সত্র–নামঘৰৰ ভৱিষ্যৎ
অসম মাথোঁ এটা ধর্মীয় বিশ্বাস, পৰম্পৰা অথবা আস্থাক অনুসৰণ কৰা লোকৰ বসতি নহয়৷ ৰাজ্যখন হিন্দুু, মুছলমান, বৌদ্ধ, খ্রীষ্টান, জৈন সকলো ধর্মৰে লোকৰ বসতিস্থল৷ হিন্দুুৰ মাজতো আছে কেইবাটা শাখা৷ কোনোৱে মূর্তি পূজা কৰে৷ কোনোটো শাখা ইয়াৰ সম্পূর্ণ বিপৰীত৷ তদুপৰি জনজাতীয় সমাজতো নিজা নিজা বিশ্বাস আৰু আস্থাৰ পৰম্পৰা আছে৷ সংবিধানে সকলোকে ধর্ম অনুসৰণৰ সমান অধিকাৰ দিছে৷ অনুসৰণকাৰীৰ সংখ্যা যিয়েই নহওক, সকলোৱে সেই অধিকাৰ দ্বিধাহীনভাৱে ভোগ কৰি আহিছে৷ সংবিধানে কাৰো প্রতি কোনো ধৰণৰ বৈষম্যৰ সুযোগ দিয়া নাই৷ কিন্তু যদি ভালদৰে লক্ষ্য কৰা যায়, অসমত কিছুমান ধর্মাৱলম্বীৰ পৱিত্র অনুষ্ঠানৰ বর্তমান বৰ সুখকৰ নহয়৷ বৰং ক’ব পাৰি, অতি সংকটজনক৷ তাৰে মাজৰ এটা হৈছে সত্র–নামঘৰ৷ সত্র আৰু নামঘৰত ধর্মৰ চর্চা হয়৷ মোক্ষপ্রাপ্তিৰ সন্ধান কৰা হয়৷ কিন্তু ইমানতে সেইবোৰৰ ভূমিকা শেষ হৈ নাযায়৷ ইয়ে আন বহু ধর্মীয় অনুষ্ঠানৰ সৈতে সত্র আৰু নামঘৰৰ পার্থক্য আনি দিছে৷ সত্রকৃষ্টি–সংস্কৃতিৰ্ উর্বৰ ভূমি৷ মাজুলীৰ সত্রসমূহত হোৱা কৃষ্টি–সংস্কৃতিৰ চর্চা সকলোৱে জানে৷ বৰপেটা সত্রত কেৱল নাম–প্রসংগই নহয়, সেইটো কলা–কৃষ্টিৰো ভাণ্ডাৰ৷ অসমৰ সমাজ জীৱনত সত্র আৰু নামঘৰৰ এটা সুকীয়া পৰিচয় আছে৷ ইয়ে অসমৰ বাহিৰত অসমীয়াৰ পৰিচয়ো বহন কৰে৷ সৰল অর্থত ক’বলৈ গ’লে অসমত সত্র আৰু নামঘৰৰ গুৰুত্ব, মূল্য, ভূমিকা আৰু তাৎপর্য সীমাহীন৷ সেয়ে ইয়াৰ সংৰংক্ষণ চৰকাৰৰ এটা প্রাথমিক দায়িত্ব৷ এই দায়িত্বৰ পৰা চৰকাৰ এখনে কোনো কাৰণতে নিজকে আঁতৰাই ৰাখিব নোৱাৰে৷ কিন্তু অসমৰ বাবে এইটোৱেই নইমান দিনে দুর্ভাগ্য কথা হৈ আছিল৷ পূর্বৰ কোনো এখন চৰকাৰে সত্র আৰু নামঘৰৰ সংৰক্ষণ, সংবর্ধনত যথোচিত গুৰুত্ব আৰোপ নকৰিলে৷বৰং ইয়াৰ সংকটমুখী যাত্রাক দূৰৈৰ পৰা চাই থাকিল৷ বহু ক্ষেত্রত ৰাজনৈতিক মুনাফা াদায় অথবা ক্ষতি হোৱাৰ ভয়তে নীৰৱতা অৱলম্বন কৰা হ’ল৷ ইয়াৰ ফলত সত্র আৰু নামঘৰৰ দুৰৱস্থাই কেনে ৰূপ লাভ কৰিলে, সেয়া ৰাজ্য চৰকাৰে গঠন কৰি দিয়া সত্রৰ ভূমি বেদখলমুক্ত অধ্যয়ন সমিতিৰ প্রতিবেদনে স্পষ্ট কৰি দিছে৷ প্রতিবেদনখনত অসমৰ সত্র, নামঘৰৰ দুৰৱস্থাৰ এখন ভয়ংকৰ ছবি প্রতিফলিত হৈছে৷ জীৱিত সমাজ এখনত বছৰ বছৰ ধৰি এনে ধৰণৰ ঘটনা কিদৰে সম্ভৱ হ’বলৈ পালে, সেয়া আশ্বর্যৰ বিষয়৷ চৰকাৰ, সমাজ, বুদ্ধিজীৱী সকলো যেন নিদ্রামগ্ণ হৈ আছিল আৰু তাৰে সুযোগত সত্র আৰু নামঘৰৰ ভূমিত নির্মমভাৱে বেদখল চলি থাকিল৷
সমিতিখনৰ অধ্যক্ষ প্রদীপ হাজৰিকাই প্রতিবেদনখন সন্দর্ভত প্রস্তুত কৰা প্রতিবেদনত এটা কথা প্রতিফলিত হৈছে যে এটা বিশেষ ধর্মাৱলম্বী লোকৰ আশে–পাশে থকা সত্র–নামঘৰৰ ভূমিত সর্বাধিক বেদখল হৈছে৷ এইটো গৱেষণাৰ বিষয়৷ কিয় বিশেষ বিশেষ অঞ্চলত সত্র–নামঘৰৰ ভূমি অধিক বেদখল হৈছে, তাৰ আঁৰত কিবা অভিসন্ধি আছে নেকি নে আন কাৰণত ব্যাপক হাৰত ভূমি বেদখল হৈছে, ভূমি বেদখলত ৰাজনৈতিক উচটনি বা উদগনি আছে নেকি, সেইবোৰ তথ্য আৰু সত্য পোহৰলৈ অহা উচিত৷ অন্যথা অনাগত দিনতো ৰাজ্যখনৰ সত্র–নামঘৰত বেদখল চলিয়েই থাকিব৷ পূর্বৰ চৰকাৰসমূহে সত্র–নামঘৰসমূহ স্থিতি আৰু অৱস্থিতি সন্দুর্ভত কোনো ধৰণৰ প্রণালীবদ্ধ অথবা পদ্ধতিগত, বিজ্ঞানসন্মত আঁচনি গ্রহণ নকৰিলে৷ বৰং ক’ব পাৰি যে নীৰৱে সকলো চাই থাকিল৷ সম্ভৱতঃ এইটোৱে সত্র–নামঘৰৰ ভূমি বেদখলত সবাতকৈ অধিক প্রেৰণা (?) যোগালে৷ সন্মুখত কোনো ধৰণৰ বাধা নাথাকিলে, ৰাজনৈতিক প্রশ্রয়ৰ সুবিধা থাকিলে ভূমি বেদখলকাৰী বেপৰোৱা হৈ পৰে৷ যদি আৰম্ভণিৰ পৰাই সত্র–নামঘৰ অথবা আন ধর্মীয় স্থলীৰ ভূমি বেদখলৰ ক্ষেত্রত চৰকাৰ কঠোৰ হ’লহেঁতেন, দ্বিতীয়বা কোনেও তেনে কাম কৰিবলৈ সাহস নকৰিলেহেঁতেন৷ সত্র–নামঘৰসমূহ ভূমি সংৰক্ষিত হৈ থাকিলহেঁতেন৷ কিন্তু তাকেই ইমান দিনে কৰা নহ’ল৷ এতিয়া সৌসিদিনা এবছৰ কার্যকাল সম্পূর্ণ কৰা চৰকাৰখনে কামটো কৰিবলৈ লৈছে৷ প্রদীপ হাজৰিকাৰ নেতৃত্বত গঠন কৰি দিয়া সমিতিখন এই প্রক্রিয়াৰে অংশ৷ সমিতিখনে সত্রৰ বর্তমান অৱস্থান সম্পর্কে চৰকাৰক অৱগত কৰিলে৷ চৰকাৰে তাৰে আধাৰত আৱশ্যকীয় ব্যৱস্থা কৰিব৷ প্রতিবেদনখন স্পষ্ট কৰি দিলে যে কোনখন সত্রৰ কিমান পৰিমাণৰ ভূমি বেদখল হৈ আছে৷ হাতত স্পষ্ট তথ্য থকাৰ পিছত সত্র–নামঘৰৰ ভূমি বেদখলকাৰীৰ পৰা উদ্ধাৰত চৰকাৰৰ তেনে বিষয়ক বাধা নাথাকিব৷ অৱশ্যে বাধা আহিব৷ বাধা আহিব ৰাজনৈতিক শক্তিৰ পৰা৷ তাৰে গৰিষ্ঠসংখ্যক হ’ব যিয়ে পূর্বতে সত্র–নামঘৰৰ ভূমি বেদখলত আঁৰৰ পৰা থাকি সহায় কৰিছিল৷ বাধা আহিব এটা বিশেষ ধর্মীয় গোষ্ঠীৰ ভোটলাভৰ তাডনাত বছৰটোৰ ৩৬৫ দিন ব্যস্ত থকা ৰাজনৈতিক দলৰ পৰা৷ তাত সত্র–নামঘৰৰ আচল গুৰুত্বটো নাথাকিব৷ থাকিব ৰাজনৈতিক বা আন ধৰণৰ মুনাফা আদায়ৰ ফন্দি৷ গতিকে য’ত যুক্তিতকৈ ফন্দি থাকে, সেইবোৰক উপেক্ষা কৰি চৰকাৰে সত্র–নামঘৰৰ ভূমি উদ্ধাৰ কৰাত মনোনিৱেশ কৰিব লাগে৷