আলাবৈ ৰণ স্মৃতিসৌধ নিৰ্মাণৰ বাবে ১৫০ কোটি টকা অনুমোদনৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা আলাবৈ ৰণস্মৃতি সুৰক্ষা সমিতিৰ
বিশেষ বাৰ্তা, ১৩ জুনঃ তেজপুৰত ১১ জুনত হৈ যোৱা অসম চৰকাৰৰ শেহতীয়া কেবিনেট বৈঠকত ঐতিহাসিক আলাবৈ ৰণৰ স্মৃতিসৌধ প্ৰকল্পই অনুমোদন লাভ কৰাত সমগ্ৰ অসমৰ লগতে কামৰূপৰ পছৰীয়াবাসী আনন্দিত হৈ পৰিছে। প্ৰায় ১৫০ কোটি ব্যয় সাপেক্ষে ১২০.৩০ বিঘা ভুমি সামৰি নিৰ্মান হবলগীয়া এই স্মৃতিসৌধ প্ৰকল্পত ১০০ ফুট উচ্চতাৰ হেংদাং নিৰ্মাণ হোৱাৰ লগতে আহোমৰ যুদ্ধ সা সঁজুলি আৰু যুদ্ধৰ ধংশাৱশেষ সম্বলিত এটি সংগ্ৰহালয় নিৰ্মান হব বুলিও উল্লেখ কৰা হৈছে। ১৬৬৯ চনত অসম মোগলৰ মাজত সংঘটিত হোৱা ঐতিহাসিক আলাবৈ যুদ্ধখনত একেদিনাই দহহাজাৰ অসমীয়া সৈন্যই প্ৰান আহুতি দিছিল। সেই স্বহীদ সকলৰ স্মৃতিত এটি স্মৃতিসৌধ নিৰ্মান কৰাটো আলাবৈ ৰণস্মৃতি সুৰক্ষা সমিতি পছৰীয়াৰ দীৰ্ঘদিনীয়া দাবী আছিল। অতি শেহতীয়াকৈ যোৱা ২৫ ফেব্ৰুৱাৰীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতি মাননীয় ৰামনাথ কোবিন্দে এই স্মৃতিসৌধৰ আধাৰশিলা ভাৰ্চুৱেল মাধ্যমৰ যোগেদি স্থাপন কৰাটো সকলোৰে জ্ঞাত। অসম চৰকাৰৰ কেবিনেট বৈঠকত এই প্ৰকল্পই অনুমোদিত হোৱাত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে আলাবৈ ৰণস্মৃতি সুৰক্ষা সমিতি পছৰীয়াই। ইয়াৰ উপৰি সমিতিয়ে অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয় বিভাগ আৰু কামৰূপ জিলা প্ৰশাসনৰ আলাবৈৰ বিষয়ত লোৱা সক্ৰিয় ভুমিকাক উচ্চ প্ৰশংসা কৰে। এক বিবৃতিযোগে অতি শীঘ্ৰে এই স্মৃতিসৌধ নিৰ্মানৰ কাম আৰম্ভ হোৱাৰ পোষকতা কৰে আলাবৈ ৰণস্মৃতি সুৰক্ষা সমিতি পছৰীয়াৰ সভাপতি প্ৰদীপ নাৰায়ণ ভট্ট, সম্পাদক ৰিদীপজ্যোতি কলিতা আৰু উপদেষ্টা দিবাকৰ কলিতাই।
প্ৰেৰক দিলীপ মেধি