নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহদৈগড়ত ৰাষ্ট্ৰীয় ঘাইপথত কোটি টকাৰ ড্ৰাগছ জব্দ, দুজনক আটক

নিয়মীয়া বাৰ্তা, কাকজান, ২৩ জুলাই : যোৰহাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি  বৃহতসংখ্যক  ড্ৰাগছৰ পেকেট  লাহদৈগড়ত জব্দ কৰে ।

উল্লেখ্য যে এখন ৰঙা ৰঙৰ AS-01DP-7060 বেলেনো বাহন আৰক্ষীৰ এটা দলে টীয়কৰ ফালৰ পৰা পিছা কৰি আহি লাহদৈগড়ৰ ৭১৫ নং  ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰিবলৈ সক্ষম হয়।  বাহনখনৰ পৰা আচমিনা বেগম আৰু চহৰ আলী নামৰ দুগৰাকীক আটক কৰাৰ লগতে ২৯টা ড্ৰাগছৰ টেমা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

কোটি টকা মূল্যৰ জব্দকৃত সামগ্ৰীখিনি জাগুনৰ পৰা ডিমাপুৰলৈ নি আছিল বুলি ধৃত ড্ৰাগছ বেপাৰীয়ে আৰক্ষীৰ আগত স্বীকাৰ কৰে ।

You might also like