নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহ উদ্যোগলৈ ভাবুকিঃ বিগত বৰ্ষৰ তুলনাত হ্ৰাস চাহ বিক্ৰী; সমস্যাত চাহ খেতিয়ক

নিয়মীয়া বাৰ্তা, ১১ জুনঃ ৰাজ্যৰ অর্থনীতিলৈ প্রভূত বৰঙণি আগবঢ়াই অহা ৰাজ্যৰ চাহ উদ্যোগ ক’ভিড মহামাৰীৰ পাছত পুনৰ আন এক সংকটৰ সন্মুখীন হৈছে৷ বিগত দুবছৰ ধৰি ক’ভিডৰ বাবে ঘোষণা কৰা লকডাউনৰ লগতে বিভিন্ন সীমাবদ্ধতাৰ বাবে অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হোৱা ৰাজ্যৰ শতিকা পুৰণি চাহ উদ্যোগক কেইবাটাও সমস্যাই ভাৰাক্রান্ত কৰি তুলিছে৷ বিশেষকৈ শেহতীয়াকৈ অসমৰ চাহৰ বিক্রী ব্যাপক পৰিমাণে হ্রাস পাইছে৷ উৎপাদন মূল্য দিনক দিনে বৃদ্ধি পোৱাৰ বিপৰীতে নিলাম কেন্দ্রসমূহত বিক্রী নোহোৱাকৈ পৰি ৰৈছে চাহপাত৷ উত্তৰ ভাৰতৰ নিলাম কেন্দ্রসমূহত ৪০ শতাংশৰো অধিক চাহপাতৰ ক্রেতা ওলোৱা নাই৷ এই কথা সদৰী কৰিছে ভাৰতীয় চাহ ব’ৰ্ডৰ প্রাক্তন উপাধ্যক্ষ তথা নর্থ ইষ্টার্ন টী এছ’চিয়েচন (নেটা)ৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে৷

বিগত দুবছৰৰ তুলনাত ৰাজ্যত চাহ উৎপাদন কিছু পৰিমাণে বৃদ্ধি পালেও নিলামত অসমৰ চাহপাতৰ বিক্রীৰ হাৰ হ্রাসে স্বাভাৱিকতে উদ্যোগটোৰ সৈতে জড়িত লোকসকলক উদ্বিগ্ন কৰি তুলিছে৷ যোৱা ১ এপ্রিলৰ পৰা ৫ জুনলৈ উত্তৰ–পূবৰ নিলাম কেন্দ্রসমূহত ৪০ শতাংশৰো অধিক চাহ বিক্রী নোহোৱাৰ পৰিপ্রেক্ষিতত চাহ উৎপাদকসকল চিন্তিত হৈ পৰিছে৷ চাহ ব’ডৰ তথ্য অনুসৰি এই সময়ছোৱাত চিটিচি চাহপাতৰ ৩৮ শতাংশ, অল ডাষ্ট চাহপাতৰ ৪৫ শতাংশ, বিএলএফ চিটিচি চাহপাতৰ ৪৭ শতাংশ আৰু বিএলএফ অল ডাষ্ট চাহপাতৰ ৫৩ শতাংশ পর্যন্ত নিলামত বিক্রী নহ’ল৷ ইয়াৰ পৰিৱর্তে ২০২১ বর্ষত চিটিচি চাহপাত ২৩ শতাংশ, অল ডাষ্ট ৩১ শতাংশ, বিএলএফ চিটিচি চাহপাত ২৪ শতাংশ আৰু বিএলএফ অল ডাষ্ট চাহপাত ৩৩ শতাংশ বিক্রী হোৱা নাছিল৷ অর্থাৎ ২০২১ বর্ষৰ তুলনাত বিগত তিনি মাহত চাহপাতৰ বিক্রী যথেষ্ট পৰিমাণে হ্রাস পাইছে৷ কেৱল চাহপাতৰ বিক্রীৰ হাৰ হ্রাসেই নহয়, প্রকৃত মূল্যৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে চাহ উৎপাদকসকল৷

এই সন্দর্ভত বিদ্যানন্দ বৰকাকতিয়ে প্রকাশ কৰা অনুসৰি প্রাকৃতিক গেছ, কয়লা, বিদ্যুৎ মাচুল, সাৰ, কীটনাশক আদিৰ মূল্য বিগত সময়ছোৱাত অত্যধিক পৰিমাণে বৃদ্ধি পাইছে৷ যাৰ বাবে ৰাজ্যত চাহ উৎপাদনৰ ব্যয় যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে৷ কিন্তু ইয়াৰ বিপৰীতে চাহ খেতিয়কসকলে কম দামতে বিক্রী কৰিবলগীয়া হৈছে চাহপাত৷ তেওঁ প্রকাশ কৰা অনুসৰি কেৱল প্রাকৃতিক গেছৰ মূল্যই এই সময়ছোৱাত ১২০ শতাংশ পর্যন্ত বৃদ্ধি হৈছে৷ চাহ ব’ডৰ তথ্য অনুসৰি উত্তৰ–পূবৰ নিলাম কেন্দ্রসমূহত চলিত বর্ষত শীর্ষ ৩০ চাহপাতৰ মূল্য গড় হিচাপত হৈছে ৩২৫.৫১ টকা৷ ইয়াৰ বিপৰীতে ২০২১ চনত এই মূল্য আছিল ৩২১.১৫ টকা৷

আনহাতে, চলিত বর্ষত মুঠ চাহৰ গড় দাম হৈছে ২২৭.৭৫ টকা৷ বিগত বর্ষত এই পৰিমাণ আছিল ২৩৭.০৩ টকা৷ আনহাতে, ২০২০ আৰু ২০২১ বর্ষৰ তুলনাত ৰাজ্যত চাহপাতৰ উৎপাদন চলিত বর্ষত বৃদ্ধি পাইছে যদিও স্বাভাৱিক পূর্বৰ বর্ষসমূহৰ তুলনাত এয়া যথেষ্ট কম বুলি উল্লেখ কৰি বৰকাকতিয়ে কয়– ২০২০ বর্ষত ক’ভিডৰ বাবে চাহপাতৰ উৎপাদন হ্রাস পাইছে৷ তদুপৰি ২০২১ বর্ষৰ আৰম্ভণিতো ক’ভিডৰ কিছু বাধ্য–বাধকতা আছিল৷ সেয়েহে ২০১৯ বর্ষ স্বাভাৱিক হিচাপে ধৰি চলিত বর্ষৰে তুলনা কৰিলে দেখা যায় যে বর্তমানলৈ চাহৰ উৎপাদন যথেষ্ট হ্রাস পাইছে৷

লক্ষণীয় যে ২০১৯ বর্ষৰ তুলনাত ২০২০ বর্ষত চাহপাত উৎপাদন ১৪ শতাংশ হ্রাস পাইছে৷ হঠাৎ এই বর্ষত ৯৮ নিযুত কিলোগ্রাম চাহপাতৰ উৎপাদন হ্রাস পাইছে৷ লকডাউনৰ বাবে ২০২০ বর্ষত ১২ মার্চৰ পৰা ১২ এপ্রিললৈ চাহ বাগিচাসমূহ সম্পূর্ণৰূপে বন্ধ ৰখা হৈছে৷ সেইদৰে ২০২১ বর্ষতো ২০১৯ বর্ষৰ তুলনাত চাহপাতৰ উৎপাদন সাত শতাংশ হ্রাস পাইছে৷ যোৱা বর্ষত ৪৯ নিযুত কিলোগ্রাম চাহপাতৰ উৎপাদন হ্রাস পাইছে৷ বিশেষকৈ খৰাংসদৃশ পৰিস্থিতি আৰু মে’পর্যন্ত বৰষুণৰ পৰিমাণ হ্রাস পোৱাৰ বাবে ২০১৯ৰ তুলনাত ২০২১ বর্ষত বার্ষিক চাহৰ উৎপাদন হ্রাস পাইছে৷ চলিত বর্ষত ২০১৯ৰ তুলনাত বিগত জানুৱাৰীৰ পৰা এপ্রিলপর্যন্ত ১৩ শতাংশ চাহপাতৰ উৎপাদন হ্রাস পাইছে৷ এই সময়ছোৱাত হ্রাস পোৱা চাহপাতৰ উৎপাদনৰ পৰিমাণ হৈছে ১০ নিযুত কিলোগ্রাম৷ যোৱা এপ্রিল আৰু মে’ মাহত হোৱা অত্যধিক বৰষুণৰ প্রভাৱত ৰাজ্যত চাহপাতৰ উৎপাদন হ্রাস পাইছে৷

উল্লেখ্য যে উত্তৰ–পূব ভাৰতৰ তিনিটা নিলাম কেন্দ্র ক্রমে শিলিগুৰি, গুৱাহাটী আৰু কলকাতাত অসমৰ চাহৰ নিলাম হৈ আহিছে৷ এই নিলাম কেন্দ্রসমূহত প্রতি সপ্তাহতে বৃহৎ পৰিমাণৰ চাহ বিক্রী নোহোৱাকৈ ৰৈ যোৱাটো চিন্তনীয় বুলি উল্লেখ কৰি বৰকাকতিয়ে এইবুলিও কয়– চাহপাতৰ উৎপাদনৰ ব্যয় বৃদ্ধি হোৱাৰ সমান্তৰালভাৱে দাম হ্রাস আৰু বিক্রী কমি যোৱাটো চাহ উৎপাদকসকলৰ বাবে যথেষ্ট চিন্তনীয়৷ আনহাতে, নেপালৰ পৰা অহা চাহপাত অসমত বৈধভাৱে বিক্রী কৰিব লাগে বুলিও তেওঁ দাবী উত্থাপন কৰিছে৷ এই প্রসংগত তেওঁ কয়– পশ্চিমবংগৰ উত্তৰ প্রান্তত সীমান্তৱর্তী অঞ্চলসমূহত নেপালে চাহ খেতি কৰি আহিছে৷ নেপালৰ সৈতে ভাৰতৰ মুক্ত বাণিজ্যৰ অনুমতি থকাৰ বাবে সহজতে ভাৰতলৈ সেই দেশখনত উৎপাদন হোৱা চাহপাত ৰপ্তানি কৰিব পাৰে৷ বৈধভাৱে চাহপাত ৰপ্তানি কৰি বজাৰত বৈধভাৱে বিক্রী কৰাৰ ক্ষেত্রত আমাৰ কোনো আপত্তি নাই৷ কিন্তু অবৈধভাৱে ৰপ্তানিৰ লগতে বজাৰত বে–আইনীভাৱে বিক্রী কৰাৰ ক্ষেত্রত আপত্তি কৰিবলগীয়া যথেষ্ট কাৰণ আছে৷ শেহতীয়াকৈ গোলাঘাটত নেপালত উৎপাদিত চাহ অসমৰ বুলি বিক্রী কৰিবলৈ চেষ্টা কৰাৰ এক তথ্য পোহৰলৈ আহিছিল৷ ইতিমধ্যে চাহ ব’ড আৰু গোলাঘাট জিলা প্রশাসনে ইয়াৰ তদন্ত অব্যাহত ৰাখিছে৷ আমি এই তদন্ত প্রতিবেদন ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছোঁ, যাতে এইক্ষেত্রত পৰৱর্তী সময়ত ৰাজ্যবাসী অধিক সতর্ক হ’ব পাৰে৷ তদুপৰি নৈতিকভাৱে নেপালৰ চাহ বিক্রীৰ ক্ষেত্রত সীমাবদ্ধতা অনা উচিত৷ কিয়নো অসমত অতিৰিক্তভাৱে উৎপাদনৰ বাবে চাহ বিক্রী নোহোৱাকৈ ৰৈ গৈছে৷ সেয়েহে প্রথমতে নিজৰ উৎপাদিত চাহ বিক্রীত আমি গুৰুত্ব আৰোপ কৰা উচিত৷

You might also like