নাওবৈচাত হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি সন্দেহজনক বেদখলকাৰী কৱলত
শিঙৰানদীৰ পূৰ্বৰ গতিপথত বেদখলৰ বাবেই প্ৰতি বছৰে সংহাৰী বানে নিঃশেষ কৰি আহিছে ৩০খনতকৈ অধিক গাঁৱক :
নিয়মীয়া বাৰ্তা, ১২ জুন: ৰাজ্যৰ বিভিন্ন প্ৰান্ততত অবৈধ বেদখলকাৰী উচ্ছেদৰ কাৰণে অসম চৰকাৰে বৰ্তমানে যি যুদ্ধংদেহী তৎপৰতা অব্যাহত ৰাখিছে তাৰ বিপৰীতে লখিমপুৰ জিলা নাওবৈচা ৰাজহ চক্ৰৰ এলেকাত দীর্ঘ দিন ধৰি অবৈধ বেদখলকাৰীয়ে বেদখল কৰা হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি,চৰকাৰী গ্ৰেজিং উচ্ছেদৰ কাৰণে এতিয়ালৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই একাংশ বেদখলকাৰীয়ে দুগুন উৎসাহেৰে চৰকাৰী ভূমি বেদখল কৰাত নামি পৰিছে। উল্লেখযোগ্য যে নাওবৈচাৰ ১৭টাকৈ চৰকাৰী গ্ৰেজিং, হাজাৰ হাজাৰ চৰকাৰী ভূমি, ট্ৰাইবেল বেল্টৰ মাটি ,শিঙৰা নদীৰ মূল সুঁতিৰ চৰকাৰী ভূমি ,নাওবৈচা ৰাজহ চক্ৰ কাৰ্যালয়ৰ নিছেই কাষতে থকা চৰকাৰী কাৰ্যালয়, চৰকাৰী ভূমিত অবৈধভাৱে নিৰ্মান কৰা বজাৰ গৃহ,একাংশ লোকে বিনা বাধাই বেদখল কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ নাওবৈচা ৰাজহ চক্ৰ বিষয়াগৰাকীৰ প্ৰশাসনিক দুৰ্বলতা তথা অমনোযোগিতাৰ বাবেই বৃহত্তৰ মৌজাৰ চৰকাৰী ভূমি বেদখলত একাংশ সন্দেহজনক লোক নামি পৰিছে বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। তাৰোপৰি নাওবৈচাৰ ১৭টা চৰকাৰী গ্ৰেজিঙৰ ভিতৰত আটাতকৈ ডাঙৰ ভৰলুৱা আৰু কলাখোৱা গ্ৰেজিংৰ সম্পূণ চৰকাৰী ভূমি সন্দেহজনক লোকে বেদখল কৰা বুলি জানিব পৰা গৈছে।
আজিৰ পৰা দহবছৰ আগলৈকে সম্পূৰ্ণ মুকলি তথা পশুধনৰ বাবে থকা চৰকাৰী গ্ৰেজিংদুটা বৰ্তমান সন্দেহজনক লোকে বেদখল কৰি পকী ঘৰ দুৱাৰ সাজি উলিয়াইছে। লগতে শিঙৰা নদীৰ পূৰ্বৰ গতিপথ আৰু নামনিলৈ বৈ যোৱা অংশত থকা হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি সন্দেহজনক লোকে বেদখল কৰি পকীঘৰ, বাৰী,পুখুৰী খান্দি ব্যাপক আগ্ৰাসন চলোৱাৰ পিছত শেহতীয়াকৈ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত পানধোৱা গাঁৱৰ ৬৮২ নম্বৰ দাগৰ ২৩ বিঘা ৭লোচা চৰকাৰী ভূমি সিংহভাগ ভূমিয়েই এতিয়া একাংশ লোকে ঘৰ সাজি গাঁও পাতি নিবিঘ্নে নিজৰ দখলত ৰাখিছে। যাৰ ফলত বেদখলকাৰীয়ে বেদখল কৰা উক্ত ভূমিৰ মাজেদি পূৰ্বতে শিঙৰা নৈখন বৈ পাভত পৰিছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে শিঙৰা নদীৰ পূৰ্বৰ সুঁতিৰ লগতে নামনিৰ অংশত সন্দেহজনক লোকে অবাধ বেদখল কৰা পৰিণতিত নদীখনে মূল সুঁতি সলাই পূবলৈ গতি কৰাত বৰ্তমান নদীখন পহুমৰা -পকণীয়া সংযোগী গড়কাপ্তানি পথৰ কাষেৰে বৈ যোৱাত অঞ্চলটোলৈ ঘোৰ বিপৰ্যয় নামি আহিছে। লগতে নদী খনৰ নামনি অংশত বেদখল কৰাত বাৰিষা কালছোৱাত নদীখনৰ বাঢ়নী পানী নামনিলৈ বৈ যাৱ নোৱাৰাত উভতনি পানীয়ে ৰাজহ চক্ৰটোৰ অধীনস্থ গেলাহাটী, চেঙেলীজান, গোসাঁনীবাৰীকে ধৰি ৩০ খনতকৈ অধিক গাঁৱত যোৱা ২৫-৩০বছৰে সংহাৰী ৰূপ ধাৰণ কৰি অৰ্দ্ধ লক্ষাধিক জনসাধাৰণৰ জীৱন জীৱিকা নিঃশেষ কৰি আহিছে। লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি বৃহৎ জলাশয়ত পৰিণত কৰি কৃষক পৰিয়াল সমূহক পথৰ ভীক্ষাৰী কৰি তুলিছে। ইমানৰ পিছতো লখিমপুৰ জিলা প্ৰশাসনে কাৰ ভয়ত এতিয়ালৈকে বেদখলকাৰী উচ্ছেদ কৰিবলৈ সাহস কৰা নাই তাকে লৈ ৰাইজৰ মাজত সৰৱ আলোচনা হৈছে। সেয়েহে বছৰ বছৰ ধৰি চৰকাৰী ভূমি বেদখল কৰি পকীঘৰ ,বাৰী,পুখুৰী খান্দি গাঁও পাতি বসবাস কৰা এই সকল লোকক উচ্ছেদ কৰিবলৈ অসম চৰকাৰ দাবী জনাইছে নাওবৈচা সচেতন ৰাইজে।