বড়ো জনগোষ্ঠীৰ উন্নয়নৰ বাবে ২৭ বছৰৰ ব্যৱধানত তিনিখনকৈ চুক্তি
নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ বড়ো জনগোষ্ঠীৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ভাষিক সুৰক্ষা আৰু উন্নয়নৰ বাবে যোৱা তিনিটা দশকৰ ভিতৰত সম্পাদিত হ’ল তিনিখনকৈ ঐতিহাসিক চুক্তি৷
১৯৯৩ চনৰ ২০ ফেব্রুৱাৰীত বি এ চি চুক্তি সম্পাদিত হোৱাৰ ১০ বছৰ পাছত ২০০৩ৰ ১০ ফেব্রুৱাৰীত বিটিচি চুক্তি সম্পাদিত হয়৷
সোমবাৰে নতুনকৈ বি টি আৰ চুক্তি সম্পাদিত হয়৷ ইয়াৰ লগে লগে বড়ো জনগোষ্ঠীৰ উন্নয়নৰ বাবে ২৭ বছৰৰ ব্যৱধানত মুঠ তিনিখন চুক্তি সম্পাদিত হয়৷
উল্লেখ্য যে বিভিন্ন কাৰণত বঞ্চনাৰ অভিযোগ তুলি বড়ো জনগোষ্ঠীয়ে সময়ে সময়ে অসমৰ পৰা পৃথক হোৱাৰ দাবী উত্থাপন কৰি আহিছে৷ সত্তৰৰ দশকতে ১৯৬৭ৰ ২৭ ফেব্রুৱাৰীত সেই সময়ৰ প্লেইন ট্রাইবেল কাউন্সিল অৱ আছাম, চমুকৈ পিটিচিএই বড়ো বসতিপ্রধান অঞ্চলক উদয়াচল নামেৰে কেন্দ্রীয়শাসিত অঞ্চল গঠনৰ দাবী উত্থাপন কৰে৷ অৱশ্যে পৰৱর্তী পর্যায়ত পিটিচিএৰ লগতে এবছুৱে ছবছৰীয়া অসম আন্দোলনত জড়িত হৈ পৰাত সেই দাবী ক্রমাৎ স্তিমিত হৈ আহে৷ ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰৰ কিছুদিন পাছৰে পৰাই বড়ো জনগোষ্ঠীৰ মাজত পুনৰ অসম বিভাজনৰ বিষয়টোৱে বিশেষভাৱে চর্চা লাভ কৰে৷ মূলতঃ অসম আন্দোলনত ওতপ্রোতভাৱে জড়িত হোৱাৰ পাছতো আন্দোলনৰ ফলত গঠিত অসম গণ পৰিষদ দল আৰু চৰকাৰে জনগোষ্ঠীটোক অৱহেলা কৰা বুলি অনুভৱ কৰিয়েই ১৯৮৭ চনৰ ২ মার্চত তেতিয়াৰ এবছুৰ সভাপতি প্রয়াত উপেন্দ্রনাথ ব্রহ্মৰ নেতৃত্বত পৃথক বড়োলেণ্ডৰ দাবী উত্থাপন হয়৷ পৰৱর্তী পর্যায়ত এবছু আৰু বড়ো পিপলছ একচন কমিটী, চমুকৈ বি পি এ চিৰ নেতৃত্বত আন্দোলনে তীব্র ৰূপ ধাৰণ কৰে৷ ইয়াৰ মাজতেই প্রয়াত বড়ো নেতা প্রেমসিং ব্রহ্মৰ নেতৃত্বত গঠন হয় বড়ো ভলেণ্টিয়াৰ ফ’চ নামৰ এক সশস্ত্র সংগঠন৷ হিংসাৰ দাবানলত জ্বলি উঠে সমগ্র ৰাজ্য৷ অৱশেষত ১৯৯৩ৰ ২০ ফেব্রুৱাৰীত কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিশেষ তৎপৰতাত বড়ো জনগোষ্ঠীক স্বায়ত্তশাসন প্রদানৰ বাবে এখন চুক্তি কৰা হয়৷ সেই অনুসৰি প্রথমবাৰৰ বাবে বড়ো জনগোষ্ঠীক স্বায়ত্তশাসন প্রদান কৰা হয়৷ বি এ চি (বড়ো স্বায়ত্তশাসিত পৰিষদ) গঠনৰ জৰিয়তে জনগোষ্ঠীটোক স্বায়ত্তশাসন প্রদান কৰে৷ সেই সময়ৰ এবছুৰ সভাপতি চাঞ্চুমা খুংগুৰ বিছমুতিয়াৰীক মুখ্য কার্যবাহী সদস্য আৰু প্রেমসিং ব্রহ্মক উপ–মুখ্য কার্যবাহী সদস্য হিচাপে লৈ বি এ চিখন গঠন কৰা হয়৷ পৰৱর্তী পর্যায়ত ক্ষমতাকেন্দ্রিক সংঘাত তথা লবী ৰাজনীতিত বিছমুতিয়াৰী পৰিষদখনৰ দায়িত্বৰ পৰা আঁতৰিব লগাত পৰে৷ কিন্তু বড়ো জনগোষ্ঠীয়ে আশা কৰাৰ দৰেই বি এ চিয়ে তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰিব নোৱাৰাত পুনৰ পৃথক বড়োলেণ্ডৰ দাবীত ৰাজ্য উত্তাল হৈ পৰে৷ ১৯৯৫ চনত হাগ্রামা মহিলাৰী, চন্দন ব্রহ্ম, খাম্ফা বৰগয়াৰী আদিৰ নেতৃত্বত গঠন হয় বি এল টি৷ ৰাজ্যত আৰম্ভ হয় পুনৰ হিংসাত্মক ঘটনা৷ ২০০০ চনৰ পৰা প্রায় তিনি বছৰ ধৰি চলা আলোচনাৰ অন্তত ২০০৩ চনৰ ১০ ফেব্রুৱাৰীত স্বাক্ষৰিত হয় বিটিচি চুক্তি৷ হাগ্রামা মহিলাৰীৰ নেতৃত্বত বর্তমানলৈকে বিটিচিৰ শাসন অব্যাহত আছে৷ পিছে বিটিচিৰ শাসন চলিলেও এন ডি এফ বি, এবছু আদিয়ে সময়ে সময়ে পৃথক বড়োলেণ্ডৰ দাবী উত্থাপন কৰি আহিছে৷ আনকি বিগত সময়ছোৱাত এন ডি এফ বিয়ে ৰাজ্যখনত বহুকেইটা নৰসংহাৰৰ ঘটনা সংঘটিত কৰে৷ বি টি এ ডিৰ লগতে ৰাজ্যখনত স্থায়ী শান্তি ওভতাই অনাৰ স্বার্থত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে এন ডি এফ বিৰ সৈতে আলোচনা কৰাৰ বাবে প্রচেষ্টা অব্যাহত ৰাখে৷ চৰকাৰৰ অহৰহ এনে প্রচেষ্টাৰ পৰিপ্রেক্ষিতত যোৱা বছৰলৈকে এন ডি এফ বি তিনিটাকৈ বিভাজিত ক্রমে গোবিন্দ বসুমতাৰী, ধীৰেন বড়ো, ৰঞ্জন দৈমাৰী গোট শান্তি আলোচনা প্রক্রিয়াত চামিল হয়৷ চলিত বছৰৰ আৰম্ভণিতে এন ডি এফ বিৰ আনটো গোট বি চাওৰাইগৌৰাও শান্তি আলোচনাত চামিল হয়৷ ইয়াৰ পৰিণতিতে আজি তৃতীয়খন শান্তি চুক্তি সম্পাদিত হয়৷
কালি সম্পাদিত এই শান্তি চুক্তিয়ে বড়োভূমিত শান্তি স্থাপন আৰু উন্নয়নৰ বাবে অন্তিমখন চুক্তি হয় নে অনাগত দিনত চৰকাৰে পুনৰ অঞ্চলটোত আন কাৰো সৈতে আলোচনাত মিলিত হৈ পুনৰ চুক্তি কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়, সেয়া সময়তহে ক’ব পৰা যাব৷