নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বেয়াৰেণ্টিং: ডিজিটেল তথ্যৰ ভাগ–বাটোৱাৰাৰ বিয়াগোম সাম্রাজ্য

প্রত্যেকৰে আলমাৰিৰ এটা ধূলিময় চুকত পৰি আছে চেপিয়া ৰঙৰ স্মৃতিৰ সংগ্রহালয়টো –য’ত থকা পৰিয়ালৰ ফটো এলবামটো হৈছে নষ্টালজিক অতীতৰ জীৱন্ত মূর্তি৷ আন আন সুন্দৰ মুহূর্তৰ লগতে ফটো এলবামটোত শৈশৱৰ কিছু অস্বস্তিকৰ ছবিও সন্নিৱিষ্ট হৈ আছে৷ ইণ্টাৰনেটৰ পূবৰ প্রজন্মৰ বাবে প্রাক–ইণ্টাৰনেট প্রজন্মৰ বাবে সুখৰ কথা এয়ে যে সেই জৰাজীর্ণ পোলাৰয়ড প্রিণ্টবোৰে দিনটোৰ পোহৰ খুব কমেইহে দেখা পাইছিল, আৰু আনকি যেতিয়া দেখা পাইছিল, তেতিয়াও সেয়া আছিল ব্যক্তিগত কেৱল সমাৱেশতে আবদ্ধ৷
কিন্তু আজিৰ শিশুৰ বাবে কথাবোৰ অলপ বেলেগ৷ ডিজিটেল সংস্কৃতিৰ আগমনৰ ফলত অভিভাৱকসকলে কেনেকৈ নিজৰ সন্তানৰ জীৱনক নথিভুক্ত কৰে আৰু শেষত এজন ‘শ্বেয়াৰেণ্ট’ হৈ পৰে তাক পৰিৱর্তন কৰিছে৷
২০১০ৰ চনৰ আৰম্ভণিতে ৱাল ষ্ট্রীট জার্নেলৰ লেখক ষ্টিভেন লেকার্টৰ দ্বাৰা ‘শ্বেয়াৰেণ্টিং’ শব্দটো উদ্ভাৱন কৰা হৈছিল৷ ‘অভাৰশ্বেয়াৰিং’ আৰু ‘পেৰেণ্টিং’ৰ এক প’ৰ্টমেণ্টেউ, ই হৈছে এনে এক পৰিঘটনা, য’ত অভিভাৱকসকলে ইণ্টাৰনেট প্লেটফর্মত নিজৰ সন্তানৰ বিষয়ে কণ্টেণ্ট অভাৰশ্বেয়াৰ ভাগ–বাটোৱাৰা কৰে৷ আজি শিশুসকলে তেওঁলোকৰ মাত ফুটাৰ আগতেই ছ’চিয়েল মিডিয়াত আত্মপ্রকাশ কৰিছে৷ অধ্যয়নত দেখা গৈছে যে শিশু এটাৰ জন্মৰ ৫ ছৰ সম্পূর্ণ কৰাৰ আগতেই, ছ’চিয়েল মিডিয়াত তেওঁলোকৰ ১০০০ৰো অধিক ছবি থাকে৷ আল্ট্রাছাউণ্ড স্নেপশ্বটৰ পৰা আৰম্ভ কৰি প্রথম জন্মদিন আৰু বিদ্যালয়ত প্রথম দিনটোলৈকে, অভিভাৱকৰ ছ’চিয়েল মিডিয়া ফীড হৈছে সম্পূর্ণ ৰাজহুৱা দৃষ্টিকোণেৰে তেওঁলোকৰ সন্তানৰ জীৱনৰ এক ডিজিটেল ডচিয়েৰ৷ অৱশ্যে, বেছিভাগ ক্ষেত্রত অনিচ্ছাকৃতভাৱে অভিভাৱকসকলে বহুতো সংবেদনশীল তথ্য ভাগ–বাটোৱাৰা কৰে৷ গৌৰৱ আৰু সুখৰ মুহূর্তত শ্বেয়াৰ কৰা এক আপাতদৃষ্টিত নিৰপেক্ষ ফেচ্বুক পোষ্টে শিশুৰ নাম, জন্ম তাৰিখ আৰু বিদ্যালয়ৰ নামৰ দৰে তথ্য প্রকাশ কৰিব পাৰে, যিবোৰ অসৎ উদ্দেশ্য থকা লোকে অপব্যৱহাৰ কৰ্বি পাৰে৷
                 হাতীৰ পোৱালিৰ দৰে, মৰমিয়াল শিশুসকলেই চলায় ইণ্টাৰনেট
ইথাৰিয়েল আৰু কিউট–এজ–এ–বুটন ভিজুৱেলসমূহে লাইক আৰু কমেণ্টৰ ৰূপত সামাজিক বৈধতাক আকর্ষণ কৰে৷ যাৰ বাবে সামাজিক মাধ্যমত তেওঁলোকৰ সন্তানৰ বিষয়ে তথ্য ভাগ–বাটোৱাৰা কৰাৰ ক্ষেত্রত অভিভাৱকসকলৰ বাবে এইটো এটা প্রাথমিক প্রেৰণা হৈ পৰে৷ মানসিক ভাষাত ক’লৈ গ’লে, ‘ইতিবাচক বিৰতিবিহীন শক্তি বৃদ্ধিয়ে’ ‘শক্তিশালীকৰণে’ পিতৃ–মাতৃৰ সামাজিক মাধ্যমৰ আচৰণ কঢ়িয়াই আনে, য’ত, অভিভাৱকসকলে অজানিতে তেওঁলোকৰ সন্তানৰ ডিজিটেল সুস্থতাৰ বিপদাশংকা তৈয়াৰ কৰে৷
শিশুৰ বিষয়ে সবিশেষ বিৱৰণ ভাগ–বাটোৱাৰা কৰিলে পৰিচয় চুৰি আৰু প্রৱঞ্চনাৰ সম্ভাৱনা দ্ধি হ’ব পাৰে, আৰু তেওঁলোকৰ গোপনীয়তা বিপদাশংকাত পৰিব পাৰে৷ অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ গোপনীয়তা ৰক্ষা কৰাটো প্রয়োজন৷ শিশু এটাৰ বিষয়ে ব্যক্তিগতভাৱে চিনাক্ত কৰিব পৰা তথ্য (PII) ভাগ–বাটোৱাৰা কৰিলে গুৰুতৰ পৰিণাম ভুগিবলগীয়া হ’ব পাৰে৷ বার্ক্লেজৰ (Barclays) এক অধ্যয়ন অনুসৰি, ২০৩০ চনলৈ, শ্বেয়াৰেণ্টিঙে প্রতি ছৰে ৬৬৭ মিলিয়ন পাউণ্ড খৰচ কৰিবলগীয়া পৰিচয় চুৰিৰ ৭ নিযুতলৈকে ঘটনা ঘটিব পাৰে৷ আজি, শিশুসকল ক্রমান্বয়ে ‘অনলাইন গ্রুমিং’ৰ ভুক্তভোগী হৈ পৰিছে, যিটো শব্দ এজন প্রাপ্তবয়স্ক ব্যক্তিয়ে শিশুক যৌন শোষণ কৰাৰ বাবে ইণ্টাৰনেটৰ জৰিয়তে প্রয়োগ কৰা কৌশলবোৰ বৰ্ণনা কৰিলৈ ব্যৱহাৰ কৰা হয়৷

ছ’চিয়েল মিডিয়াত আপোনাৰ সন্তানৰ জীৱনৰ বিষয়ে অতিমাত্রা শ্বেয়াৰ বা ভাগ–বাটোৱাৰা কৰিলে চাইবাৰ উৎপীডক, অপৰাধী আৰু ষ্টকাৰসকলক সহজে প্রভাৱিত কৰিব পাৰে৷ ইয়াৰ ফলত গৱেষকসকলে ‘ডিজিটেল অপহৰণ’ বুলি কোৱা এটা নতুন পৰিঘটনাও হ’ব পাৰে, য’ত চাইবাৰ অপৰাধীয়ে শিশুৰ পৰিচয় চুৰি কৰে, তেওঁলোকৰ ৰূপ লয়, বা পিতৃ–মাতৃৰ ৰূপ লয়৷
#adoptionrp, #orphanrp আৰু#babyrp আদিৰ দৰে হেচটেগবোৰত এবাৰ চকু ফুৰালে এই অত্যন্ত ভয়ানক ঘটনাবোৰৰ অন্ধকাৰ দিশটো প্রকাশ পাব পাৰে৷ আপোনাৰ সন্তানৰ অনুপযুক্ত বা লজ্জাজনক বিৱৰণ/ছবিবোৰ মৰমলগা যেন লাগিব পাৰে, কিন্তু এই বিৱৰণবোৰে কেৱল পিছৰ জীৱনত শিশুক লজ্জিত কৰাই নহয়, ভৱিষ্যতে শিশুটিৰ অনলাইন খ্যাতিৰ গুৰুতৰ ক্ষতি কৰিব পাৰে৷

শিশুৰ সুৰক্ষা আৰু গোপনীয়তাৰ উদ্বেগৰ উপৰি, শ্বেয়াৰেণ্টিঙে তেওঁলোকৰ নিজৰ কাহিনী বৰ্ণনাৰ লগতে চুৰি কৰে৷ কল্পনা কৰক ডাঙৰ হৈ আপুনি উপলব্ধি কৰিছে যে আপোনাৰ কোনো মত নথকাকৈ আপোনাৰ পিতৃ–মাতৃৰ ছ’চিয়েল মিডিয়া একাউণ্টবোৰত আপোনাৰ জীৱনৰ মুহূর্তবোৰ ইণ্টাৰনেটত এক ৰাজহুৱা প্রমাণ৷ আজিৰ ডিজিটেলভাৱে সংযুক্ত পৃথিৱীখনত অভিভাৱক হোৱাৰ বাবে ছ’চিয়েল মিডিয়াৰ সংবেদনশীল ব্যৱহাৰৰ বাবে আহ্বান জনোৱা হৈছে আৰু আপোনাক এজন দায়িত্বশীল সামাজিক মাধ্যম ব্যৱহাৰকাৰী হ’লৈ বাধ্য কৰাইছে৷
ভাগ–বাটোৱাৰাৰ গৰাকী হ’বনে নাই গতিকে, ইয়াৰ অর্থ এইটো নেকি যে অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ ক্ষেত্রত ছ’চিয়েল মিডিয়াত নীৰৱতা বা মৌনতা অনুসৰণ কৰা উচিত?
ডিজিটেল অভিভাৱকৰ এই নৈতিক সমস্যাৰ বিভ্রান্তি সৰল নহয়৷ ইয়াৰ উপৰি ই এতিয়াও এক বিকশিত ধাৰণা আৰু ইয়াত কোনো স্পষ্ট স্পষ্ট এছ অ’ পি নাই, যিটো অনুসৰণ কৰিব পাৰি৷ শ্বেয়াৰেণ্টিং সম্ভৱতঃ এক ধ্রুপদী ঘটনা, যাক আচৰণ বিশ্লেষকসকলে ‘কলিংৰিজ দ্বিধা’ বুলি কয়, য’ত কোৱা হৈছে যে প্রযুক্তি ব্যাপকভাৱে বিকশিত আৰু বহুলভাৱে ব্যৱহূত নোহোৱালৈকে তাৰ প্রভাৱ সহজে অনুমান কৰিব নোৱাৰি৷

শ্বেয়াৰেণ্টিং বিষয়ে সজাগতা অতি সীমিত আৰু মানুহে ইয়াৰ অস্তিত্বৰ বিষয়েও অৱগত নহয়৷ সেইবাবেই সজাগতা বৃদ্ধি কৰাটোৱেই মূল চাবিকাঠী৷ ‘শ্বেয়াৰেণ্টিং’ সন্দর্ভত অসম আৰক্ষীৰ এই অভিযানত অভিভাৱকসকলক তেওঁলোকৰ সন্তানৰ সংবেদনশীল বিৱৰণ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ বা ভাগ–বাটোৱাৰা কৰাৰ বিপদ সম্পর্কে সংবেদনশীল কৰাৰ এক প্রয়াস কৰা হৈছে৷ ই হয়তো ভাৰতৰ যিকোনো আৰক্ষী বিভাগৰ দ্বাৰা সম্ভৱতঃ এনে ধৰণৰ প্রথম অভিযান৷
ছ’চিয়েল মিডিয়া, যদি দায়িত্বশীলভাৱে ব্যৱহাৰ কৰা হয়, তেন্তে ই আমাৰ প্রিয়জনৰ সৈতে সংযোগ স্থাপনৰ এক উৎকৃষ্ট উৎস৷ অৱশ্যে, সাধাৰণ নিয়ম হিচাপে অত্যধিক শ্বেয়াৰ বা ভাগ–বাটোৱাৰা কৰাৰ ক্ষেত্রত অভিভাৱকসকলে নির্দিষ্ট ৰেখাডাল মনত ৰাখিব লাগে আৰু যিকোনো ব্যক্তিৰ দ্বাৰা অপব্যৱহাৰ কৰ্বি পৰা যিকোনো ব্যক্তিগত তথ্য ভাগ–বাটোৱাৰা কৰাৰ পৰা বিৰত থাকিব লাগে৷

আগুৱাই যোৱাৰ পথঃ কি ৰাজহুৱা হ’ব আৰু কি ব্যক্তিগত হৈ থাকিব সেইটো বাছনি কৰাটো এক ব্যক্তিগত সিদ্ধান্ত হ’লেও অৱশ্যে, কিছুমান মৌলিক সুৰক্ষা ব্যৱস্থা আছে, যিবোৰ প্রতিজন অভিভাৱকে তেওঁলোকৰ সন্তানৰ বিষয়ে ইণ্টাৰনেটত তথ্য শ্বেয়াৰ বা ভাগ–বাটোৱাৰা কৰোঁতে বিবেচনা কৰা উচিত৷

  • পোষ্ট কৰাৰ আগতে চিন্তা কৰকঃ এক ছেকেণ্ড সময় লওক আৰু পোষ্ট কৰাৰ আগতে ছবিখন চাওক৷ নিশ্চিত কৰিব যাতে আপুনি ঘৰৰ ঠিকনা বা বিদ্যালয়ৰ নামৰ দৰে কোনো ব্যক্তিগত বিৱৰণ প্রকাশ নকৰে৷
  • ছ’চিয়েল মিডিয়াত গোপনীয়তা ছেটিংছ সমীক্ষা কৰকঃ ছ’চিয়েল নেটৱর্কত গোপনীয়তা আৰু সুৰক্ষা ছেটিংছ ব্যৱহাৰ কৰিবলৈ শিকক৷ আপোনাৰ সন্তানৰ ডিজিটেল সুস্থতা নিশ্চিত কৰিবলৈ গ্রুপৰ ভিতৰত কি ৰাজহুৱা হয় আৰু কি ব্যক্তিগত হৈ থাকে নিয়ন্ত্রণ কৰক৷
  • অনুমতি বিচাৰকঃ যদি ছবিখনত আপোনাৰ সন্তানৰ বন্ধু বা আন সন্তান আছে, অনলাইন পোষ্ট কৰাৰ আগতে তেওঁলোকৰ পিতৃ–মাতৃ/অভিভাৱকসকলৰ অনুমতি বিচাৰক৷
  • আপোনাৰ সন্তানৰ গোপনীয়তা আৰু মর্যাদাক সন্মান কৰকঃ অনিচ্ছাকৃতভাৱে হ’লেও, নথিভুক্ত কৰা অস্বস্তিকৰ বা অনুপযুক্ত মুহূর্তবোৰে ভৱিষ্যতে আপোনাৰ সন্তানক ব্ব্রিত া বিচলিত কৰিব পাৰে৷
  • আপোনাৰ সন্তানৰ ডিজিটেল পদচিহ্ণ বা ফুটপ্রিণ্টসমূহ চাওকঃ যিমান সম্ভৱPII (ব্যক্তিগতভাৱে তথ্য চিনাক্ত কৰা) শ্বেয়াৰ বা ভাগ–বাটোৱাৰা কৰা পৰিহাৰ কৰক৷ ইণ্টাৰনেটত তথ্য ভাগ–বাটোৱাৰা কৰিলে ডিজিটেল ‘পদচিহ্ণ’ সৃষ্টি হয়, যাক ভৱিষ্যতে চাইবাৰ অপৰাধীয়ে অপব্যৱহাৰ কৰিব পাৰে৷
  • পৰিচয়হীন হৈ থাককঃ যদি আপুনি আপোনাৰ সন্তানৰ বাবে উদ্বেগ, এ এইচ ডি এইচ AHDH) বা আন কোনো ৰোগ সম্পর্কে অনলাইন সহায় বিচাৰি আছে, আপোনাৰ সন্তানৰ গোপনীয়তা সুৰক্ষিত কৰ্বিলৈ পৰিচয়হীনভাৱে বার্তালাপ কৰক। ই আপোনাৰ বিষয়ে নহয়, ই তেওঁলোকৰ বিষযে সেই ফেচ্বুক লাইক আৰু মন্তব্যবোৰৰ আকর্ষণ অপ্রতিৰোধ্য, কিন্তু সদায় মনত ৰাখিব, আপোনাৰ সন্তানSocial Media prop নহয়৷
  • প্রভাৱশালী আৰু ভলগাৰ অভিভাৱকঃ যদি আপুনি এজন ভ্লগাৰ অভিভাৱক, তেন্তে শ্বেয়াৰেণ্টিঙৰ সৈতে সম্পর্কিত যেনে– পৰিচয় চুৰি আৰু ডিজিটেল অপহৰণৰ দৰে বিপদ শংকা সেইক্ষেত্রত অধিক৷
  • ইয়াক অস্পষ্ট ৰাখকঃ জন্মদিন বা ‘বিদ্যালয়ত প্রথম দিন’ৰ পোষ্ট এটা শ্বেয়াৰ বা ভাগ–বাটোৱাৰা কৰোঁতে তথ্য আৰু ভিজুৱেলবোৰ অস্পষ্ট কৰি ৰাখক৷ আপোনাৰ শিশুৰ সম্পূর্ণ নাম, জন্ম তাৰিখ, আৰু বিদ্যালয়খনৰ নামৰ দৰে বিৱৰণবোৰ প্রকাশ কৰাৰ পৰা বিৰত থাকক
  • আপোনাৰ ছ’চিয়েল মিডিয়া নেটৱর্কটো সীমিত কৰকঃ পৰিয়ালৰ নিকটতম সদস্য আৰু বন্ধুবর্গৰ বাবে সীমিত প্রৱেশৰ সৈতে ছ’চিয়েল মিডিয়া নেটৱর্কত এটা নিকট গ্রুপ সৃষ্টি কৰাৰ কথা চিন্তা কৰক৷

ক্রম্বর্ধমান প্রযুক্তি বর্ধিত হোৱাত বিশ্ব্ব্রহ্মাণ্ডখন অহৰহ বিৱর্তন হৈ আছে আৰু সেয়েহে অভিভাৱকসকলে এই নতুন নিয়মৰ সৈতে খাপ খুৱাই লোৱাটো অতি প্রয়োজনীয়৷ তেওঁলোকৰ বৰ্তমানৰ দায়িত্বৰ উপৰি আধুনিক পৃথিৱীৰ অভিভাৱকসকলেও তেওঁলোকৰ সন্তানৰ ডিজিটেল পদচিহ্ণ সুৰক্ষিত কৰাটো প্রয়োজন৷ যদিও এইটো সঁচা যে যেতিয়া প্রতিপালনৰ কথা আহে, কোনেও কেতিয়াও সম্পূর্ণৰূপে সাজু নহয়, সকলোৱে সদায় সতর্ক হৈ থাকে, এয়া হৈছে অভিভাৱক হোৱাৰ সৌন্দর্য, যি আমাক আমাৰ ভৰিৰ আঙুলিৰ ওপৰত থিয় কৰাই ৰাখে৷ অৱশ্যে, ডিজিটেল যুগত এজন দায়িত্বশীল অভিভাৱক হোৱাটো শিশুৰ খেল নহয়৷

লেখক-হৰমিত সিং, গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত, নাগৰিক মিত্র আৰু অসম আৰক্ষী শিশুমিত্র কার্যসূচী, ফোন: ৯৯৫৮৫–৭৯৭৯৭

You might also like