নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্রতিষ্ঠা দিৱসৰ বত্তৃণতানুষ্ঠানত দিগন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ১১ জুনঃ ‘জীৱনৰ গুণ নির্ভৰ কৰিব লক্ষ্যৰ ওপৰত৷ লক্ষ্য মহান হ’লে জীৱন মহান হয়৷ জীৱনৰ লক্ষ্য বিশাল৷’ –এই মন্তব্য বিশিষ্ট সাহিত্যিক, সাহিত্য অকাডেমি বঁটাপ্রাপক দিগন্ত বিশ্ব শর্মাৰ৷ শুকুৰবাৰে নগাঁৱৰ খগেন মহন্ত প্রেক্ষাগৃহত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ নৱম বার্ষিক প্রতিষ্ঠা দিৱস উপলক্ষে আয়োজিত সভাত অংশগ্রহণ কৰি দিগন্ত বিশ্ব শর্মাই এই মন্তব্য কৰি কয় যে বত্তৃণতা মোৰ প্রবৃত্তি নহয়৷ কিন্তু বত্তৃণতা মোৰ জীৱনৰ অবিচ্ছেদ্য অংগ৷ ভাষণত শর্মাই উপনিষদৰ নচিকেতাৰ কাহিনী উল্লেখ কৰি কয়– নচিকেতাই শ্রদ্ধাৰ জৰিয়তে অসাধ্য সাধন কৰিব পাৰিছিল৷ সমাজ, ৰাষ্ট্রই আমাক পৰনির্ভৰশীল হৈ থকাটো বিচাৰে৷ আমাৰ অন্তৰত থকা নচিকেতাক জাগ্রত হ’বলৈ নিদিয়ে৷ শচীন তেণ্ডুলকাৰ, লতা মংগেশকাৰ আদি জীৱনৰ ব্রত লৈ জন্ম হোৱা নাই৷ একেদৰে প্রত্যেক ছাত্র–ছাত্রীৰ অন্তৰত জীৱনৰ ব্রত আছে৷ সকলোৱে প্রচণ্ড সম্ভাৱনা লৈ জন্মগ্রহণ কৰে৷ সেই সম্ভাৱনাক অভিব্যক্ত কৰিব পাৰিব লাগিব৷ তেতিয়াহে আমি কামৰ (জব) সৃষ্টি কৰিব পাৰিম৷ যিদিনা আমি সেই অভিব্যক্তি লাভ কৰিম, সিদিনাই আমি ‘স্বৰাট’ হ’ম৷ স্বৰাট মানে আত্মদীপ্ত ভগৱান৷ ভাষণ প্রসংগত তেওঁ লগতে কয়– জীৱনৰ চাৰিটা লক্ষ্য আছে৷ সেইকেইটা হ’ল জীৱিকা, অর্থ, সুখ্যাতি আৰু ক্ষমতা৷ সকলোৱে কয় ভগৱান অনন্ত৷ ভগৱান অনন্ত হয় নে নহয় মই নাজানো, কিন্তু অর্থলিপ্সা যে অনন্ত, সেইটো ধ্রুৱ সত্য৷ এই চাৰিটা লক্ষ্য জীৱনৰ বাবে প্রয়োজনীয় যদিও সমগ্র নহয়৷ বাহ্য জীৱনত পঞ্চমটো লক্ষ্য আছে বুলি নাজানো৷

‘জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূর্ণতা’ শীর্ষক বত্তৃণতা প্রদান কৰি দিগন্ত বিশ্ব শর্মাই কয়– মানুহৰ অন্তৰত পূর্বৰ পৰাই পৰিপূর্ণতাৰ অভিব্যক্তি আছে৷ তেওঁ লগতে কয়– সকলোৰে অন্তৰত নচিকেতা আছে৷ প্রত্যেক যুৱক–যুৱতীৰ অন্তৰত নচিকেতা জাগৃত হ’লে মন্দাকিনী ধাৰা প্রবাহিত হ’ব৷ মন্দাকিনী ধাৰা প্রবাহিত হ’লে যুৱক–যুৱতীয়ে অৱলীলাক্রমে ঐশ্বর্য, বিভূতি লাভ কৰিব পাৰিব৷ অসাধ্য সাধন কৰিব পাৰিব৷ উপনিষদ, শ্রীৰবিন্দ, স্বামী বিবেকানন্দৰ প্রসংগ উল্লেখ কৰি তেওঁ লগতে কয়– সামন্ত প্রথা কেতিয়াবাই নোহোৱা হৈ গ’ল৷ কিন্তু মানুহৰ অন্তৰত সামন্ত জীয়াই আছে৷ সাগৰৰ উত্তাল তৰংগই সাগৰ যে ৰত্নাগর্ভা সেই বতৰা দিব নোৱাৰে বুলি শর্মাই তাৎপর্যপূর্ণ মন্তব্য কৰে৷

প্রকৃতিৰ বিভিন্ন দিশৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়– আন্তঃ জীৱন আৰু বাহ্য জীৱন সমান্তৰালভাৱে প্রৱাহিত হ’লে আন্তঃজীৱন সমৃদ্ধ হ’ব৷ সাম্প্রতিক সময়ত সম্বন্ধত সংকট আহিছে বুলি গুৰুত্বপূর্ণ মন্তব্য কৰি শর্মাই কয়– সমগ্র বিশ্ব এই সমস্যাত আক্রান্ত হৈছে৷ শ্রীমন্ত শংকৰদেৱ সংঘৰ প্রধান সম্পাদক বাবুল বৰাই আদৰণী ভাষণ দিয়া সভাত অংশগ্রহণ কৰি নগাঁৱৰ বিধায়ক ৰূপক শর্মাই মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন আদিৰ ক্ষেত্রত বর্তমানৰ চৰকাৰে লোৱা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে৷ সভাত বিশ্ববিদ্যালয়খনৰ উপাচার্য ড০ মৃদুল হাজৰিকা, পঞ্জীয়ক ড০ মৃণাল কুমাৰ বৰা, সংঘৰ মুখ্য উপদেষ্টা ভবেন্দ্র নাথ ডেকাই অংশগ্রহণ কৰি বিশ্ববিদ্যালয়খনৰ শৈক্ষিক দিশৰ বিষয়ে উল্লেখ কৰে৷

You might also like