যোগীঘোপাৰ মালেগড়ত ব্ৰহ্মপুুত্ৰ-আই-মানাহৰ খহনীয়াৰ তাণ্ডৱ অব্যাহতঃ ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানত আশ্ৰয় বহু পৰিয়ালৰ
নিয়মীয়া বাৰ্তা, ১২ জুনঃ বঙাইগাওঁ জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত যোগীঘোপাৰ মালেগড়ত ব্ৰহ্মপুত্ৰ-আই-মানাহ নৈ খহনীয়াৰ তাণ্ডৱ অব্যাহত থকাত নিদ্ৰাহৰণ হৈছে নৈ-পৰীয়ালোকৰ ।দীৰ্ঘদিনৰ পৰা ব্ৰহ্মপুত্ৰ-আই-মানাহ নৈৰ প্ৰবল গৰাখহনীয়াই ত্ৰস্তমান কৰি তুলিছে নৈপৰীয়া ৰাইজক। জানিব পৰা মতে মালেগড়ৰ তিনিকোনীয়া তথা গোবিন্দপুৰত নৈকেইখনে অব্যাহত ৰাখিছে এই খহনীয়া । উল্লেখ্য যে গোবিন্দপুৰ গাৱঁৰ ওচৰৰে বৈ যোৱা বহ্মপুত্ৰ নৈতে পৰিছেগৈ আই আৰু মানাহ নৈ ।কিন্তু নৈ তিনিখনে কিছুদিনৰে পৰা তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি ক্ৰমে পূৱলৈ আগবাঢ়ি অহাত খহনীয়াৰ কৱলত পৰিছে ঘৰ-বাৰী,কৃষিভূমি ।নৈকেইখনৰ খহনীয়াত গাওঁখনৰ ৰাধাকান্ত দাস,নকুল দাসৰ ভেটিমাটি ,ঘৰবাৰী ইতিমধ্যে উচন হোৱাৰ পাছত আজি গৌৰ দাস ,খুদিৰাম দাসৰ ঘৰ-দুৱাৰ আগতীয়াকৈ ভাঙি নিৰাপদ স্থানত আশ্ৰয় লৈছে ।আনপিনে নৈৰ খহনীয়া অব্যাহত থাকিলে গুৰু দাস,অনিল দাস,ৰমেশ দাস,বলোৰাম সৰকাৰ,সুধিৰ দাস,সুজিত দাস আদিৰ ঘৰ-বাৰী ,ভেটিমাটিৰ লগতে অংগনবাদী কেন্দ্ৰ এটা,কালী মন্দিৰ এটাও খহনীয়াত জাহ যোৱাৰ আশংকাই দেখা দিছে।বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰ-আই-মানাহ নৈৰ প্ৰবল খহনীয়া অব্যাহত থকা পিছতো আজিকোপতি চৰকাৰ তথা বিভাগীয় কতৃপক্ষই ইয়াৰ স্থায়ী সমাধানৰ কোনো ব্যৱস্হা গ্ৰহন কৰা পৰিলক্ষিত নহ’ল। নৈ তিনিখনৰ গৰাখহনীয়াই মালেগড়ৰ তিনকোনীয়া আৰু গোবিন্দপুৰ গাঁওৰ ৰাইজক দিশহাৰা কৰি আহিছে যদিও বঙাইগাঁও জিলা জলসম্পদ বিভাগে গাঁও দুখনক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে। সম্প্ৰতি সম্পূৰ্ণ মালেগড়ত খহনীয়াৰ কবলত পৰাত নৈপৰীয়া ৰাইজৰ নিদ্ৰা হৰণ হৈছে ।অঞ্চলটোৰ ৰাইজ এতিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰলৈ আশা পালি আছে ।
প্ৰেৰক টিংকু চন্দ্ৰ দাস