নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুৰ হুছেইন হ’লগৈ ৰাহুল, বিশ্বনাথত লাভ জেহাদ

লাভ জেহাদৰ বিৰুদ্ধে  ৰাজ্য চৰকাৰে কঠোৰতা প্ৰদৰ্শন কৰাৰ সময়তে এইবাৰ বিশ্বনাথত লাভ জেহাদৰ কৱলত হিন্দু নাবালিকা। কাৰ্যতঃ বাস্তৱৰ নুৰ হুছেইন সামাজিক মাধ্যমত হ’লগৈ ৰাহুল।

এই ৰাহুলৰ প্ৰেম আৰু প্ৰলোভনতে  হিন্দু নাবালিকাক  অপহৰণ কৰি চাৰিদিনকৈ গৃহ বন্দীৰ এক ভয়ানক ঘটনাই জোকাৰিছে সমগ্ৰ বিশ্বনাথ। ঘটনাৰ সুত্ৰপাতৰ স্থান বিশ্বনাথৰ কুমলীয়া।

এই লাভ জেহাদৰ বাবেই এতিয়া কুমলীয়া অঞ্চলত বিৰাজ কৰিছে এক উত্তপ্ত পৰিস্থিতি।অঞ্চলটোৰ এগৰাকী হিন্দু নাবালিকাক অপহৰণ কৰি আৱদ্ধ কৰাৰ অভিযোগত আজি নুৰ হুছেইন নামৰ যুৱকজনৰ বাসগৃহত অগ্নিসংযোগ কৰে স্থানীয় ৰাইজে।

আনকি  সমাজৰ পৰাও পৰিয়ালটোক বহিষ্কাৰ কৰাৰ লগতে এই অপৰাধৰ বিৰুদ্ধে এক কঠোৰ বাৰ্তা দিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে স্থানীয় ৰাইজে। এই অপহৰণ তথা লাভ জেহাদৰ  ঘটনাৰ সূত্ৰপাত হৈছিল চাৰি দিন পূৰ্বে।

কুমলীয়া অঞ্চলৰ এগৰাকী হিন্দু নাবালিকা নিৰুদ্দেশ হোৱাত সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰাৰ পাছতো কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল।

অৱশেষত পৰিয়ালটো কাষ চাপে বিশ্বনাথ আৰক্ষীৰ। কালি, অৰ্থাৎ চাৰি দিনৰ অন্তত বিশ্বনাথৰ একেখন গাঁৱৰে নুৰ হুছেইনৰ ঘৰৰ পৰাই উদ্ধাৰ কৰে সন্ধানহীন নাবালিকাগৰাকীক। অভিযোগ অনুসৰি, প্ৰেম আৰু প্ৰলোভনৰ জাল পাতি নাবালিকাগৰাকীক অপহৰণ কৰি নিজ গৃহতে আৱদ্ধ কৰি ৰাখিছিল নুৰ হুছেইনে।

আৰক্ষীয়ে এই খৱৰ লাভ কৰাত ততাতৈয়াকৈ নাবালিকাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ইতিমধ্যে পকচো (POCSO) আইনৰ অধীনত নুৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নুৰ হুছেইনে এই কাণ্ড সংঘটিত কৰাৰ ঘটনা পোহৰলৈ অহাৰ লগে লগেই ক্ষোভিত হৈ পৰে কুমলীয়াৰ স্থানীয় ৰাইজ৷

অপৰাধীক কোনো কাৰণতে আশ্ৰয় নিদিয়াৰ হুংকাৰ দি  সমাজৰ পৰা নুৰ হুছেইনৰ পৰিয়ালক লগে লগে বহিষ্কাৰ কৰা হয়। সমাজৰ ৰোষত পৰি যোৱানিশাই গাঁও এৰি পলায়ন কৰে পৰিয়ালটোৱে।

ইয়াৰ পিছতে আজি ক্ষুব্ধ ৰাইজে নুৰ হুছেইনৰ বাসগৃহত উপস্থিত হৈ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে সমগ্ৰ বাসগৃহটোত অগ্নিসংযোগ কৰে। ভৱিষ্যতে যাতে কোনো যুৱকে কোনো হিন্দু যুৱতী অথবা নাবালিকাৰ ক্ষেত্ৰত এনে দুষ্কাৰ্য সংঘটিত কৰিবলৈ সাহস নকৰে, তাৰ বাবেই ৰাইজে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

ইফালে, পৰিস্থিতি অধিক বেয়াৰ ফালে যোৱাৰ উমান পাই ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় বিশ্বনাথ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰাৰ লগতে আৰক্ষীয়ে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিছে। সমগ্ৰ অঞ্চলটোত এতিয়াও বিৰাজ কৰিছে এক চেপা উত্তেজনাই। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

ইফালে নুৰ হুছেইনৰ উপাৰ্জন নিতান্তই সীমিত যদিও সামাজিক মাধ্যমত নিজকে হিন্দু নামৰে  ৰাহুল বুলি উপস্থাপন কৰি হিন্দু যুৱতীক আকৰ্ষণ কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছিল। এই নুৰ হুছেইন ইমানেই ধূৰ্ত যে অপহৰণ কৰি নিজ ঘৰতে গৃহবন্দী কৰাৰ পিছত নাবালিকা গৰাকীৰ ঘৰলৈও গৈ খা-খৱৰ লৈ আছিল।

নাবালিকা গৰাকী নিৰুদ্দেশক লৈ অতি উৎসাহী নুৰ হুছেইনৰ এই কাৰ্য কলাপত স্থানীয় লোকৰ সন্দেহ ওপজে। ফলত মোৱাইল ফোন বিচাৰি স্থানীয় লোকে সোধাপোচা আৰম্ভ কৰে নুৰ হুছেইনক।

এনে সোধাপোচাৰ অচিলাতে নুৰ হুছেইনৰ ঘৰত স্থানীয় লোক উপস্থিত হোৱাত লাভ জেহাদী নুৰ পলায়ন কৰে যদিও নাবালিকা গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি স্থানীয় সুত্ৰত প্ৰকাশ।

বিশেষ বাৰ্তা, বিশ্বনাথ, ২১ জুলাই

You might also like