ৰঙিয়াত অগপৰ সাংগঠনিক সভাত ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত যুৱ কংগ্ৰেছৰ সভাপতিসহ ৫০ নেতা-কৰ্মীৰ যোগদান
নিয়মীয়া বাৰ্তা, ১২ জুন: ৰঙিয়াত আজি অগপৰ বিধান পৰিষদৰ কাৰ্যালয়ত এখন সাংগঠনিক সভা অনুষ্ঠিত হয় । লীলাধৰ শালৈয়ে সভাপতিত্ব কৰা সভাখনত অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভাষণ প্ৰসংগত দলৰ সাংগঠনিক ভেটি অধিক মজবুত কৰিবলৈ কৰ্মী সকলক আহ্বান জনায় । তেওঁ লগতে কয় যে “আমি শক্তিশালী হলেহে আমাৰ প্ৰাপ্যখিনি আজুৰি আনিব পাৰিম । ইয়াৰ বাবে সকলোৱে সমৰ্পিত মনোভাৱেৰে কাম কৰিব লাগিব ।” আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দলৰ সদস্য ভৰ্তি কাৰ্যসূচীত আগভাগ লবলৈ কলিতাই কৰ্মী সকলক আহ্বান জনায় । সভাত প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইন , উপ সভাপতি বিষ্ণু দাস , কাৰ্যনিৰ্বাহক অৰ্ণৱ ভৰালী , জিলা সভাপতি খগেন নাথ , যুৱ পৰিষদৰ প্ৰবাল বুজৰবৰুৱা , বিধান পৰিষদৰ উপ সভাপতি প্ৰদীপ বড়ো , সম্পাদক জন্মিৰাম শালৈ , যাদৱ কলিতা আদি নেতা উপস্থিত থাকে । উক্ত সভাত জিলা যুৱ কংগ্ৰেছৰ সভাপতি ডিম্বেশ্বৰ বড়োৰ নেতৃত্বত ৫০ নেতা-কৰ্মীয়ে অগপত আনুষ্ঠানিক ভাৱে যোগদান কৰে ।
প্ৰেৰক ফাৰুক হুছেইন