মাজুলী মহাবিদ্যালয়ত সাহিত্য অকাডেমিৰ ‘মুলাকাত’ অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ১৩ জুনঃ মাজুলীৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান মাজুলী মহাবিদ্যালয়ৰ সহযোগত, সাহিত্য অকাডেমিৰ উদ্যোগত আজি যুৱ সাহিত্যিকসকলৰ সাহিত্য-পাঠ তথা মুখামুখি অনুষ্ঠান ‘মুলাকাত’ অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ কেশৱৰাম বৰা প্ৰেক্ষাগৃহত দিনৰ ২ বজাৰ পৰা আয়োজিত এই অনুষ্ঠানৰ আৰম্ভণিতে বৰগীত পৰিৱেশন কৰে মহাবিদ্যালয়ৰ ছাত্ৰী কৰিশ্মা দেৱীয়ে। বন্তি প্ৰজ্বলনেৰে মহাবিদ্যালয়ৰ শৈক্ষিক সমন্বয়ক অৱনী কুমাৰ দত্তই শুভাৰম্ভ কৰা সভাত আদৰণী বক্তব্য প্ৰদান কৰি মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয়, ‘সাহিত্য অকাডেমিয়ে ভাৰতীয় সকলো ভাষাৰ সাহিত্যৰ উন্নতিৰ হকে যুৱ সাহিত্যিকসকলৰ স্বীকৃতি দি তেওঁবিলাকক উৎসাহিত কৰাৰ মানসেৰে ‘মুলাকাত’ৰ দৰে অনুষ্ঠান অনুষ্ঠিত কৰাত গুৰুত্ব দি এক মহৎ পদক্ষেপ গ্ৰহণ কৰিছে। মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডঃ দুলাল হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত সাহিত্য-পাঠ অনুষ্ঠানত মাজুলীৰ উদীয়মান লেখক-লেখিকা ক্ৰমে মৃণালী দেৱীয়ে স্বৰচিত চুটিগল্প ‘দেউতা ঈশ্বৰ’, পম্পী হাজৰিকাই স্বৰচিত কবিতা, জ্যোৎস্না ভূঞাই স্বৰচিত চুটিগল্প ‘এৰীৰ উম’, লক্ষীপ্ৰসাদ ৰেগনৰ স্বৰচিত কবিতা আৰু বিশ্বজিৎ খাউণ্ডে ‘ভাৰতৰ গৌৰৱশালী ইতিহাস’ শীৰ্ষক স্বৰচিত লেখা পাঠ কৰে। মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক কাৰ্তিক নাথে আঁত ধৰা অনুষ্ঠানৰ মতবিনিময় অনুষ্ঠানত মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক হৰেন চন্দ্ৰ শইকীয়া, অৱসৰী অধ্যাপক অমৃতেশ্বৰ চুতীয়া, অধ্যাপিকা মায়াশ্ৰী ডেকা হাজৰিকা, অধ্যাপক নৱ দাস, সমাজকৰ্মী যুগল হাজৰিকা, অৱসৰী শিক্ষক ৰত্নেশ্বৰ বৰা, সুৰ শইকীয়া হাজৰিকা, যুগল ভূঞা, মোহন চন্দ্ৰ দাস, শিক্ষাৰ্থীসকলৰ ফালৰপৰা বিজিত দাস, গৌতম দাস আদিয়ে অংশ গ্ৰহণ কৰে। দুই শতাধিক দৰ্শক-শ্রোতা উপস্থিত থকা অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়ায় অসমীয়া বিভাগৰ অধ্যাপিকা ৰুবী বৰাই।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড