ধুবুৰীত অত্যাধুনিক জাবৰ নিষ্কাশন যন্ত্ৰ আজিলৈ ন’হল কাৰ্যক্ষম
নিয়মীয়া বাৰ্তা, ১৫ জুনঃ প্ৰায় এবছৰ পূৰ্বে চৰকাৰে প্ৰদান কৰা জাবৰ নিষ্কাশনৰ অত্যাধুনিক সেই যন্ত্ৰ আজিলৈ ধুবুৰী পৌৰসভাই কাৰ্য্যক্ষম নকৰাক কাৰণক লৈ উত্থাপিত হোৱা গৈছে প্ৰশ্নৰ। জানিব পৰা মতে, ধুবুৰী চহৰৰ মাজমজিয়াৰ ‘‘চিলড্ৰেন পাৰ্ক’’ৰ একাষে ৰ’দ–বৰষুণত পৰি আছে কেইবালাখ টকীয়া সেই যন্ত্ৰটো। উল্লেখ্য যে আজি ধুবুৰী চহৰৰ বিভিন্ন অঞ্চলৰ জাবৰ–জোঁথৰ লৈ তিনিখনকৈ পৌৰসভাৰ জাবৰ কঢ়িওৱা বাহন দীৰ্ঘসময় ধৰি চহৰখনৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত ৰৈ থকাৰ কাৰণ বিচাৰি স্থানীয় একাংশ সাংবাদিকৰ এটি দলে চলোৱা অনুসন্ধানত উন্মোচিত হৈছে এক চমকপ্ৰদ তথ্য। জাবৰ–জোঁথৰ লৈ বাহন কেইখন ৰৈ থকাৰ কাৰণ সন্দৰ্ভত কৰা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত পৌৰসভাৰ এগৰাকী কৰ্মচাৰীয়ে জেচিবি আহিলে সেইকেইখনে পাণবাৰীলৈ গৈ জাবৰখিনি পেলাব বুলি উল্লেখ কৰে। উল্লেখ্য যে ধুবুৰীৰ পৰা পাণবাৰীৰ দূৰত্ব হ’ল ২১ কিলোমিটাৰ। ফলত স্বাভাৱিকভাৱেই ধুবুৰী পৌৰসভাৰ অত্যাধ্যুনিক জাবৰ নিষ্কাশনৰ যন্ত্ৰটো কাৰ্য্যক্ষম নকৰি ২১ কিলোমিটাৰ দূৰৰ ঠাই এখনত জাবৰ পেলাবলৈ ব্যৱহাৰ কৰা বাহনকেইখনৰ ইন্ধন বাবদ ধন ব্যায় কৰি থকাৰ যুক্তি ক’ত বুলি জন্ম দিছে এক প্ৰশ্নৰ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী