নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃবিশ্বৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ আশংকা বগীবিল দলঙৰ? বিপদ সংকেত ৰছী টানি দায়িত্ব সামৰিলে কৰ্তৃপক্ষই

বিশেষ বাৰ্তা, ১২জুনঃ যিকোনো মুহূৰ্তত বহিঃবিশ্বৰ সৈতে সংযোগ বিচিন্ন হব পাৰে নেকি এছিয়াৰ বৃহত্তম নদী দলং বগীবিল! সম্প্ৰতি তেনে এক প্ৰশ্নই সকলোৰে মনত ক্ৰিয়া কৰিছে।বাৰিষাৰ আগমনৰ লগে লগে ধাৰাষাৰ বৰষুণৰ ফলত যাতায়তৰ বাবে এতিয়া অতি বিপদজনক আৰু ভয়াৱহ হৈ পৰিছে ধেমাজি বগীবিল সংযোগী ৫২(বি ) ৰাষ্ট্ৰীয় ঘাইপথ।উক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়ে একাংশ চপৰা চপৰাকৈ খহিবলৈ ধৰাত যান-বাহন চলাচলৰ বাবে অতি বিপদসংকুল হৈ পৰিছে।উল্লেখ্য যে যোৱা ২০১৮ চনৰ ২৫ ডিচেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বগীবিল দলং ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত কৰাৰ লগে লগে এই ৰাষ্ট্ৰীয় ঘাইপথেৰে দৈনিক ৮/১০ হাজাৰ বাহনৰ চলাচলে ঘাইপথটোৰ ব্যস্ততা দিনক দিনে বৃদ্ধি কৰি আহিছে। কেৱল অসমৰ ধেমাজি, লক্ষীমপুৰ, মাজুলী, ঢকুৱাখানা, তেজপুৰ, মঙ্গলদৈৰ লগতে চুবুৰীয়া ৰাজ্য অৰুনাচলৰ পাচিঘাট, ইংকিয়ঙ, আলং, বাচাৰ, ডাপৰিজু, টুটিং, জিৰ’,ইটানগৰ আদি অঞ্চলৰ পৰা দৈনিক সহস্ৰাধিক যান-বাহন এই ৰাষ্ট্ৰীয় ঘাইপথৰে বগীবিল দলং হৈ আহ-যাহ কৰে।ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অৰ্ন্তগত এই ৫২ (বি) ৰাষ্ট্ৰীয় ঘাইপথটো কেৱল পাঁচটা বছৰতে জহি-খহি যোৱাত সম্প্ৰতি যাতায়তৰ বাবে অতি বিপদসংকুল হৈ পৰিছে।ৰাষ্ট্ৰীয় ঘাইপথটোৰ উত্তৰ পাৰে,অৰ্থাৎ বগীবিল দলঙৰ কলাজানৰ দিশে (ধেমাজি)পথৰ মাজতে বৃহৎ বৃহৎ গাত হোৱাৰ লগতে টঙানি ৰেলৱে ষ্টেচনৰ সমীপত থকা পকী দলঙৰ লোহা উন্মুক্ত হৈ পৰাৰ উপৰিও পথটোতৰ কাষৰ বহু অংশ খহি পৰিছে।কিন্তু বিভাগীয় কতৃপক্ষই চকু মুদা কুলিৰ ভাও ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কেৱল কেইদালমান বিপদ সংকেত ৰচি টানিয়েই দায়িত্ব সামৰা পৰিলক্ষিত হয়।জানিব পৰা অনুযায়ী ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে প্ৰতি কিলোমিটাৰ ঘাইপথ নিৰ্মানৰ বাবদ প্ৰায় ২ কোটি টকা(স্থানভেদে তাৰতম্য হব পাৰে)ধাৰ্য কৰে আৰু এই নিৰ্মান অক্ষুণ্ণ ৰক্ষা কৰাৰ বাবে নিৰ্মানকাৰী ঠিকাদাৰী প্ৰতিষ্ঠানে দায়িত্ব লোৱাৰ নিয়ম।কিন্তু দীৰ্ঘদিন ধৰি বিভাগীয় কতৃপক্ষ বা ঠিকাদাৰী প্ৰতিষ্ঠান কোনো এটাই দায়িত্ব গ্ৰহণ নকৰি সাধাৰণ জনতাক মৃত্যুৰ কৰাল গ্ৰাহলৈ ঠেলি দিয়াত সকলোতে ব্যাপক প্ৰতিক্ৰিয়াৰ স্বৃষ্টি হৈছে।উল্লেখ কৰাতো ভাল যে বগীবিল দলং নিৰ্মান সম্পূৰ্ণ হবলৈ প্ৰায় ১৭ বছৰ লাগিছিল আৰু এই দলংৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মানকাৰ্যও চলিছিল।এনে ক্ষেত্ৰত আজিও বগীবিল দলংখনত দৈনিক ৰেগুলাৰ মেইনটেনেঞ্চৰ নামত বৃহদাকাৰৰ ক্ৰেন স্থাপন কৰি দলং মেৰামতি কৰি থকা কাৰ্যই সকলোকে ভবাই তুলিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like