নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : পৃথিৱী ৰক্ষাৰ প্রথম শাৰীৰ যোদ্ধা হোৱা

জেঠ মাহৰ পুৱা বিছনাখন এৰিয়ে আকাশলৈ চালে দেখিব এখন ধূসৰ আকাশ, অনুভৱ কৰিব এজাক গৰম বতাহ৷ এয়াই দিনটোৰ আৰম্ভণি৷ লাহে লাহে উষ্ণতা বাঢ়ি আহে৷ এই উষ্ণতাৰ পৰা ৰক্ষা পাবলৈকে মানুহে ফেন, এচি ব্যৱহাৰ কৰে৷ পৰিস্থিতি এনে হৈছে যে এচি অবিহনে মানুহে থাকিব নোৱাৰে৷ দেশৰ ৰাজধানী দিল্লীত প্রায় ৭০ শতাংশ লোকেই ঘৰত এচি ব্যৱহাৰ কৰে৷ অসমতো লাহে লাহে ঘৰুৱা এচি ব্যৱহাৰকাৰীৰ সংখ্যা বাঢ়িছে৷ এই পৰিসংখ্যাই স্পষ্ট কৰে যে জলবায়ুৰ পৰিৱর্তন হৈছে৷ সেউজগৃহ গেছৰ ঘনত্ব বৃদ্ধিৰ লগে লগে বিশ্বত উষ্ণতা পূর্বতকৈ বৃদ্ধি হৈছে৷ ২০১৫ৰ পৰা বর্তমানলৈকে সকলোতকৈ উষ্ণ দশক৷ পৃথিৱীৰ প্রায়বোৰ ঠাইতেই গৰমৰ দিনৰ সংখ্যা পূর্বতকৈ বাঢ়িছে৷ অতি উষ্ণতাৰ বাবে ৰোগবোৰো বাঢ়িছে, লগতে বনজুইৰ দৰে ঘটনাও বৃদ্ধি হৈছে৷ বহু অঞ্চলত ধ্বংসাত্মক ধুমুহাই সকলোবোৰ ধ্বংস কৰি গৈছে৷ উষ্ণতা বৃদ্ধিৰ লগে লগে অধিক পৰিমাণৰ আর্দ্রতা বাষ্পীয়ভৱন হয়, ফলত বৰষুণ হয়, বৰষুণৰ লগে লগে বানপানীও তীব্রতৰ হৈ পৰে৷ বহু ঠাইত গোলকীয় উষ্ণতা বৃদ্ধিয়ে পানীৰ সংকট অধিক ভয়াৱহ কৰি তুলিছে৷ কৃষিখণ্ডত খৰাং পৰিস্থিতিৰ ফলত বহু ঠাইত খাদ্যৰ নাটনি হোৱাও দেখা গৈছে৷ উষ্ণতা বৃদ্ধিৰ লগে লগে বহু জীৱ–জন্তু, উদ্ভিদৰ বিলুপ্তি ঘটিছে৷ আগন্তুক কেইটামান দশকৰ ভিতৰত ১০ লাখ প্রজাতি বিলুপ্ত হোৱাৰ আশংকা কৰিছে৷ মানৱ স্বাস্থ্যৰ প্রতিও যথেষ্ট ভাবুকি কঢ়িয়াই আনিছে৷ ইতিমধ্যে বিশ্বত প্রতি বছৰে পৰিৱেশজনিত কাৰণত প্রায় ১.৩ কোটি লোকে প্রাণ হেৰুৱাইছে৷ এই সকলোবোৰৰ অন্তৰালত দায়ী মানুহেই৷ বিজ্ঞানীসকলৰ মতে বিশ্বৰ উষ্ণতা বৃদ্ধিৰ পৰিমাণ ১.৫ ডিগ্রী চেলছিয়াছৰ ভিতৰত ৰাখিব পাৰিলে বৃহৎ বিপর্যয় ৰোধ হ’ব৷ তেনে নহ’লে প্রকৃতি, পৰিৱেশ আৰু মানুহৰ জীৱনৰ প্রতি ভয়াৱহ ভাবুকি আহিব৷ এই ভয়াৱহ পৰিৱেশ ৰোধ কৰিবলৈ আমি কেৱল চৰকাৰলৈ বাট নাচাই নিজেও কিছু পদক্ষেপ ল’ব পাৰোঁ৷ চৰকাৰে ইতিমধ্যে বহু পদক্ষেপ হাতত লৈছে৷ তাৰ ভিতৰত কেইটামান হ’ল– নৱীকৰণযোগ্য শক্তিৰ সম্প্রসাৰণ কৰিছে৷
চৰকাৰী সমর্থন–অভিলেখ পর্যায়ৰ বিনিয়োগৰ ফলত সৌৰ আৰু বতাহৰ শক্তি উৎপাদনৰ ক্ষমতা ক্রমাগতভাৱে বৃদ্ধি পাইছে৷ জলবায়ু পৰিৱর্তনৰ ৰাষ্ট্রীয় কার্য পৰিকল্পনাৰ অধীনত কেইবাটাও অভিযান যেনে– সৌৰশক্তিৰ ওপৰত গুৰুত্ব আৰোপ, শক্তিৰ দক্ষতা বৃদ্ধি, বহনক্ষম বাসস্থান আৰু এক সেউজ ভাৰত সক্রিয়ভাৱে ৰূপায়ণ কৰা হৈছে৷ বনানীকৰণ কার্যসূচীৰ বাবে বনাঞ্চলৰ আৱৰণ সম্প্রসাৰিত হৈছে৷ কিন্তু এইখিনিয়ে যথেষ্ট নহয়৷ উষ্ণতা বৃদ্ধি ৰোধ কৰিবলৈ বায়ুমণ্ডলত কার্বন কমাব লাগিব, তাৰ বাবে সঠিক সময়ত প্রতিজন নাগৰিকেই একোটাকৈ গছপুলি প্রতি বছৰে ৰোপণ কৰি আলপৈচান ধৰিব লাগিব৷ অসমত গছপুলি ৰোপণ কৰা হয় যদিও আলপৈচান ধৰা দেখা নাযায়, ফলত বহু গছপুলি সৰুতেই মৰহি যায়৷ বর্তমান কৃষকেও উৎপাদন বৃদ্ধিৰ বাবে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি কৃষিকার্যত জড়িত হৈ আছে৷ কিন্তু পৰিৱেশ সুস্থ হৈ থাকিবলৈ কৃষকে ৰাসায়নিক সাৰ ব্যৱহাৰৰ পৰিৱর্তে জৈৱিক খেতিত গুৰুত্ব দিব লাগিব৷ প্লাষ্টিকৰ ব্যৱহাৰ হ্রাস, ৰাজহুৱা খণ্ডৰ যান–বাহনৰ ব্যৱহাৰৰ লগতে ইলেক্ট্রিক গাড়ীৰ ব্যৱহাৰ, সৌৰশক্তিক গুৰুত্ব দিব লাগিব৷ পানী ৰক্ষাৰ উপৰি বিদ্যুৎ ৰাহি কৰিব লাগিব৷ আমি মনত ৰখা উচিত আমাৰ পূর্বপুৰুষে আমাক বহুত দিলে, কিন্তু ২০২৬ চনৰ নাগৰিকে উঠি অহা ল’ৰা–ছোৱালীক কোনখন পৃথিৱী উপহাৰ হিচাপে দি যাব, সেই কথা এতিয়াই ভাবিব লাগিব৷ কেৱল ভাবিলেই নহ’ব, হাতে–কামে কৰিবও লাগিব৷ আমি আমাৰ উঠি অহা প্রজন্মক শিকাব লাগিব যে প্রকৃতিয়ে মা৷ যিয়ে আমাক খাদ্য দিয়ে, ছাঁ দিয়ে, জীয়াই থাকিবলৈ সাহস দিয়ে৷ তেনে প্রকৃতিৰ প্রতি আমি দায়বদ্ধ হ’ব লাগে৷ প্রকৃতিয়ে আমাক সর্বোচ্চ দিয়াৰ পিছতো আমাৰ পৰা বিচাৰে কেৱল অলপ যত্ন আৰু সন্মান, কিন্তু আমাৰ সেইখিনিকেই দিবলৈ আহৰি নাই৷ উন্নয়নৰ নামত কেৱল কৰি গৈছোঁ বনধ্বংস৷ যাৰ ফল আমি লাহে লাহে পাইছোঁ৷ সেয়ে অসমৰ প্রতিখন গাঁৱৰ প্রতিজন লোকেই গছপুলি ৰোপণ কার্যসূচী হাতত ল’ব লাগে৷ বিদ্যালয়–মহাবিদ্যালয়ৰ প্রতিজন শিক্ষার্থীয়ে বছৰকেত এটাকৈ হ’লেও গছপুলি ৰোপণ কৰি যতন ল’ব লাগে৷ উঠি অহা প্রজন্মক শিকাব লাগে বছৰে এজোপা গছ ৰোপণ কৰা, প্লাষ্টিক বর্জন কৰা মানেই প্রকৃতিৰ প্রতি তেওঁৰ অৱদান বহুত৷ শিক্ষার্থীসকলক শিকাব লাগে প্রথম বেঞ্চৰ প্রথম শিক্ষার্থী হোৱাৰ সমান্তৰালকৈ পৃথিৱী ৰক্ষাৰ প্রথম শাৰীৰ যোদ্ধা হোৱা৷ যি যোদ্ধাই পৃথিৱীক ৰক্ষা কৰিব, উঠি অহা প্রজন্মক এখন সেউজ পৃথিৱী উপহাৰ দিব৷

You might also like