ডিফুত কাৰ্বি স্বায়ত্ত পৰিষদৰ নিৰ্বাচিত সদস্যক সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ১৬ জুনঃ অলপতে অনুষ্ঠিত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ ফলাফলত বিজেপিয়ে পুনৰ শাসন লাভ কৰে। সেই হেতু নৱনিৰ্বাচিত সদস্যসকলৰ এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ডিফুত। সেই অনুষ্ঠানতে কাৰ্বি পৰিষদৰ নৱনিৰ্বাচিত ২৬জন সদস্যক সম্বৰ্ধনা জ্ঞাপন কৰে, যত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আদিয়ে অংশগ্ৰহণ কৰে।
প্ৰেৰক অমূল্য গোস্বামী