ৰূপহীহাটৰ সোণাই-ছাইদৰীয়া লোকনিৰ্মাণ পথ অৱৰোধ কৰি আমছুৰ ধৰ্ণা কাৰ্যসূচী
নিয়মীয়া বাৰ্তা, ১৩ জুনঃ ৰূপহীহাটৰ সোণাই-ছাইদৰীয়া লোকনিৰ্মাণ পথ অৱৰোধ কৰি আজি আমছুৱে ২ ঘন্টীয়া পথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰে ৷ ৰূপহীহাট সমষ্টিৰ ৰূপহী আৰু জুৰীয়াৰ একমাত্ৰ প্ৰাণকেন্দ্ৰ স্বৰূপ সোণাই-ছাইদৰীয়া লোকনিৰ্মাণ পথটো দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ দ’গাত সৃষ্টি হোৱাৰ বাবে যাতায়াতৰ অনুপযোগী হৈ পৰিছে ৷স্থানীয় ৰাইজ আৰু আমছুৱে কেবাবাৰো ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা, লোকনিৰ্মাণ বিভাগ আৰু জিলা উপায়ুক্তক পথছোৱা মেৰামতিৰ বাবে দাবী জনাই আহিছিল যদিও কোনো সুফল নাই আজি আমছুৱে ২ ঘন্টীয়া পথ অৱৰোধৰ দৰে কাৰ্যসূচী লবলৈ বাধ্য হৈছে ৷ আমছুৱে আজি সোণাই-ছাইদৰীয়া পথৰ ওপৰত বহি তীব্ৰ প্ৰতিবাদ সাব্যস্থ কৰে ৷আমছুৱে প্ৰতিবাদ স্থলীত লোকনিৰ্মাণ বিভাগ, অসম চৰকাৰ আৰু বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে ৷ আমছুৰ পথ অৱৰোধৰ ফলত তীব্ৰ জান-জটৰ সৃষ্টি হোৱাত ঘটনাস্থীত আৰক্ষী উপস্থিত হৈ প্ৰতিবাদী সকলক পথৰ পৰা উঠাই নিয়ে ৷
প্ৰেৰক জহিৰুল ইছলাম