখিছে।ঘৰুৱা শিক্ষকৰ সহায় লোৱা কৃতি ছাত্ৰগৰাকীয়ে,মাক-দেউতাকৰ লগতে শিক্ষাগুৰু সকল এই কৃতিত্বৰ অংশীদাৰ বুলি অভিহিত কৰে। আনহাতে ডিব্ৰুগড় ছল্টব্ৰুক স্কুলৰ পৰা ধৃতীস্মান দত্তই অসমীয়াত ৯৫ নম্বৰ, ইংৰাজীত ৯৮ নম্বৰ, সাধাৰণ গণিতত ১০০ নম্বৰ, সাধাৰণ বিজ্ঞানত ১০০ নম্বৰ, সমাজ বিজ্ঞানত ৯৬ নম্বৰ আৰু ঐচ্ছিক গণিত ১০০ নম্বৰৰে মুঠ ৫৮৯ নম্বৰ সংগ্ৰহৰে নৱম স্থান অধিকাৰ কৰি সাংবাদিকৰ আগত কয় যে আশা কৰামতেই ফলাফল লাভ কৰি অত্যন্ত সুখী।ঘৰুৱা শিক্ষকৰ সহায় নোলোৱাকৈ আৰু বিশেষ কষ্ট নকৰি এই স্থান লাভ কৰিছে।ডিব্ৰুগড়তে বিজ্ঞান শাখাত নাম ভৰ্তি কৰি ভবিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ মন পুহি ৰাখিছে।পৰীক্ষা বুলি বিশেষ টেনচন নলৈ নিয়মিতভাৱে পঢ়া-শুনা কৰিলে ভাল ফলাফল লাভ কৰিব পাৰি।অৱসৰৰ সময়ত গীটাৰ বজোৱা,চেচ খেলা,উপন্যাস পঢ়া কৃতি ছাত্ৰ গৰাকীয়ে ছবি আঁকি ভাল পাইছিল।লক্ষীমপুৰৰ নাৰায়ণপুৰ চিভিল হস্পিটেলৰ চিকিৎসা বিষয়া ডাঃ ৰাজীৱ দত্ত আৰু ডিব্ৰুগড় পলিটেকনিক ফিজিক্স বিভাগৰ অধ্যাপিকা ড° তুলিকা তামুলীৰ সুযোগ্য সন্তান ধৃতিস্মান।আনহাতেদি ডিব্ৰুগড় চহৰৰ উদয়পুৰৰ নিবাসী তথা ব্যৱসায়ী অজয় ভট্টাচাৰ্য আৰু চহৰখনৰ জ্যোতি বিদ্যাপীঠৰ শিক্ষয়িত্ৰী ৰীতা ভটাচাৰ্যৰ কৃতি কন্যা অন্যন্যা ভৰদ্বাজে অসমীয়াত ৯৭ নম্বৰ, ইংৰাজীত ৯৫ নম্বৰ, সাধাৰণ গণিতত ১০০ নম্বৰ, সাধাৰণ বিজ্ঞানত ৯৬ নম্বৰ, সমাজ বিজ্ঞানত ১০০ নম্বৰ আৰু ঐচ্ছিক গণিত ১০০ নম্বৰৰে মুঠ ৫৮৮ নম্বৰ সংগ্ৰহৰে ৰাজ্যৰ ভিতৰতে দশম স্থান লাভ কৰিবলৈ সক্ষম হয়।এক উদুলি-মুদুলি পৰিবেশৰ মাজত কৃতি ছাত্ৰী গৰাকীয়ে সৰুৰে পৰা এনে এক আশা মনতে পুহি ৰখা বুলি জানিবলৈ দি কয় যে কঠোৰ অধ্যৱসায়, শিষ্টাচাৰ,নিয়মানুৱৰ্তিতাই একোজন শিক্ষাৰ্থীক নিজ লক্ষ্যত উপনীত হোৱাত সহায় কৰে।ঘৰুৱা শিক্ষকৰ লোৱা কৃতি ছাত্ৰী অন্যন্যাই পৰীক্ষাৰ আগত দৈনিক ১৫/১৬ ঘন্টাকৈ অধ্যয়ন কৰিছিল।বৰ্তমানে ডিব্ৰুগড়তে বিজ্ঞান বিভাগত নাম ভৰ্তি কৰি ভবিষ্যতৰ দিশ পৰৱৰ্তী সময়তহে ঠিৰাং কৰিব বুলি সদৰী কৰে।শিক্ষয়িত্ৰী মাতৃ ৰীতা ভট্টাচাৰ্য আৰু ব্যৱসায়ী পিতৃ অজয় ভট্টাচাৰ্যৰ লগতে সমূহ শিক্ষাগুৰুক এই কৃতিত্বৰ বাবে শলাগ জ্ঞাপন কৰে। আনহাতেদি টেঙাখাটৰ জাতীয় বিদ্যালয়ৰ অনিকংকনা গগৈয়ে অসমীয়াত ৯১ নম্বৰ, ইংৰাজীত ১০০ নম্বৰ, সাধাৰণ গণিতত ১০০ নম্বৰ, সাধাৰণ বিজ্ঞানত ৯৭ নম্বৰ, সমাজ বিজ্ঞানত ১০০ নম্বৰ আৰু ঐচ্ছিক গণিত ১০০ নম্বৰ লাভেৰে ৰাজ্যৰ ভিতৰতে দশম স্থান লাভ কৰিবলৈ সক্ষম হয় ।

প্ৰেৰক বিভাস দুৱৰা

You might also like