কিশোৰৰ শৰীৰত ট্যাটু নিষিদ্ধ কৰিলে চীন চৰকাৰে
নিয়মীয়া বাৰ্তা, ৮ জুন: এইবাৰ নতুন ফতোৱা জাৰি কৰিছে চীনে৷ নাবালকসকলে নিজৰ শৰীৰত ট্যাটু কৰিব নোৱাৰিব৷ দেশখনৰ গৃহ মন্ত্রালয়ে এই নতুন নির্দেশনা জাৰি কৰিছে৷ সমাজতান্ত্রিক মতাদর্শৰ সৈতে সম্পর্ক নাই ট্যাটু সংস্কৃতিৰ৷ সেইবাবে এই নির্দেশ দিছে বেইজিং প্রশাসনে৷ যদি কোনো ট্যাটু পার্লাৰত কিশোৰ তথা কিশোৰীসকলৰ ট্যাটু কৰোৱা হয়, তেন্তে তেনে পার্লাৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰিব চৰকাৰে৷ দেশখনৰ গৃহ মন্ত্রালয়ে এক বিবৃতি জাৰি কৰি এই সন্দর্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিয়াৰ পাছতে বিষয়টোক লৈ ব্যাপক চর্চা চলিছে৷
লক্ষণীয়ভাৱে যিসকল কিশোৰ–কিশোৰীয়ে পূর্বতে শৰীৰত ট্যাটু কৰাইছে তেওঁলোকে এই ট্যাটু উঠাই পেলাব লাগিব বুলিও ঘোষণা কৰা হৈছে বিবৃতিটোত৷ সেই ক্ষেত্রত তেওঁলোকক প্রয়োজনীয় চিকিৎসা সম্পর্কীয় পৰামর্শ চৰকাৰৰ পৰা প্রদান কৰা হ’ব৷ কেইবাটাও দপ্তৰৰ সৈতে আলোচনা কৰাৰ পাছত গৃহ মন্ত্রালয় এই সিদ্ধান্তত উপনীত হয়৷ লক্ষণীয়ভাৱে দেশখনৰ কমিউনিষ্ট পার্টীয়ে পূর্বৰে পৰা ট্যাটু সংস্কৃতিৰ বিৰোধ কৰি আহিছে৷ ইয়াৰ উপৰি স্বাস্থ্য মন্ত্রালয় আৰু যুৱ কল্যাণ দপ্তৰেও নাবালকসকলৰ বাবে ট্যাটু সংস্কৃতি গ্রহণযোগ্য নহয় বুলি ঘোষণা কৰি আহিছিল৷