নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যপ্রাচ্যত ভাৰত বিদ্রোহ

বিজেপিৰ মুখপাত্র নূপুৰ শর্মাই টিভি চেনেলত হজৰত মহম্মদ বিষয়ে দিয়া মন্তব্যই সমগ্র মধ্যপ্রাচ্য তথা মুছলিম বিশ্বত খলকনি তুলিছে৷ প্রায় পোন্ধৰখন দেশে ভাৰতৰ বিপক্ষে অৱস্থান লৈছে৷ মধ্যপ্রাচ্যৰ দেশ বিশেষকৈ ওমান, কুৱেইট ইত্যাদিৰ পৰা ভাৰতৰ সামগ্রী আঁতৰাই দিয়া হৈছে৷ ভাৰতৰ মহামহিম উপ–ৰাষ্ট্রপতিৰ কুৱেইট ভ্রমণ উপলক্ষে আয়োজিত ভোজ মেল বাতিল কৰা হৈছে৷ এক বিশেষ চক্রই সমগ্র বিশ্বতে ভাৰতৰ বিৰুদ্ধে প্রচাৰ চলাইছে৷ অর্গেনাইজেচন অৱ ইছলামিক কনফাৰেঞ্চৰ তৰফৰ পৰা এইক্ষেত্রত শক্তিশালী ভূমিকা লোৱা হৈছে আৰু বিশেষকৈ পাকিস্তানে ইয়াত সাৰ–পানী যোগাইছে৷ পাকিস্তানে এই সুযোগতে টুইটাৰত ট্ৰেণ্ডিং কৰি তথা বিভিন্ন প্লেটফর্মত ভাৰতক বদনাম কৰিবলৈ এক ব্যাপক ষড়যন্ত্র চলাইছে৷ ইয়াৰ প্রতিক্রিয়া ইমান দূৰ পাইছে যে কুখ্যাত সন্ত্রাস্বাদী সংগঠন আল কায়দাই দিল্লী, মুম্বাই, উত্তৰ প্রদেশ, গুজৰাট ইত্যাদি বোমাৰে উৰুৱাই দিয়াৰ হুংকাৰ দিয়া নাইবা হজৰত মহম্মদক অপমানৰ পোটক তোলাৰ বাবে আত্মঘাতী বোমা হ’বলৈ শিশু, পুৰুষক আহ্বান জনোৱাৰ ঘটনাও হৈছে৷
এই ঘটনাবোৰে এক ধৰণৰ কূটনৈতিক সংকটৰ ইংগিত বহন কৰিছে৷ নূপুৰ শর্মাই হজৰত মহম্মদ সম্পর্কে টিভিত কটু মন্তব্য দিয়া আৰু দিল্লী বিজেপিৰ মুখপাত্র নবীন জিন্দালৰ কিছু মন্তব্যৰ পিছতেই চৌদিশে খলকনি লাগে৷ ভাৰতত মুছলমানসকলৰ ওপৰত অত্যাচাৰ হৈছে এই ধৰণৰ নেৰেটিভ সৃষ্টিৰ বাবে এটা চক্রই কিছুদিন ধৰি চেষ্টা কৰি আছিল৷ কিছু ৰাজনৈতিক ব্যক্তিৰ প্রৰোচনামূলক মন্তব্যৰ বাবে বিশ্বৰ বিভিন্ন দেশে, বিশেষকৈ আমেৰিকাই মানৱ অধিকাৰ খর্ব কৰা বুলি ভাৰতৰ ওপৰত বত্তৃণতা দিবলৈ সুযোগ পালে৷ এই ঘটনাই বিশ্বৰ চকুত ভাৰতৰ সুনাম কিছু নষ্ট কৰিছে৷ তাৰ লগে লগে সুযোগ পাই মৌলবাদী শক্তিসমূহে নূপুৰ শর্মাক প্রাণে মৰাৰ ভাবুকি দিয়া আৰম্ভ কৰিছে৷ বিজেপিয়ে এই বিপর্যয়ৰ সময়ত নূপুৰ শর্মাৰ লগতে অন্য এজন মুখপাত্র নবীন জিন্দালক অপসাৰণ কৰিছে৷ এয়া দলৰ মন্তব্য নহয়, কোনো ব্যক্তিৰ ভুল ব্যাখ্যা বুলি উল্লেখ কৰা হৈছে আৰু বিজেপিয়ে কোনো ধর্মক অসন্মান নকৰে বুলি কোৱা হৈছে, কিন্তু এতিয়ালৈকে পৰিস্থিতি শাম কটা নাই৷ মধ্যপ্রাচ্যত ভাৰতবিৰোধী এনে ধৰণৰ ক্ষোভ পূর্বে দেখা পোৱা নগৈছিল৷ বাবৰি মছজিদ ধ্বংসৰ সময়তো মধ্যপ্রাচ্যৰ দেশসমূহে বিশেষ মাত মতা নাছিল, অথচ এইবাৰ ভাৰতবিৰোধী স্থিতিৰ এক অভূতর্পূব হস্তক্ষেপ দেখা গৈছে৷

মধ্যপ্রাচ্যৰ সৈতে ভাৰতৰ সম্পর্ক অতি পুৰণি৷ লাখ লাখ ভাৰতীয় লোকে মধ্যপ্রাচ্যৰ দেশসমূহলৈ গৈ কাম কৰিছেগৈ৷ কেৰালাৰ দৰে ৰাজ্যৰ বহু লোক ডুবাই বা আবুধাবিলৈ গৈ সংস্থাপিত হোৱা দেখা যায়৷ কেৰালাৰ পৰা অসংখ্য মানুহ মধ্যপ্রাচ্যলৈ যোৱাৰ বাবে ৰাজ্যখনৰ লাভ হৈছে৷ অসমৰ পৰা আনাৰস ডুবাইলৈ নিয়া সম্পর্কত এটা প্রচেষ্টাত আমি জডিত হৈছিলোঁ৷ তেতিয়া জানিব পাৰিলোঁ যে তালৈ কেৰালাৰ আনাৰস অধিক ৰপ্তানি হয়৷ কাৰণ তাৰ বজাৰত মালায়লীসকলৰ শক্তিশালী নিয়ন্ত্রণ আছে৷ তেওঁলোকে ৰপ্তানিৰ ক্ষেত্রত ৰাজ্যখনক মধ্যপ্রাচ্যত বজাৰ দখলৰ কৌশলো শিকায়, সহায়ো কৰে৷ এজন মালায়লী গ’লে গাঁৱৰ আন দুজনক ন্বিলৈ চেষ্টা কৰে৷ অর্থনৈতিক দিশত এই কথাষাৰ অত্যন্ত সহায়কাৰী বিবেচিত হৈছে৷ ইউনাইটেড আৰব এমিৰেটছত প্রায় ৩৫ শতাংশ ভাৰতীয় লোকে বাস কৰে৷ ছৌদি আৰবত ভাৰতীয় লোকৰ সংখ্যা চাৰে সাত শতাংশ, আনহাতে, কুৱেইটত প্রায় ২৪ শতাংশ ভাৰতীয়৷ ওমানত এই সংখ্যা প্রায় ১৫ শতাংশ, কাটাৰত প্রায় ২৬ শতাংশ আৰু বাহৰেইনত প্রায় ১৯ শতাংশ ভাৰতীয়ৰ বসতি৷ ভাৰতীয়ৰ এই শক্তিশালী উপস্থিতিয়ে সেই দেশসমূহৰ অর্থনীতি নির্মাণত এক বৃহৎ ভূমিকা লৈছে৷ ছৌদি আৰবৰ লগত ভাৰতৰ সম্পর্ক অতি ঘনিষ্ঠ আৰু যোৱা কেইবছৰত এই ঘনিষ্ঠতা বৃদ্ধি পাইছে৷ অলপতে বিমানত লগ পোৱা এজন অসমীয়া অভিযন্তাই জনাইছিল যে ভাৰতীয় লোক হ’লেই তাত বিভিন্ন ভিছা আদি লাভ কৰাৰ ক্ষেত্রত সুবিধা হয়৷ ঠিক তেনেকৈ ব্যৱসায়িক দিশৰ পৰা ইউ এ ই ভাৰতৰ তৃতীয় বৃহৎ অংশীদাৰ৷ ভাৰতৰ ৰপ্তানি সামগ্রীৰ ৯ শতাংশ ইউ এ ই লৈ যায়৷ ভাৰতৰ প্রায় ৬০ শতাংশ তেল মধ্যপ্রাচ্যৰ পৰা আহে৷ ঠিক তেনেকৈ মধ্যপ্রাচ্যৰ দেশসমূহো ভাৰতৰ ওপৰত যথেষ্ট নির্ভৰশীল৷ ভাৰত আৰু ইউ এ ইৰ সৈতে দ্বিপাক্ষিক বাণিজ্যিক প্রায় ৭৩ বিলিয়ন ডলাৰৰ৷ এই সংখ্যা অতি সোনকালে প্রায় ১০০ বিলিয়ন হ’বগৈ৷ মধ্যপ্রাচ্যলৈ প্রায় ৮৫ শতাংশ খোৱাবস্তু ভাৰতৰ পৰা যায়৷ চাউল–মাংস–শাক বা বিভিন্ন পাচলি–চেনি ইত্যাদি সামগ্রীৰ লগতে মধ্যপ্রাচ্যৰ বিশাল বিমান উদ্যোগ ভাৰতৰ ওপৰত নির্ভৰশীল৷ ভাৰতৰ মানৱ সম্পদে মধ্যপ্রাচ্যৰ ৰিফাইনেৰীসমূহত তথা তাৰ তথ্য–প্রযুক্তি উদ্যোগ, সেৱা খণ্ডত মূল ভূমিকা লয়৷ এনে ধৰণৰ অর্থনৈতিক নির্ভৰশীলতাৰ বাবে তথা ঐতিহাসিক সম্পর্কৰ বাবে ভাৰতে মধ্যপ্রাচ্যৰ এই ক্ষোভ উলাই কৰিব নোৱাৰে৷ আনহাতে, সাধাৰণতে ভাৰতবিৰোধী স্থিতি লোৱা ৫৭ সদস্যৰ ও আ চিৰ তথা পাকিস্তানৰ প্রতিবাদক ভাৰতে নস্যাৎ কৰিছে৷ কিন্তু মধ্যপ্রাচ্যৰ দেশসমূহৰ বিপক্ষে ভাৰতে একো মন্তব্য কৰা নাই৷

মধ্যপ্রাচ্যৰ পৰা ভাৰতীয়সকলে ব্যাপক পৰিমাণৰ টকা–পইচা দেশলৈ পঠিয়ায়৷ ভাৰতে বছৰি ৮০ বিলিয়ন ডলাৰ প্রায় প্রৱাসী ভাৰতীয়ৰ পৰা লাভ কৰে৷ তাৰে ৫০ শতাংতকৈও বেছি আহে মধ্যপ্রাচ্যৰ পৰা৷ যোৱা ২০১৮ চনত আবুধাবিত প্রধানমন্ত্রী মোদীয়ে বৃহৎ মন্দিৰৰ আধাৰশিলা স্থাপন কৰে৷ আৰবে বিভিন্ন আন্তঃৰাষ্ট্রীয় প্লেটফর্মত ভাৰতক সমর্থন কৰি আহিছে৷ সেই প্রেক্ষাপটত এই বিক্ষোভে আন্তঃৰাষ্ট্রীয় পর্যায়ত ভাৰতৰ সমস্যা আন্বি পাৰে৷ কিন্তু এইটো কথাও সঁচা যে আৰব আৰু মধ্যপ্রাচ্যকো ভাৰতক লাগে৷ ভাৰতৰ মানৱ সম্পদ, তেল গেছ তথা অত্যাৱশ্যকীয় সামগ্রীৰ বাবে তেওঁলোকে ভাৰতক এৰিব নোৱাৰে৷ গতিকে অতি সোনকালে ভাৰতে কৌশলপূর্ণভাৱে কূটনৈতিক স্থিতি লৈ সমস্যাটো শেষ কৰাটো দৰকাৰ৷
এই সমগ্র প্রক্রিয়াটোত নিশ্চিতভাৱেই কোনোবা ভাৰতবিৰোধী শক্তিৰ বৃহৎ ভূমিকা আছে৷ এটা মন্ত্ব্যই বিশ্বত তোলপাৰ লগোৱা কার্যত ভাৰততে থকা ভাৰতবিৰোধী শক্তিয়ে হাত উজান দিছে যেন মোৰ বোধ হয়৷ এটা চক্রই ভাৰতক দুবল কৰাৰ বাবে অহৰহভাৱে চেষ্টা কৰি আছে৷

অনাগত দিনত সমস্যাটো আৰু বাঢ়িলে আফ্রিকাৰ ফালৰ পৰাও ভাৰতবিৰোধী এক পৰিৱেশ গঢ় লৈ উঠিব পাৰে৷ ভাৰতবর্ষই স্বাধীনতাৰ পিছৰ পৰাই সমগ্র বিশ্বতে এখন শান্তিপ্রিয় গণতান্ত্রিক দেশ হিচাপে এক ধৰণৰ ভাবমূর্তি গঢ়ি তুলিবলৈ সক্ষম হৈছে৷ এই ইমেজে ভাৰতক বিভিন্ন কামক সাকাৰ ৰূপ দিয়াত সহায় কৰে৷ আর্থিকভাৱে পিছ পৰা হ’লেও ভাৰতৰ স্থিতি সমগ্র বিশ্বতে সদায় সন্মানজনক৷ দেশৰ স্বার্থত এই ইমেজ বিশ্বৰ আগত বর্তি থকাটো জৰুৰী৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও বিষয়টোত অত্যধিক গুৰুত্ব দিয়ে৷ তেখেতে অন্যান্য ৰাষ্ট্রৰ নেতৃত্বক প্রত্যক্ষভাৱে সাক্ষাৎ কৰি ভাৰতৰ সম্পর্ক সুদৃঢ় কৰাৰ ক্ষেত্রত ব্যাপক প্রচেষ্টা চলাইছে৷ এই ব্যক্তিগত সম্পর্ক ভাল হ’লে বাণিজ্যৰ ক্ষেত্রতো সুচল হয়৷ লগতে ভাল সম্পর্ক হ’লে প্রবাসী ভাৰতীয়সকলৰ বাবে, ভৱিষ্যৎ প্রজন্মৰ বাবে প্রযুক্তি তথা ৰাষ্ট্রীয় সুৰক্ষাকে ধৰি বিভিন্ন দিশত দেশখনৰ সুবিধা হয়৷ এই প্রেক্ষাপটত ভাৰতৰ বাবে ভাবমূর্তি ভাল ৰখাটো অতি জৰুৰী আৰু ইয়াত সকলো ভাৰতীয়ই সহযোগ কৰা উচিত৷ আন্তঃৰাষ্ট্রীয় সম্পর্ক অতি জটিল আৰু এনে সম্পর্ক বর্তাই ৰাখ্বিলৈ ভাৰতে বহুখিনি এৰা–ধৰাকৈ চেষ্টা কৰিবলগীয়া হয়৷ মোৰ দৃষ্টিত বুদ্ধ–কৃষ্ণৰ উদাৰপন্থী প্রেমময় দেশ ভাৰতত ঘৃণাৰ স্থান থাকিব নোৱাৰে৷ সনাতনী সভ্যতাত ঘৃণা থকাটো উচিত নহয়৷ যি কোনো ধর্মৰ ক্ষেত্রত কটু মন্তব্য দিয়াটো অনুচিত৷ আমি সনাতনী সংস্কৃতিৰ পৃষ্ঠপোষকতা কৰোঁ, নিজ ধর্মৰ প্রসাৰৰ বাবে প্রচেষ্টা চলাম, কিন্তু নিজৰ ধর্মটো ভাল বুলি ক’লৈ গৈ আনৰ ধর্মটোক তুচ্ছ বুলি কোৱা বা অপমান কৰা উচিত নহয়৷ প্রতিটো সভ্যতাৰে ইতিবাচক তথা নেতিবাচক কিছু দিশ থাকে৷ বসুধৈৱ কুটুম্বকম, সনাতনী সভ্যতাৰ অতি আদৰণীয় দিশটো হৈছে সকলোকে লগত লৈ আগ্বাঢ়ি যোৱাটো৷ সেই আদর্শেৰেই দেশখন পৰিচালিত হোৱা উচিত৷ দেশৰ ২০ কোটি মুছলমানক একাষৰীয়া কৰি আমাৰ দেশখনৰ উন্নতি হ’ব নোৱাৰে৷ প্রধানমন্ত্রী মোদীৰ অতি দৰকাৰী শ্লোগান স্বকা বিশ্বাস দেশখনৰ বাবে অতি প্রয়োজনীয়৷ মুছলমান সমাজৰো কিছুসংখ্যক লোকৰ অন্ধবিশ্বাস–কুসংস্কা বা মৌল্বাদী চিন্তাধাৰাই সম্প্রদায়টোক পিছুৱাই ৰাখিছে৷ এইক্ষেত্রত শিক্ষিত মুছলমান সমাজৰ বহু দায়িত্ব আছে৷ কাশ্মীৰত ভাৰতবিৰোধী কাম কৰা লোকক সমর্থন কৰা দেখিলে বহু ভাৰতীয়ৰ খং উঠে৷ পাকিস্তান জিকিলে যেতিয়া অসমত ফটকা ফুটাই আনন্দ কৰে ময়েই অতিষ্ঠ হৈ পৰোঁ৷ এই ধৰণৰ ক্রিয়াৰ এটা বিপৰীত ক্রিয়া থকাটো স্বাভাৱিক৷ ভাৰতত থাকিও বহু লোক মুছলিম বিশ্বৰ প্রতি আমাৰ দেশতকৈ বেছি সহানুভুতিশীল হোৱাটো অতি নিন্দনীয়৷ কিছুৱে সাম্প্রদায়িক মন্ত্ব্য দি আছে যদিও তাৰ লগতে এইটোও সঁচা যে যোৱা ৮ বছৰত দেশত সাম্প্রদায়িক সংঘর্ষৰ দৰে ঘটনা খুব কম ঘটিছে৷

সম্প্রীতিৰ সনাতনী চেতনা ভাৰতবর্ষৰ মূল নীতি৷ ইয়াৰ পৰাই দেশখন আগুৱাই যোৱাৰ ক্ষেত্রত শান্তিপূর্ণ সহাৱস্থানৰ পথ থাকে৷
আমাৰ সভ্যতাৰ শিক্ষাতেই আছে দেশখন আগুৱাই নিয়াৰ মূল মন্ত্র৷ পাঁচ হাজাৰ বছৰ পুৰণা সভ্যতাই দেশখনক বহু শিকাইছে আৰু শক্তিশালী কৰিছে৷ নূপুৰ শর্মাৰ এই ঘটনা আমাৰ এক ডাঙৰ শিক্ষা হ’ব লাগে৷ অনাগত দিনত সংযমেৰে দেশৰ স্বার্থত সকলোৱে কাম কৰাটো দৰকাৰ৷ উত্তেজনা সৃষ্টি কৰিব পৰা কাম, দেশক বিপদত পেলোৱা কথা–বতৰা বন্ধ হ’ লাগে৷ দেশখনৰ ৬৫ শতাংশ লোকেই যুৱ প্রজন্মৰ৷ উচ্চাকাংক্ষী যুৱচামৰ মূল চিন্তা চাকৰি বাকৰি, উদ্যোগ–বাণিজ্য ইত্যাদি, ধ্বংসমূলক চিন্তাধাৰাৰ দৰকাৰ নাই৷ দেশৰ হিতৰ বাবে, মানৱ সম্পদ উন্নয়ন তথা বিশ্বৰ আগশাৰীৰ দেশ হিচাপে প্রতিষ্ঠিত কৰাৰ বাবে বহুখিনি কাম চৰকাৰে আৰম্ভ কৰিছে, এই কামখিনিৰ পৰা সুফল লাভ কৰাৰ বাবে এটা শান্তিৰ পৰিৱেশ লাগে, সম্প্রীতিৰ পৰিৱেশ লাগে৷ সেই পৰিৱেশ অনাত সমাজৰ, প্রচাৰ মাধ্যমৰ বৃহৎ দায়িত্ব আছে আৰু এইক্ষেত্রত ৰাজনৈতিক নেতৃত্বৰ দায়িত্ব স্বাধিক৷

You might also like