নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাৰ খোৰাগাঁৱত উত্তপ্ত পৰিস্থিতিঃ আদৰ্শ আৱাসিক বিদ্যালয়ৰ ভূমিক লৈ দুই পক্ষৰ মাজত সংঘৰ্ষ

নিয়মীয়া বাৰ্তা, ৮ জুনঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত খোৰাগাৱত নিৰ্মাণ হবলগীয়া  আদৰ্শ আৱাসিক বিদ্যালয়ৰ নিৰ্মাণৰত কামক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।নিৰ্মাণৰত বিদ্যালয়খনৰ ভূমিক লৈ আজি দুটা ফৈদৰ মাজত সংঘটিত সংঘৰ্ষত এগৰাকী মহিলা আহত হয় । প্ৰাপ্ত খবৰ মতে, খোৰাগাঁও প্ৰথম খণ্ড গাঁৱত ত্ৰিশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া আদৰ্শ আৱাসিক বিদ্যালয়খনৰ নিৰ্মাণৰ বাবে আজি পুৱা একাংশ শ্ৰমিকে কাম কৰি থাকে । পিছত উক্ত ভূমিত নিৰ্মাণ হবলগীয়া বিদ্যালয়খনৰ বিৰোধিতা কৰা তথা পূৰ্বৰ পৰা ভূমি বেদখলকৰা  স্থানীয় একাংশ পুৰুষ-মহিলা উক্ত স্থানত উপস্থিত হৈ শ্ৰমিকক বাধা প্ৰদান কৰে।শ্ৰমিকক কামত বাধা প্ৰদান কৰাত স্থানীয় একাংশ লোকৰ সৈতে শ্ৰমিকক বাধা প্ৰদান কৰা পুৰুষ-মহিলাৰ দলটোৱে কাজিয়াত লিপ্ত হয় । ফলত দুয়ো পক্ষৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয় ।ইপিনে উক্ত স্থানত পূৰ্বৰ পৰা উপস্থিত থকা আৰক্ষীৰ লোককো পুৰুষ-মহিলাৰ দলটোৱে  আক্ৰমণ কৰিব’লৈ উদ্ধত হয়। জনা মতে দুয়ো পক্ষৰ সংঘৰ্ষত এগৰাকী মহিলা গুৰুতৰভাবে আহত হয় । ঘটনাস্থলীত উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া নিতুমনি দাস,সৃজনগ্ৰাম ৰাজহচক্ৰ বিষয়া আৰু  যোগীঘোপা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । জনা মতে , খোৰাগাওৰ ১ম খণ্ডৰ চৰকাৰী ভুমিত বসবাস কৰা কেইবাটাও পৰিয়ালক উচ্ছেদ কৰি বিদ্যালয় নিৰ্মাণক কেন্দ্র কৰি স্থানীয় একাংশ লোকে আজি উত্তেজনাৰ সৃষ্টি কৰে।জনা মতে, উক্ত চৰকাৰী ভূমিত কেইবাটাও পৰিয়ালে ভূমি বেদখল কৰি আহিছিল । প্ৰশাসনে ভৃমি বেদখলকাৰীক উচ্ছেদ কৰি বিদ্যালয় নিৰ্মাণ কৰাত বেদখলকাৰীয়ে বাধা প্ৰদান কৰে ।উক্ত লোক সকলে বিদ্যালয়খন পূৰ্বে নিৰ্মাণ হবলগীয়া কছাৰীপাৰাত বিদ্যালয়খন নিৰ্মাণ কৰিবলৈ দাবী জনাইছিল ।ইয়াকে অঞ্চলটোত কিছুদিনৰ পৰাই ভিতৰে ভিতৰে এক চেপা উত্তেজনাই বিৰাজ কৰি আহিছিল ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like