নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা ৭ ফেব্রুৱাৰীত কোকৰাঝাৰত বিজয় উৎসৱঃ প্রধানমন্ত্রী–কেন্দ্রীয় গৃহমন্ত্রীক আমন্ত্রণ

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ এন ডি এফ বি–এবছুৰে শান্তি চুক্তি সম্পাদিত হোৱাৰ পাছত অহা ৭ ফেব্রুৱাৰীত কোকৰাঝাৰত অনুষ্ঠিত হ’ব বিজয় উৎসৱ৷ এবছু–এন ডি এফ বি–বি পি এফৰ লগতে বড়ো জনগোষ্ঠীৰ বিভিন্ন সংগঠনে আয়োজন কৰিছে এই বিজয় উৎসৱৰ৷ বিজয় উৎসৱত অংশগ্রহণ কৰিবৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকো আমন্ত্রণ জনোৱা হৈছে৷

সোমবাৰে নতুন দিল্লীত চুক্তি সম্পাদিত হোৱাৰ পাছতেই বড়ো সংগঠনৰ নেতৃবৃন্দই সেই বিজয় উৎসৱ উদ্যাপনৰ সিদ্ধান্ত গ্রহণ কৰি প্রধানমন্ত্রী মোদীৰ লগতে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহক আমন্ত্রণ জনায়৷

এই সম্পর্কত ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জানিবলৈ দিয়া মতে, প্রধানমন্ত্রী মোদী আৰু গৃহমন্ত্রী শ্বাহ উক্ত বিজয় উৎসৱত অংশগ্রহণ কৰাৰ ৯০ শতাংশই সম্ভাৱনা আছে৷

আনহাতে, শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ পাছতেই এন ডি এফ বিয়ে অহা ৩০ জানুৱাৰীত অস্ত্র সম্বৰণ কৰিব বুলি এন ডি এফ বিৰ এক সূত্রই জানিবলৈ দিয়ে৷ ইয়াৰ পাছতে তেওঁলোকে বিজয় উৎসৱ উদযাপন কৰিব৷

You might also like