নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ গুৱাহাটীৰ ৰংমহল প্ৰেক্ষাগৃহত বিজেপিৰ সম্পৰ্ক অভিযানৰ অংশহিচাপে হিতাধিকাৰী সন্মিলন

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে আজি উত্তৰ গুৱাহাটীৰ ৰংমহল প্ৰেক্ষাগৃহত গুৱাহাটী মহানগৰ সম্পৰ্ক অভিযানৰ অংশহিচাপে এখন হিতাধিকাৰী সন্মিলন অনুষ্ঠিত হয়। অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি ৰাইজৰ মাজত কেনেদৰে আগবঢ়াই নিয়া হৈছে তথা নিয়া হব সেই সন্দৰ্ভত আলোচনা কৰা হয়। অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে  অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিজেপিৰ প্ৰদেশ কিষাণ মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য। লগতে গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি তপন দাস, গুৱাহাটী মহানগৰ জিলা সম্পাদক মানস জ্যোতি দাস, বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকা, শুৱালকুছি মণ্ডলৰ সভাপতি হেম বৈশ্য, মহিলা মৰ্চা, যুৱ মৰ্চা, অনুসূচিত জাতি মৰ্চা, অনুসূচিত জনজাতি মৰ্চা, সংখ্যালঘু মৰ্চা, কৃষক মৰ্চা, শুৱালকুছি মণ্ডল আৰু শৰাইঘাট জিলা পৰিষদ সদস্য এজন ,বেজেৰা মণ্ডলৰ বিভিন্ন পঞ্চায়তৰ সভাপতিসকল, শৰাইঘাট বিভিন্ন পঞ্চায়তৰ সভাপতিসকল, শুৱালকুছি মণ্ডল বিভিন্ন পঞ্চায়তৰ সভাপতিসকল,প্ৰত্যেক মণ্ডলৰ সভাপতি, উপ-সভাপতি, সম্পাদক, সাধাৰণ সম্পাদক,সদস্য, উত্তৰ গুৱাহাটী টাউন কমিটীৰ পৌৰপতি গিৰীশ মেধি, পৌৰসভাৰ উপ-পৌৰপতি তিলক দাসৰ লগতে ১০টা ৱাৰ্ডৰ কাউন্সিলাৰসকল আৰু বিষয়ববীয়াসকল, বয়োজেষ্ঠ লোক তথা জিলাখনৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক হিতাধিকাৰীয়ে সন্মিলনত অংশগ্ৰহণ কৰে। উল্লেখ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই সমগ্ৰ দেশত মোদী চৰকাৰৰ সু- শাসন আৰু গৰিৱ কল্যাণৰ বাবে লোৱা কেন্দ্ৰীয় নীতি আৰু যোজনাবোৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্য ১৫‌ দিনীয়া কাৰ্য্যসূচী ঘোষণা কৰিছে। সেই কাৰ্যসূচীৰ আলমতে এই অনুষ্ঠান অনুষ্ঠিত হয়।

You might also like