নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IIM গুৱাহাটীত প্ৰথম MBA শৈক্ষিক বৰ্ষৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি স্থাপন কৰি ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেন্ট (IIM) গুৱাহাটীৰ প্ৰথমটো এমবিএ পাঠ্যক্ৰমৰ শৈক্ষিক বৰ্ষ সোমবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। দেশৰ ২২সংখ্যক IIM হিচাপে গুৱাহাটী IIM-এ ৫২জন ছাত্ৰ-ছাত্ৰীৰ প্ৰথমটো বেটচৰ সৈতে আনুষ্ঠানিক যাত্ৰা আৰম্ভ কৰিলে।

উদ্বোধনী অনুষ্ঠানত শিক্ষামন্ত্ৰী ড° ৰণোজ পেগু আৰু বিধায়ক হিমাংশু শেখৰ বৈশ্য উপস্থিত থাকে। শিক্ষামন্ত্ৰী ড° পেগুৱে ‘এক্স’ (পূৰ্বৰ টুইটাৰ) যোগে এই সুখবৰ প্ৰকাশ কৰি প্ৰথম বেটচৰ সকলো ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক শুভেচ্ছা আৰু উজ্জ্বল ভৱিষ্যতৰ কামনা জনায়।

কামৰূপ জিলাৰ মৰাভিটা আৰু দীঘলকুছি গাঁৱৰ ৫৭৪ বিঘা বিস্তৃত ভূমিত গঢ়ি তোলা হৈছে IIM গুৱাহাটীৰ স্থায়ী চৌহদ। এই প্ৰতিষ্ঠানটোক ব্যৱস্থাপনা শিক্ষা, উদ্ভাৱন, গৱেষণা আৰু উদ্যোগী বিকাশৰ এক উৎকৃষ্ট কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

IIM গুৱাহাটীৰ শুভাৰম্ভই অসমৰ উচ্চ শিক্ষাখণ্ডক নতুন গতি প্ৰদান কৰাৰ লগতে দক্ষ মানৱ সম্পদ গঢ়ি তুলি ৰাজ্যৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

ডিজিটেল ডেস্ক, ২১ জুলাই

You might also like