নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’লেৰে যুদ্ধভূমি ইউক্ৰেইনলৈ ইউৰোপৰ ৰাষ্ট্ৰনেতা

বিশেষ বাৰ্তা, ১৬ জুন: ৰাছিয়াক একতা দেখুৱাবলৈ আৰু ইউক্ৰেইনক সমৰ্থন দিবলৈ ইউৰোপ আৰু আমেৰিকা একগোট হৈছে। আমেৰিকাই ইউক্ৰেইনক ১ বিলিয়ন ডলাৰৰ অস্ত্ৰ অনুদানৰ কথা ঘোষণা কৰাৰ পাছতে যুদ্ধবিধ্বস্ত দেশখনলৈ যাবলৈ ওলাইছে ইউৰোপীয় ৰাষ্ট্ৰ নেতাসকল। বৃহস্পতিবাৰে কিয়েভলৈ ফ্ৰান্স, ইটালী আৰু জাৰ্মানীৰ ৰাষ্ট্ৰনেতাসকল ৰে’লৰে ৰাওনা হৈছে। ফ্ৰানমসৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেকৰণ, জাৰ্মানীৰ চেঞ্চেলৰ অলাফ স্কুলজ আৰু ইটালীৰ প্ৰধানমন্ত্ৰী মেৰিঅ’ ড্ৰেঘীয়ে আজি পুৱা পোলেণ্ডৰ পৰা যুদ্ধভূমিলৈ ৰাওনা হৈছে।

You might also like