ডিজিটেল প্রযুক্তিৰ অভূতপূর্ব বিকাশে মানুহৰ জীৱনধাৰা, যোগাযোগ, শিক্ষা আৰু মনোৰঞ্জনৰ ক্ষেত্রলৈ এক অভাৱনীয় পৰিৱর্তন লৈ আহিছে৷ এক কথাত ই এক নতুন বাস্তৱতাৰ সৃষ্টি কৰিছে৷ ইণ্টাৰনেট, স্মার্টফোন, সামাজিক মাধ্যম, কৃত্রিম বুদ্ধিমত্তা, অ’টিটি প্লেটফর্ম আদিৰ লগতে কম সময়ৰ দৈর্ঘ্যৰ ভিডিঅ’ই আজিৰ সমাজক গভীৰভাৱে প্রভাৱিত কৰিছে৷
এই পৰিৱর্তনৰ ঢৌৱে স্বাভাৱিকভাৱেই অসমকো সামৰি লৈছে৷ এই নতুন যুগটোত এটা গুৰুত্বপূর্ণ প্রশ্ন লাহে লাহে উত্থাপন হৈ আহিছে৷ ডিজিটেল জগতৰ এই দ্রুত আৰু প্রভাৱশীল বিস্তাৰৰ মাজত অসমীয়া ভাষা আৰু সংস্কৃতি কিমানখিনি সুৰক্ষিত হৈ আছে আৰু থাকিব৷
ভাষা অকল যোগাযোগৰ মাধ্যম নহয়, ই এখন সমাজৰ স্মৃতি, ইতিহাস, মূল্যবোধ আৰু আত্মপৰিচয়ৰ আধাৰ৷ অসমীয়া ভাষাই সাহিত্য, সংগীত, নাটক, লোক–সংস্কৃতি আৰু জ্ঞান চর্চাৰ এক সমৃদ্ধ ঐতিহ্য কেইবা শতিকা ধৰি বহন কৰি আহিছে৷
কিন্তু বর্তমানৰ ডিজিটেল পৰিৱেশত ভাষা আৰু সংস্কৃতিৰ অস্তিত্বৰ অৱস্থিতিৰ ৰূপ সলনি হৈ হৈছে৷ ভাষা–সংস্কৃতিলৈ এটা সময়ত প্রত্যাহ্বান আহিছিল উপনিৱেশবাদ বা ভাষিক আগ্রাসনৰ পৰা৷ আজি সেই প্রত্যাহ্বান আহিছে এলগৰিডম, গ্লোবেল কনটেণ্ট আৰু ডিজিটেল সংস্কৃতি আৰু উপভোক্তাবাদৰ সন্মিলিত আক্রমণৰ পৰা৷
আজিৰ কিশোৰ–কিশোৰী বা যুৱ প্রজন্মৰ বৃহৎ অংশই দৈনিক কেইবাঘণ্টা ইউটিউব, ইনষ্টাগ্রাম, ফেচবুক, অ’টিটি প্লেটফর্ম অথবা বিভিন্ন কৃত্রিম বুদ্ধিমত্তাভিত্তিক ডিজিটেল সেৱাৰ সৈতে সংযুক্ত হৈ থাকে৷
তেওঁলোকৰ ভাষা, ৰুচি, আচৰণ আৰু সাংস্কৃতিক বোধৰ ওপৰত এই মাধ্যমসমূহৰ প্রভাৱ ক্রমাৎ বৃদ্ধি পাইছে৷ কিন্তু এই বিপুল ডিজিটেল জগতত অসমীয়া ভাষাৰ উপস্থিতি এতিয়াও সীমিত৷
ফলত নতুন প্রজন্মৰ একাংশই লাহে লাহে স্থানীয় পৰম্পৰাৰ পৰা আঁতৰি অধিক বিশ্বায়িত, কিন্তু বহু ক্ষেত্রত শিপাহীন এক সাংস্কৃতিক পৰিসৰৰ ফালে ধাৱিত হোৱা দেখা যায়৷ এই প্রৱাহৰ গতি সলনি কৰিবলৈ অথবা নিজক সংস্কৃতিমুখী কৰি তুলিবলৈ ডিজিটেল জগতখনত নিজৰ সম্পদৰ উপস্থিতি অধিক কৰিবই লাগিব৷
অৱশ্যে ডিজিটেল যুগক অকল বিপদ হিচাপে চোৱাটো সঠিক নহ’ব৷ বাস্তৱতে এই যুগটোৱে অসমীয়া ভাষা আৰু সংস্কৃতিৰ সংৰক্ষণ আৰু বিকাশৰ বাবে পূর্বৰ তুলনাত অধিক সুযোগ সৃষ্টি কৰিছে৷ এটা ম’বাইল ফোন আৰু ইণ্টাৰনেট সংযোগৰ জৰিয়তে আজিৰ এজন যুৱকে নিজৰ ভাষাত কবিতা পাঠ কৰিব পাৰে, লোকগীত বিশ্বৰ বিভিন্ন দেশলৈ প্রেৰণ কৰিব পাৰে অথবা অসমৰ ইতিহাস–সংস্কৃতিৰ ওপৰত তথ্যচিত্র নির্মাণ কৰি লাখ লাখ দর্শকৰ ওচৰলৈ লৈ যাব পাৰে৷
ব্যক্তিগত প্রচেষ্টাত এনে প্রয়াস চলি আছে৷ প্রযুক্তি নিজে কেতিয়াও শত্রু নহয়, প্রশ্নটো হ’ল ইয়াৰ ব্যৱহাৰৰ নেপথ্যত কেনে মানসিকতাই কাম কৰিছে৷ অসমত ইউটিডব, পডকাষ্ট, অনলাইন সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে বহু মানবিশিষ্ট অসমীয়া কনটেণ্টৰ সৃষ্টি হৈছে৷
ইণ্টাৰনেটৰ সর্বগ্রাসী জগতত এই প্রচেষ্টাৰ পৰিমাণ আৰু প্রভাৱ এতিয়াও সীমিত৷ হিন্দী আৰু ইংৰাজী ভাষাৰ কনটেণ্টৰ সাগৰত অসমীয়া কনটেণ্টৰ উপস্থিতি অধিক কৰি তোলাটো সময়ৰ দাবী৷ বিশেষকৈ শিশু আৰু কিশোৰসকলৰ বাবে মানসম্পন্ন শিক্ষামূলক, বৈজ্ঞানিক, সাংস্কৃতিক আৰু মনোৰঞ্জনধর্মী ডিজিটেল সামগ্রী নির্মাণৰ প্রয়োজন আছে৷
বর্তমান এ আইভিত্তিক প্রযুক্তিৰ যুগত বিষয়টোৰ গুৰুত্ব আৰু বৃদ্ধি পাইছে৷ কৃত্রিম বুদ্ধিমত্তাৰ চাটব’ট, স্বয়ংক্রিয় অনুবাদ ব্যৱস্থা, ভইচ এছিছটেণ্ট আৰু ভাষা–প্রযুক্তিৰ বিভিন্ন ক্ষেত্রত যদি অসমীয়া ভাষাৰ যথেষ্ট তথ্যভাণ্ডাৰ আৰু ডিজিটেল উপস্থিতি নাথাকে, তেন্তে এই জগতখনত অসমীয়া ভাষাটো পিছ পৰি যোৱাৰ আশংকা থাকিব৷
ভাষা সংৰক্ষণৰ অর্থ এতিয়া কেৱল অভিধান প্রকাশ বা সাহিত্য সভা অনুষ্ঠিত কৰাটো নহয়, ইয়াৰ অর্থ হৈছে ভাষাটোক ডিজিটেলভাৱে সক্ষম কৰি তোলা৷ অসম চৰকাৰে অসম প্রকাশন পৰিষদৰ যোগেৰে ইউনিক’ডক্ষম অসমীয়া লিপি প্রস্তুত কৰিছিল৷
এই কাম এটা বৈপ্লৱিক প্রয়াস আছিল৷ কিন্তু ইয়াৰ বিকাশ স্তিমিত হৈ ৰ’ল৷ এই কামটো অধিক ক্ষিপ্রতাৰে আগবঢ়াই নিয়াটো সময়ৰ দাবী৷ তেনেদৰে ব্যক্তিগত প্রয়াসত অসমীয়াত স্বয়ংক্রিয়ভাৱে টাইপ কৰিব পৰা আহিলা, স্মার্টফোন, পেড আদিত ব্যৱহাৰ কৰিব পৰা কী পেড, অভিধান, বানান পৰীক্ষা কৰিব পৰা আহিলা আদি প্রস্তুত কৰি উলিয়াইছে আৰু সেইবোৰৰ ব্যৱহাৰো বৃদ্ধি পাইছে৷
একেদৰে সংস্কৃতি সংৰক্ষণৰ ক্ষেত্রতো নতুন চিন্তাৰ প্রয়োজন৷ বিহু, সত্রীয়া, লোক–সংগীত, ওজাপালি, লোককথা, জনগোষ্ঠীয় পৰম্পৰা আৰু অসমৰ নাট্য–চলচ্চিত্র ঐতিহ্যৰ ডিজিটেল নথিভুক্তিকৰণ আজিৰ সময়ৰ এক জৰুৰী কর্তব্য৷
শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র, নন্দ তালুকদাৰ ফাউণ্ডেচন, অসম ডাউন টাউন বিশ্ববিদ্যালয় আদিৰ দৰে প্রতিষ্ঠানে এনে কাম সফলতাৰে কৰি গৈছে৷ কিন্তু এতিয়াও বহু মূল্যৱান সাংস্কৃতিক সম্পদ ডিজিটেল সংৰক্ষণৰ বাহিৰত আছে৷ সময়মতে এই দিশত ব্যৱস্থা গ্রহণ নকৰিলে ভৱিষ্যৎ প্রজন্ম হয়তো নিজৰ ইতিহাসৰ বহু মূল্যৱান অংশৰ পৰা বঞ্চিত হ’ব৷
এইক্ষেত্রত চৰকাৰ, শিক্ষানুষ্ঠান, সাংস্কৃতিক সংগঠন, সংবাদ মাধ্যম আৰু কনটেণ্ট সৃষ্টিকর্তাসকলৰ দায়িত্বশীল ভূমিকা অপৰিহার্য৷ ডিজিটেল যুগৰ সোঁত বন্ধ কৰিব নোৱাৰি, কিন্তু সেহ সোঁতত নিজৰ ভাষা আৰু সংস্কৃতিক শক্তিশালীভাৱে আগুৱাই নিয়া সম্ভৱ৷ নতুন সময়ৰ সৈতে নিজৰ সংস্কৃতিক খাপ খুৱাই আগুৱাই নিব পৰা সমাজখনেহে বিশ্বায়নৰ মাজতো নিজৰ স্বকীয়তা অটুট ৰাখিবলৈ সক্ষম হ’ব৷